28/10/2021

অসমীয়া ৬০০টা প্ৰশ্ন-উত্তৰ

অসমীয়া ৬০০টা প্ৰশ্ন-উত্তৰ

(১) লোক-সাহিত্য মূলতঃ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি প্ৰকাৰ ।

(২) সাধুকথা কোন শ্ৰেণীৰ সাহিত্য ?

উত্তৰ- লোক-সাহিত্য।

(৩) লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি।

(৪) বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?

উত্তৰ- অনুষ্ঠানমূলক লোকগীতৰ।

(৫) বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয় ?

উত্তৰ- ত্ৰিপদী ছন্দত।

(৬) কামৰূপত যোৰা নামক কি বুলি কোৱা হয় ?
উত্তৰ- খিচাগীত।

(৭) আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয় ?
উত্তৰ- বেলাড।

(৮) 'বেলাড' শব্দৰ অসমীয়া প্ৰতিশব্দ কি ?
উত্তৰ- মালিতা।

(৯) মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?
উত্তৰ- আখ্যানমূলক বা বেলাড বা মালিতা শ্রেণীৰ।

(১০) আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ- তিনিটা।

(১১) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সর্বপ্রাচীন গীতটো কি ?
উত্তৰ- নাহৰৰ গীত।

(১২) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত অতি অৰ্বাচীন গীতটো কি ?
উত্তৰ- মণিৰাম দেৱান।

(১৩) জনাগাভৰুৰ গীতৰ নায়ক কোন ?
উত্তৰ- গোপীচন কোঁৱৰ।

(১৪) জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
উত্তৰ- লোকগীত।

(১৫) জিকিৰ শব্দৰ অৰ্থ কি ?
উত্তৰ- আল্লাৰ নাম স্মৰণ কৰা।

(১৬) হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?
উত্তৰ- অসমীয়া সাহিত্যৰ প্রাচীনতম কালটোক।

(১৭) 'Folk Literature of Assam' আৰু 'অসমীয়া জনসাহিত্য' শীর্ষক গ্ৰন্থ দুখনৰ লেখক কোন ?
উত্তৰ- ড০ প্ৰফুল্ল দত্ত গোস্বামী।

(১৮) 'আকুল পথিক' গ্রন্থখনৰ লেখক কোন ?
উত্তৰ- ডিম্বেশ্বৰ নেওগ।

(১৯) 'অসমীয়া লোকগীত' গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- ড০ লীলা গগৈৰ।

(২০) 'অসমীয়া সাহিত্যৰ চানেকি' গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীৰ।

(২১) 'অখ্যাত কবিৰ বিখ্যাত ৰচনা' বুলি কোনবিধ সাহিত্যক কোৱা হয় ?
উত্তৰ- লোক-সাহিত্যক।

(২২) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয় ?
উত্তৰ- চর্যাপদক।

(২৩) চর্যাপদসমূহ কাৰ ৰচনা ?
উত্তৰ- সহজীয়া বৌদ্ধ সিদ্ধাচার্যসকলৰ।

(২৪) চর্যাপদসমূহ কোনে, কিমান চনত সংগ্ৰহ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯০৭ চনত।

(২৫) হৰপ্ৰসাদ শাস্ত্ৰীয়ে 'চর্যাপদ' বা বৌদ্ধগানসমূহ ক'ৰ পৰা সংগ্ৰহ কৰি আনিছিল ?
উত্তৰ- নেপালৰ ৰাজদৰবাৰ গ্রন্থালয়ৰ পৰা।

(২৬) চর্যাপদসমূহ 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা' এই নামেৰে কোনে, কিমান চনত প্রকাশ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯২৬ চনত।

(২৭) 'চর্যাচর্য বিনিশ্চয়' নামটো কোনে দিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে।

(২৮) চর্যাপদৰ মূল পুথিখনৰ নাম কি? নাইবা, 'চর্যাচর্য বিনিশ্চয়'ৰ আচল নাম কি ?
উত্তৰ- চর্যাগীতিকোষ।

