09/03/2023

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম (79 Short Question and Answer) for Class 10 / HSLC Exam

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

১। সত্যাগ্ৰহৰ ভিত্তি কি আছিল?

উত্তৰঃ অহিংসা।

২। কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্রথমে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ সত্যাগ্রহ।

৩। ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল?

উত্তৰঃ ৰুচ বিপ্লৱ।

৪। সীমান্ত গান্ধী হিচাপে কাক জনা যায়?

উত্তৰঃ খান আব্দুল খফুৰ খাঁ।

৫। গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল?

উত্তৰঃ ভাৰত ত্যাগ।

৬। সবৰমতী আশ্ৰম ক'ত অৱস্থিত?

উত্তৰঃ গুজৰাটত।

৭। মহাত্মা গান্ধীয়ে কেতিয়া ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল?

উত্তৰঃ ১৮৯১ চনত।

৮। জালিৱানৱালাবাগ ক'ত অৱস্থিত?

উত্তৰঃ পঞ্জাৱত।

৯। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী কোন আছিল?

উত্তৰঃ প্রধানমন্ত্ৰী ডিজৰেলী।

১০। গান্ধীৰ দাণ্ডিযাত্ৰা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত।

১১। গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান কি আছিল?

উত্তৰঃ পঞ্চায়ত।

১২। অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন কোন আছিল?

উত্তৰঃ মহাত্মা গান্ধী।

১৩। দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্রিক শাসকগোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱা কোনখিনি আছিল?

উত্তৰঃ ১৮৯৩-১৯১৪।

১৪। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩১ চনত।

১৫। মুছলিম লীগে ‘মুক্তি দিৱস’ কেতিয়া পালন কৰে?

উত্তৰঃ ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

১৬। “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম” উক্ত কথাফাঁকি কাৰ?

উত্তৰঃ সুভাষ চন্দ্র বসু।

১৭। “দিল্লী চলো” আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন কোন?

উত্তৰঃ আচার্য বিনোৱা ভাবে।

১৮। ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিৱানৱালাৰাগৰ হত্যাকাণ্ডত কিমান জন ব্যক্তি থিতাতে নিহত হৈছিল?

উত্তৰঃ ৩৭৯ জন।

১৯। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰঃ ৰামজে মেকডোনাল্ড।

২০। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল?

উত্তৰঃ জুলাই, ১৯৪৭

২১। আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ জাপানত।

২২। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন গৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে?

উত্তৰঃ মহাত্মা গান্ধীৰ।

২৩। চম্পাৰণ সত্যাগ্রহ কোন চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

২৪। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

২৫। কোন চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

২৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল?

উত্তৰঃ ‘জয় হিন্দ’।

২৭। কোন চনত ভাৰতবৰ্ষত খিলাফৎ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

২৮। খিলাফৎ আন্দোলনৰ দুগৰাকী নেতাৰ নাম লিখা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু চৌকত আলি।

২৯। কোন চনত ব্ৰিটিছ সংসদে ছাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল?

উত্তৰঃ ১৯২৭ চনত।

৩০। কোন দুটা ৰাজনৈতিক দলে ভাৰত ত্যাগ অন্দোলন প্ৰস্তাৱ নাকচ কৰে?

উত্তৰঃ কমিউনিষ্ট দল, মুছলিম লীগ।

৩১। বাল গংগাধৰ তিলকৰ মৃত্যুৰ দিনটোত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰঃ অসহযোগ আন্দোলন।

৩২। কোনে ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ গঢ়ি তুলিছিল?

উত্তৰঃ ৰাস বিহাৰী বসুৱে৷

৩৩। স্বতন্ত্র লীগৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪১ চনৰ মাৰ্চ মাহত টকিঅ’ত।

৩৪। স্বাধীন ভাৰতৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন?