(২৯) 'চর্যাচর্য বিনিশ্চয়'ত কিমানটা পূর্ণগীত পোৱা যায় ?
উত্তৰ- ৪৬ টা।

(৩০) 'চর্যাচর্য বিনিশ্চয়'ত কিমানটা খণ্ডিত গীত পোৱা যায় ?
উত্তৰ- এটা।
                                       
(৩১) 'চর্যাচর্য বিনিশ্চয়'ত কিমানজন সিদ্ধাচার্যৰ গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ২৪ জন।

(৩২) কোনখন গ্ৰন্থৰ আধাৰত সৰহপাদক কামৰূপৰ ৰাজ্ঞী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় ?
উত্তৰ- Pag Sam Jon Zen.

(৩৩) বৌদ্ধগান আৰু দোহাসমূহ কোন পন্থাৰ ধৰ্ম সাধনৰ গীত ?
উত্তৰ- সহজযান পন্থাৰ।

(৩৪) চর্যাগীতৰ ভাষা কি ?
উত্তৰ- সন্ধ্যা ভাষা।

(৩৫) সন্ধ্যাৰ আধা আলো আধা ছাঁয়াৰ ৰহস্যঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয় ?
উত্তৰ- চর্যাপদক।

(৩৬) কাৰ চর্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে ?
উত্তৰ: ভূ-সূকৰ চর্যাত।

(৩৭) কোনটো চর্যাত দবা খেলৰ উল্লেখ আছে ?
উত্তৰ- ২ নং চর্যাত।

(৩৮) কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বর্ণনা আছে ?
উত্তৰ- ১৯ নং চৰ্যাত।

(৩৯) কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?
উত্তৰ- ৪৮ নং চর্যাত।

(৪০) চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অঙ্কিত ?
উত্তৰ- নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ।

(৪১) চর্য্যাপদ-(১) "কাআ তৰুবৰ পঞ্চ বি ডাল" শীর্ষক গীতটি কাৰ ৰচনা? গীতটিৰ ৰাগ কি ?
উত্তৰ- লুইপাদ, ৰাগ-পটমঞ্জৰী।

(৪২) চৰ্যাপদবোৰ কি ছন্দত ৰচিত ?
উত্তৰ- মাত্ৰাবৃত্ত ছন্দত।

(৪৩) অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?
উত্তৰ- বঙলা, মৈথিলী, উড়িয়া।

(৪৪) দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চর্যাকাৰজন কোন আছিল ?
উত্তৰ- সৰহপাদ।

(৪৫) 'চর্যাচর্য বিনিশ্চয়'ৰ টীকাকাৰ কোন আছিল ?
উত্তৰ- মুনিদত্ত।

(৪৬) লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?
উত্তৰ: ডাকৰ বচন।

(৪৭) মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?
উত্তৰ- প্ৰাক্ শংকৰী যুগত।

(৪৮) প্রাক্ শংকৰী যুগৰ (চতুর্দশ শতিকাৰ) কবি কেইজনৰ নাম লিখা। 
উত্তৰ- হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী।

(৪৯) হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুৰ্লভ নাৰায়ণৰ।

(৫০) 'প্ৰহ্লাদ চৰিত্র' আৰু 'হৰগৌৰী-সংবাদ' কোনে ৰচনা কৰিছিল ?
উত্তৰ- হেম সৰস্বতীয়ে।

(৫১) নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি ?
উত্তৰ- 'প্রহ্লাদ চৰিত্ৰ'।

(৫২) হেম সৰস্বতীয়ে ক'ৰ পৰা 'প্রহ্লাদ চৰিত্ৰ'ৰ ঘটনা লৈছিল?
উত্তৰ- 'বামন-পুৰাণ'ৰ পৰা।

(৫৩) হেম সৰস্বতীৰ 'প্রহ্লাদ চৰিত্ৰ'ত কিমানটা পদ আছে ?
উত্তৰ- এশটা।

(৫৪) 'প্রহ্লাদ চৰিত্ৰ'খন প্রথমে কোনে, কেতিয়া সম্পাদনা কৰি উলিয়ায় ?
উত্তৰ- কালিৰাম মেধিয়ে, ১৯১৩ চনত।

(৫৫) হেম সৰস্বতীৰ 'হৰগৌৰী-সংবাদ' কিমানটা পদত ৰচিত ?
উত্তৰ- ৮৯৯ টা।

(৫৬) কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ।

(৫৭) মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ সপ্তম উপৰিপুৰুষজনৰ নাম কি ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৫৮) মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তর্গত কাব্যখনৰ নাম কি ?
উত্তৰ- 'জয়দ্রথ বধ'।

(৫৯) 'কৈলাশ বৰ্ণনা' অংশটি কোনখন কাব্যৰ অন্তর্গত ?
উত্তৰ- 'জয়দ্রথ বধ'।

(৬০) 'জয়দ্রথ বধ' কাব্যখনৰ ৰচক কোন ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৬১) ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- শ্ৰীমন্ত তাম্ৰধ্বজৰ।

(৬২) 'সাত্যকি প্ৰৱেশ' কাব্যৰ ৰচক কোন?
উত্তৰ- ৰুদ্ৰ কন্দলী।

(৬৩) কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি সকলৰ ভিতৰত সর্বশ্রেষ্ঠ কবি কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৪) হৰিবৰ বিপ্রই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ।

(৬৫) 'বব্রুবাহনৰ যুদ্ধ', 'লৱ-কুশৰ যুদ্ধ' আৰু 'তাম্ৰধ্বজৰ যুদ্ধ' কোনে ৰচনা কৰিছিল ?
উত্ত- হৰিবৰ বিপ্রই।

(৬৬) 'বব্রুবাহনৰ যুদ্ধ' আৰু 'লৱ-কুশৰ যুদ্ধ' কাব্য দুখনৰ মূল কি ?
উত্তৰ- 'জৈমিনি অশ্বমেধ'।

(৬৭) মহাভাৰতৰ 'অশ্বমেধ' পর্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৮) অসমীয়া সাহিত্যৰ প্রথম গৰাকী বীৰ কাব্য ৰচক কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৯) প্রাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি ?
উত্তৰ- মাধৱ কন্দলী।

(৭০) মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭১) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭২) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত 'ৰামায়ণ' ৰচনা কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭৩) মাধৱ কন্দলীয়ে জন সমাজত কি বুলি খ্যাতি লাভ কৰিছিল ?
উত্তৰ- 'কবিৰাজ কন্দলী'।

(৭৪) 'কবিৰাজ কন্দলী' হিচাপে জনাজাত কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৭৫) মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল ?
উত্তৰ- 'লম্ভা পৰিহৰি সাৰোদ্ধৃতে'।

(৭৬) মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণ খনৰ নাম কি ?
উত্তৰ- 'সপ্তকাণ্ড ৰামায়ণ'।

(৭৭) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উত্তৰ- পাঁচটা।

(৭৮) মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল ?
উত্তৰ- মাধৱচন্দ্র বৰদলৈয়ে।

(৭৯) নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮০) মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল ?
উত্তৰ- 'দেৱজিৎ'।

(৮১) 'অপ্রমাদী কবি' কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮২) মাধৱ কন্দলীক 'অপ্রমাদী কবি' বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(৮৩) মাধৱ কন্দলীক 'অসমীয়া ছচাৰ' বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীয়ে।

(৮৪) 'শ্রীকৃষ্ণ-কীর্তন'ৰ কবি কোন ?
উত্তৰ- বড়ু চণ্ডীদাস।

(৮৫) 'শ্রীকৃষ্ণ-কীর্তন'ৰ ৰচনা কাল কিমান ?
উত্তৰ- চতুর্দশ শতিকা।

(৮৬) 'শ্রীকৃষ্ণ-কীর্তন'ৰ উদ্ধাৰকর্তা আৰু প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ- বসন্তৰঞ্জন ৰায় বিদ্ধত বল্লভ।