উত্তৰঃ লর্ড মাউণ্টবেটেন।

৩৫। পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ মহম্মদ আলি জিন্না।

৩৬। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে।

৩৭। “গান্ধী আউইন চুক্তি”ৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ কংগ্ৰেছক ঘূৰণীয়া মেজমেলৰ অংশীদাৰ কৰা।

৩৮। মিত্র শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰঃ ইংলেণ্ড।

৩৯। কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯২০ চনৰ ১ আগষ্টত।

৪০। কিমান তাৰিখে উত্তৰপ্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই পুৰি পেলাইছিল?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।

৪১। কিমান চনত গান্ধীয়ে বৰদলীৰ পৰা অসহযোগ আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত আন্দোলন স্থগিত কৰিছিল?

উত্তৰঃ ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে।

৪২। ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে।

৪৩। আইন অমান্য আন্দোলন অনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ মাৰ্চ মাহৰ পৰা।

৪৪। কিমান চনত দেশৰ বাবে পূর্ণ স্বাধীনতাৰ বাবে প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল?

উত্তৰঃ ১৯২৯ চনৰ ডিচেম্বৰ মাহত লাহোৰত।

৪৫। কোনে কিমান চনত সৰমতী আশ্রম পাতিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯১৫ চনত গুজৰাটত সবমতী আশ্ৰম পাতিছিল৷

৪৬। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ নৱেম্বৰৰ পৰা ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল।
           এই মেজমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে সভাপতিত্বত কৰিছিল।

৪৭। কিমান তাৰিখে গান্ধী-আউইন চুক্তিখন স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে।

৪৮। কাৰ সভাপতিত্বত বহা কোনখন কংগ্ৰেছ সভাই গান্ধী আৰউন চুক্তিৰ প্রতি অনুমোদন জনাইছিল?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেলৰ সভাপতিত্বত কৰাছীত অনুষ্ঠিত কংগ্ৰেছে (২৯ মার্চ, ১৯৩১ চনত)।

৪৯। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি কোন আছিল?

উত্তৰঃ ১৯৩১ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল।
       এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি আছিল মহাত্মা গান্ধী।

৫০। কাক নঙঠা ফকীৰ হিচাপে জনা যায়?

উত্তৰঃ মহাত্মা গান্ধীক।

৫১। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল?

উত্তৰঃ বনুৱা দলৰ।

৫২। কিমান চনত ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষত উপনীত হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ২৩ মার্চ তাৰিখে।

৫৩। কিমান চনত ভাৰত ত্যাগ আন্দোলনৰ অন্ত পৰে?

উত্তৰঃ ১৯৪৪ চনত।

৫৪। আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্তেইন সোহান সিং পূর্বতে কি আছিল?

উত্তৰঃ ব্ৰিটিছ-ভাৰত সেনাবাহিনীৰ এজন কেপ্টেইন আছিল।

৫৫। কোনে সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰিছিল?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ সৈনিক সকলে।

৫৬। কিমান চনৰ পৰা সুভাষচন্দ্ৰ বসু নিখোজ হয়?

উত্তৰঃ ১৯৪৫ চনৰ পৰা।

৫৭। ব্ৰিটিছ প্রধানমন্ত্ৰী চি. আৰ. এটলীয়েকাৰ নেতৃত্বত ভাৰতবৰ্ষলৈ মন্ত্ৰীদূত পঠিয়ায়?

উত্তৰঃ ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী পেথিক লৰেঞ্চৰ নেতৃত্বত।

৫৮। কিমান চনত আৰু ক’ত নৌ-বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত, বোম্বেত।

৫৯। কলিকতাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত অসমৰ কোনজন কবিৰ মৃত্যু হৈছিল?

উত্তৰঃ অমূল্য বৰুৱা।

৬০। মন্ত্রীদূতে প্রস্তুত কৰা আঁচনি অনুযায়ী ভাৰতৰ সংবিধান সভাৰ সদস্য সংখ্যা কিমান হোৱাৰ পোষকতা কৰিছিল?

উত্তৰঃ ১৪ জনীয়া।

৬১। কোন দিনা মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশতে প্রত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে?