(৮৭) "শ্ৰীকৃষ্ণ-কীর্তনৰ পাতে পাতে কিমান যে ভুল-ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে সেইটো দেখি শিক্ষিত বঙালী মাত্ৰেই লজ্জিত আৰু মৰ্মাহত হ'ব" বুলি কোনে মন্তব্য কৰিছিল ?
উত্তৰ- ড০ অমিত্রসূদন ভট্টাচাৰ্যই।

(৮৮) "উপভাষাবোৰ স্বতন্ত্ৰ-বিকাশৰ যাত্ৰা আৰম্ভ হোৱা নাই, কিন্তু সুস্পষ্ট ৰূপে নিৰ্দ্ধাৰিত হৈছে। এনেকুৱা উপভাষা কিছুমানৰ সানমিহলি ৰূপ এটা কৃষ্ণ-কীর্তনৰ ভাষাই দাঙি ধৰে।" কথাষাৰ কোনে কৈছিল ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(৮৯) 'গীতগোবিন্দ' কাব্যৰ ৰচক কোন ?
উত্তৰ- জয়দেৱ।

(৯০) 'শ্ৰীকৃষ্ণ-কীর্তন'ত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায় ?
উত্তৰ- 'গীতগোবিন্দ'।

(৯১) 'শ্রীকৃষ্ণ-কীর্তন' কেইটা খণ্ডত বিভক্ত ?
উত্তৰ- ১৩ টা।

(৯২) 'শ্ৰীকৃষ্ণ-কীর্তন'ত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান ?
উত্তৰ- ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ।

(৯৩) কোন গৰাকী ব্যক্তিয়ে 'শ্ৰীকৃষ্ণ-কীর্তন'ৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মুৰিয়লিৰ বস্তু বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ- মহেশ্বৰ নেওগে।

(৯৪) 'শূন্যপুৰাণ' কোনে ৰচনা কৰিছিল ?
উত্তৰ- ৰামাই পণ্ডিতে।

(৯৫) 'শূন্যপুৰাণ' গ্রন্থখনত কোন দেৱতাৰ উল্লেখ আছে ?
উত্তৰ- ধর্মদেৱতাৰ।

(৯৬) 'শূন্যপুৰাণ'ৰ সৃষ্টি-তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় ?
উত্তৰ- মনকৰৰ 'পদ্মাপুৰাণ'।

(৯৭) 'শূন্যপুৰাণ' গ্রন্থখনৰ সম্পাদনাৰ লগত জড়িত ব্যক্তি গৰাকী কোন ?
উত্তৰ- নগেন্দ্ৰ নাৰায়ণ বসু।

(৯৮) নাথ বা যোগী সাহিত্যৰ প্রৱর্তক কোন ?
উত্তৰ- মৎস্যেন্দ্ৰ নাথ।

(৯৯) দশম-একাদশ শতিকাৰ নাথ সিদ্ধসকলৰ কাহিনীক লৈ ৰচনা কৰা গীতবোৰক কি হিচাপে জনা যায় ?
উত্তৰ- গোপীচন্দ্রৰ গীত।

(১০০) গোপীচন্দ্রৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত ?
উত্তৰ- নাথ সাহিত্য।

(১০১) পাঁচালি শব্দটো ক'ৰ পৰা আহিছে ?
উত্তৰ- সংস্কৃত 'পাঞ্চালিকা' শব্দৰ পৰা।

(১০২) বিশেষভাৱে উল্লেখযোগ্য পাঁচালি কাব্যৰ কবি কেইজনৰ নাম লিখা।
উত্তৰ- পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।

(১০৩) 'ঊষা-পৰিণয়', 'ভাগৱত দশম স্কন্ধ', 'মার্কণ্ডেয় চণ্ডী' আৰু 'নল-দময়ন্তী' কোনে ৰচনা কৰিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(১০৪) পীতাম্বৰ কবিৰ প্রথম ৰচনা কি ?
উত্তৰ- 'ঊষা-পৰিণয়'।

(১০৫) পীতাম্বৰ কবিয়ে 'ঊষা-পৰিণয়' কাব্য কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- ১৫৩৩ খ্ৰীঃত।

(১০৬) 'ঊষা-পৰিণয়' কাব্যৰ মূল কি ?
উত্তৰ- হৰিবংশ বিষ্ণু পর্বৰ ১১৬-১২৮ অধ্যায়।

(১০৭) কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে ?
উত্তৰ- 'মার্কণ্ডেয় চণ্ডী' আৰু 'দশম স্কন্ধ'। 

(১০৮) পীতাম্বৰৰ 'ভাগৱত দশম স্কন্ধ' কি ছন্দত ৰচিত ?
উত্তৰ- পয়াৰ আৰু ত্ৰিপদী ছন্দত।

(১০৯) কোন গৰাকী কবিয়ে নিজকে 'শিশুমতি' বুলি পৰিচয় দিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(১১০) কোন গৰাকী কবিক 'তামসিক' বুলি আখ্যা দিয়া হয় ?
উত্তৰ- পীতাম্বৰ কবিক।

(১১১) পীতাম্বৰ কবিক 'তামসিক' বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- শংকৰদেৱে।

(১১২) 'গীতি-ৰামায়ণ' আৰু 'বেউলা-আখ্যান' কোনে ৰচনা কৰিছিল ?
উত্তৰ- দুর্গাবৰ কায়স্থই।

(১১৩) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ৫৮ টা।

(১১৪) "'গীতি-ৰামায়ণ' বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ।" উক্তিটো কাৰ ?
উত্তৰ- সত্যেন্দ্ৰনাথ শৰ্মা।

(১১৫) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি গৰাকী কোন ?
উত্তৰ- মহেশ্বৰ নেওগ।

(১১৬) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক 'বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ' বুলি কোনে মত প্ৰকাশ কৰিছে ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(১১৭) কোচৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- দুর্গাবৰ কায়স্থ।

(১১৮) কোন গৰাকী ৰজাক 'ৰাজা জল্পেশ্বৰ' বুলি আখ্যা দিয়া হয় ?
উত্তৰ- বিশ্বসিংহক।

(১১৯) বিশ্বসিংহক 'ৰাজা জল্পেশ্বৰ' বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- মনকৰে।

(১২০) 'মনসা কাব্য' কাৰ ৰচনা ?
উত্তৰ- মনকৰৰ।

(১২১) মনকৰৰ পদ্মাপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি ?
উত্তৰ- 'শূন্যপুৰাণ'।

(১২২) মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় ?
উত্তৰ- হাস্য আৰু শৃংগাৰ।

(১২৩) 'সুকনান্নী' নামেৰে জনাজাত কাব্যখন কি ?
উত্তৰ- 'পদ্মপুৰাণ'।

(১২৪) 'সুকনান্নী' কবি কোন ?
উত্তৰ- সুকবি নাৰায়ণদেৱ।

(১২৫) 'জগত গুৰু' কোন ?
উত্তৰ- শংকৰদেৱ।

(১২৬) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।

(১২৭) শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।

(১২৮) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।

(১২৯) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।

(১৩০) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।

(১৩১) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।

(১৩২) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।

(১৩৩) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ? 
উত্তৰ- কালিন্দী।

(১৩৪) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।

(১৩৫) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ? 
উত্তৰ- কোচবিহাৰত।

(১৩৬) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।

(১৩৭) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
উত্তৰ- বেলগুৰিত।

(১৩৮) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- 'মণিকাঞ্চন সংযোগ'।

(১৩৯) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।

(১৪০) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।

(১৪১) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(১৪২) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মদন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।

(১৪৩) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।

(১৪৪) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয় ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।

(১৪৫) 'ভকতিৰ চাৰিখুঁটি' কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।

(১৪৬) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।

(১৪৭) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।

(১৪৮) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ? 
উত্তৰ- 'ভক্তি-ৰত্নাকৰ'।

(১৪৯) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।

(১৫০) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(১৫১) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- 'কীৰ্তন' আৰু 'গুণমালা'।