উত্তৰঃ ১৬ আগষ্টৰ দিনটো।

৬২। বাংলাদেশ পাকিস্তানৰ পৰা কেতিয়া স্বাধীন হয়?

উত্তৰঃ ১৯৭১ চনৰ মাৰ্চ মাহত।

৬৩। অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?

উত্তৰঃ অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে ৰালফ্ অডো ইমাৰ্চন থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। 

৬৪। অহিংসা নীতি কাক বোলে?

উত্তৰঃ হিংসাৰ বিৰুদ্ধে প্রতিশোধমূলক মনোভাৱৰ সৃষ্টি নকৰি শান্তিপূর্ণভাৱে কোনো সমস্যা সমাধান কৰা প্ৰচেষ্টাকে অহিংসা নীতি বুলি কোৱা হয়।

৬৫। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল লিখা।

উত্তৰঃ ৰাওলাট আইন, জালিৱানৱালাবাগৰ নৰহত্যা, তুৰষ্কৰ সমস্যা।

৬৬। মাহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন কোন আছিল?

উত্তৰঃ গোপাল কৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰ নাথ বেনাৰ্জী।

৬৭। গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ গান্ধী আৰউইন চুক্তি ১৯৩২ চনত ২৫ জানুৱাৰীত হৈছিল৷ ইয়াৰ মূল উদ্দেশ্য কংগ্ৰেছ দলক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰোৱা।

৬৮। ক’ত কেতিয়া কাৰ সভাপতিত্বত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩২ চনত লণ্ডনত। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেক ডোনাল্ডৰ সভাপতিত্বত।

৬৯। দুগৰাকী খিলাফৎ আন্দোলনৰ নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু চৌকত আলী।

৭০। গ্ৰাম্য স্বৰাজৰ অৰ্থ কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ গ্ৰাম্য স্বৰাজৰ অৰ্থ হ’ল পূৰ্ণ স্বাধীনতা। ইয়াক মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল।

৭১। মহাত্মা গান্ধীৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰত আৰু মৃত্যু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।

৭২। গান্ধী আৰউইন চুক্তিৰ চৰ্ত দুটা কি কি?

উত্তৰঃ (ক) মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিব।

(খ) ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী সকলক মুক্তি কৰি দিব।

৭৩। মুছলমান সকলৰ বাবে কোনে কেতিয়া সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰিছিল?

উত্তৰঃ ১৯৪০ চনৰ মাৰ্চ মাহত মুছলিম লীগৰ লাহোৰ অধিৱেশনত মহম্মদ জীন্নাই উত্থাপন কৰিছিল। 

৭৪। চাৰ ষ্টাফৰ্ড ক্ৰীপচৰ প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া দুটা উল্লেখ কৰা।

উত্তৰঃ (ক) ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত।

(খ) মহাত্মা গান্ধী আৰু তেওঁৰ নেতাসকলক মুকলি কৰি দিয়া।

৭৫। কোন দুটা আন্দোলন অহিংসাৰ ভেটিত প্ৰতিষ্ঠা কৰি গান্ধীজীয়ে স্বাধীনতা আন্দোলনত নতুন যুগৰ সূচনা কৰিছিল?

উত্তৰঃ অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলন।

৭৬। স্বৰাজ দল গঠন কৰা কেইজনমান নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, আজমল খাঁ।

৭৭। কোন দুটা কাৰণত কংগ্ৰেছ আৰু মুছলিম লীগে ক্ৰীপছ মিছনৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰিছিল।

উত্তৰঃ (ক) ভাৰতক অতি সোনকালে স্বাধীনতা দিয়াৰ কোনো কথা উল্লেখ নথকা।

(খ) স্বাধীন মুছলিম প্রধান সাম্ৰাজ্যৰ ব্যৱস্থা নথকা।

৭৮। ১৯৩০ আৰু ১৯৩২ চনৰ ভিতৰত লণ্ডনত ঘূৰণীয়া মেজমেলৰ কেইখন অধিৱেশন বহিছিল?

উত্তৰঃ তিনিখন।

৭৯। আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰা।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...