(১৫১) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'কীৰ্তন'।

(১৫২) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।

(১৫৩) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।

(১৫৪) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।

(১৫৫) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।

(১৫৬) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।

(১৫৭) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ? 
উত্তৰ- শংকৰদেৱ।

(১৫৮) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: 'চিহ্ন-যাত্রা'।

(১৫৯) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- 'চিহ্ন-যাত্রা'।

(১৬০) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(১৬১) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(১৬২) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।

(১৬৩) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।

(১৬৪) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।

(১৬৫) 'কেলিগোপাল' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।

(১৬৬) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- 'ৰাসক্রীড়া'।

(১৬৭) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: 'ৰুক্মিণীহৰণ'।

(১৬৮) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।

(১৬৯) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- 'পাৰিজাত হৰণ'।

(১৭০) 'পাৰিজাত হৰণ' নাটৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।

(১৭১) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।

(১৭২) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- 'ৰামবিজয়'।

(১৭৩) 'ৰামবিজয়' নাটৰ মূল কি ?
উত্তৰ- 'আদিকাণ্ড ৰামায়ণ'।

(১৭৪) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।

(১৭৫) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।

(১৭৬) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।

(১৭৭) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।

(১৭৮) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।

(১৭৯) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- 'মন মেৰি ৰাম চৰণেহি লাগু'।

(১৮০) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।

(১৮১) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।

(১৮২) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।

(১৮৩) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(১৮৪) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.

(১৮৫) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song. 

(১৮৬) বৰগীতসমূহক 'Holy Song' বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।

(১৮৭) 'গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে' শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।

(১৮৮) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।

(১৮৯) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।

(১৯০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।

(১৯১) 'বঢ়াৰ পো' কোন ?
উত্তৰ- মাধৱদেৱ।

(১৯২) শংকৰদেৱে 'বঢ়াৰ পো' বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?
উত্তৰ- মাধৱদেৱক।

(১৯৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৮৯ খ্ৰীঃত।

(১৯৪) মাধৱদেৱৰ জন্মস্থান ক'ত ?
উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

(১৯৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- গোবিন্দগিৰি।

(১৯৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- মনোৰমা।

(১৯৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?
উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।

(১৯৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৯৬ খ্ৰীঃত।

(১৯৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।

(২০০) 'ৰাজসূয় কাব্য' আৰু 'জন্মৰহস্য' কাৰ ৰচনা ?
উত্তৰ- মাধৱদেৱৰ।

(২০১) 'নামঘোষা' কোনে ৰচনা কৰিছিল ?
উত্তৰ- মাধৱদেৱে।

(২০২) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'নামঘোষা'।

(২০৩) 'নামঘোষা'ৰ আন এটা নাম কি ?
উত্তৰ- 'হেজাৰী ঘোষা'।

(২০৪) ড০ বাণীকান্ত কাকতিয়ে 'নামঘোষা'ক কি আখ্যা দিছে?
উত্তৰ: মহাপ্রস্থানিক গীত।

(২০৫) 'নামঘোষা'ত কিমানটা ঘোষা আছে?
উত্তৰ: এহেজাৰ।

(২০৬) মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।
উত্তৰ: 'অৰ্জুন ভঞ্জন', 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভূমি লেটোৱা' আৰু 'ভোজন বিহাৰ'।

(২০৭) 'অৰ্জুন ভঞ্জন' নাটৰ আন এটা নাম কি? 
উত্তৰ: 'দধি মথন'।

(২০৮) 'অৰ্জুন ভঞ্জন' নাটৰ মূল কি?
উত্তৰ: ভাগৱত পুৰাণ।

(২০৯) মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন' নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?
উত্তৰ: ঝুমুৰা।

(২১০) মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?
উত্তৰ: কৃষ্ণকর্ণামৃত।

(২১১) 'ভূষণ হৰণ' কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(২১২) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ: ১৫৭ টা।

(২১৩) মাধৱদেৱৰ 'তেজৰে কমলাপতি' শীর্ষক বৰগীতটি কি বিষয়ক?
উত্তৰ: জাগন বা জাগৰণ।

(২১৪) মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?
উত্তৰ: 'ৰাজসূয় কাব্য'।

(২১৫) মাধৱদেৱৰ 'ৰাজসূয় কাব্য'খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?
উত্তৰ: আখ্যানমূলক।

(২১৬) মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? 
উত্তৰ: 'ৰাজসূয় কাব্য'।

(২১৭) 'ভক্তি ৰত্নাৱলী' আৰু 'নাম-মালিকা' কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(২১৮) 'আদিকাণ্ড ৰামায়ণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: মাধৱদেৱে।

(২১৯) অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?
উত্তৰ: ১৯১ টা।

(২২০) অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰিপুথি'ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?
উত্তৰ: শংকৰদেৱৰ 'কীর্তন' আৰু 'দশম' আৰু মাধৱদেৱৰ 'নামঘোষা' আৰু 'ভক্তি-ৰত্নাৱলী'। 

(২২১) ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? 
উত্তৰ: ১২ টা।

(২২২) 'কুমৰ-হৰণ' কাব্য কাৰ ৰচনা?
উত্তৰ: অনন্ত কন্দলীৰ।

(২২৩) 'বৃত্তাসুৰ বধ', 'শেষ দশম', 'মহীৰাৱণ বধ' কাব্য কোনে ৰচনা কৰিছিল?
উত্তৰ: অনন্ত কন্দলীয়ে।

(২২৪) অনন্ত কন্দলীৰ 'বৃত্তাসুৰ বধ' ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত?
উত্তৰ: ষষ্ঠ।

(২২৫) অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি?
উত্তৰ: 'সীতাৰ পাতাল প্রৱেশ'।

(২২৬) "বামুণীৰ পুতেক হৈ টোকৰ মাৰিলা, বেল শিৰত নোমল, ভক্তি-পৰ হ'ল ৰছ, যুদ্ধক কৈল দৃঢ়।" কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰ: শংকৰদেৱে, অনন্ত কন্দলীক কৈছিল।
(২২৭) 'শ্রীচন্দ্র ভাৰতী' নাম কোনজন অসমীয়া কবিক দিছিল?
উত্তৰ: অনন্ত কন্দলীক।

(২২৮) 'অসমীয়া ব্যাস' কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২২৯) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?
উত্তৰ: অনিৰুদ্ধ।

(২৩০) ৰাম সৰস্বতীৰ দীক্ষাগুৰুৰ নাম কি? 
উত্তৰ: মুকুন্দদেৱ।

(২৩১) 'মহাভাৰতীয় কবি' বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ: ৰাম সৰস্বতীক।

(২৩২) প্রাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলোতকৈ সৰহ সংখ্যক পদ ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২৩৩) 'বধকাব্য'ৰ ৰচক কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২৩৪) ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম লিখা।
উত্তৰ: 'কুলাচল-বধ' আৰু 'জটাসুৰ বধ'।

(২৩৫) বধকাব্যক কোনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমান্সৰ লগত তুলনা কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(২৩৬) ৰাম সৰস্বতীয়ে কোন গৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল?
উত্তৰ: নৰনাৰায়ণ।

(২৩৭) ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি?
উত্তৰ: 'ভীমচৰিত'।

(২৩৮) মহাভাৰতৰ এক লাখ শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে অকলে কিমান শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? নাইবা, ৰাম সৰস্বতীয়ে বন পর্বত কিমানটা পদ ৰচনা কৰিছিল?
উত্তৰ: ৩০ হাজাৰ।

(২৪৬) 'কিৰাত পর্ব' কোনে ৰচনা কৰিছিল? 
উত্তৰ: কংসাৰি কবিয়ে।

(২৪৭) 'কীর্তন'ৰ অন্তর্ভুক্ত হোৱা 'সহস্ৰ নাম-বৃত্তান্ত'ৰ ৰচক কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(২৪৮) 'ব্রহ্মগীতা' আৰু 'গীতাকীর্তন'ৰ গ্রন্থকাৰ কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(২৪৯) 'কাণখোৱা' আৰু 'ঘুনুচা কীর্তন' কোনে ৰচনা কৰিছিল?
উত্তৰ: শ্রীধৰ কন্দলীয়ে।

(২৫০) 'অঙ্কাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: কালিৰাম মেধিয়ে।

(২৫১) 'অঙ্কীয়া নাট' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(২৫২) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ: ভট্টদেৱ।

(২৫৩) ভট্টদেৱৰ প্রকৃত নাম কি?
উত্তৰ: বৈকুন্ঠনাথ ভট্টাচাৰ্য।

(২৫৪) ভট্টদেৱৰ পিতৃৰ নাম কি?
উত্তৰ: চন্দ্ৰ ভাৰতী।

(২৫৫) ভট্টদেৱৰ জন্ম ক'ত হৈছিল?
উত্তৰ: কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রামত।

(২৫৬) ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: খ্রীষ্টিয় ষোড়শ শতিকাৰ মাজভাগত, ১৫৫৮ খ্ৰীঃত।

(২৫৭) ভট্টদেৱে কাৰ ওচৰত শৰণ লয়? নাইবা, ভট্টদেৱৰ গুৰু কোন? ভট্টদেৱ কাৰ শিষ্য?
উত্তৰ: দামোদৰদেৱ।

(২৫৮) ভট্টদেৱক পণ্ডিত সমাজে কি কি উপাধিৰে বিভূষিত কৰিছিল?
উত্তৰ: কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য।

(২৫৯) ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে "অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য" বুলি কৈছিল?
উত্তৰ: দামোদৰদেৱে।

(২৬০) ভট্টদেৱে স্থাপন কৰা সত্র দুখন কি কি?
উত্তৰ: পাটবাউসী আৰু ব্যাসকুছি সত্ৰ।

(২৬১) 'কথাগীতা', 'কথা-ভাগৱত' আৰু 'কথা-ৰত্নাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(২৬২) ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি কি?
উত্তৰ: 'কথাগীতা', 'কথা-ভাগৱত' আৰু 'কথা-ৰত্নাৱলী'।

(২৬৩) "'কথা-ভাগৱত'ৰ ভাষাতকৈ 'কথাগীতা'ৰ ভাষা বেছি কোমল আৰু সৰল।" কথাষাৰ কোনে কৈছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।

(২৬৪) "'কথাগীতা' পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে; মাজে মাজে গভীৰ বিষয়ৰ প্রশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে।" উক্ত কথাষাৰৰ বক্তা কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(২৬৫) 'কথা-ভাগৱত'ৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(২৬৬) ভট্টদেৱে 'কথা-ভাগৱত' কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ষোড়শ শতিকাৰ শেষ দশকত, ১৫৯৬ খ্ৰীষ্টাব্দমানত।

(২৬৭) 'শৰণমালিকা', 'গুৰুবংশাৱলী', আৰু 'প্ৰসংগমালা' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(২৬৮) 'প্ৰসংগমালা' পুথিখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ৰামদেৱ গোস্বামীয়ে।

(২৬৯) ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি কি?
উত্তৰ: 'ভক্তিসাৰ' আৰু 'ভক্তিবিবেক'।

(২৭০) 'ভক্তিবিবেক' গ্রন্থখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়।

(২৭১) গোপালদেৱৰ আন এটা নাম কি?
উত্তৰ: গোপাল আতা।

(২৭২) গোপাল আতাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৬৪০ খ্ৰীঃত।

(২৭৩) গোপাল আতাৰ জন্ম ক'ত হৈছিল?
উত্তৰ: উজনিৰ গড়গাঁৱৰ ওচৰত।

(২৭৪) গোপাল আতা কাৰ শিষ্য আছিল?
উত্তৰ: মাধৱদেৱৰ।

(২৭৫) 'কাল সংহতিৰ' প্রৱর্তক কোন?
উত্তৰ: গোপাল আতা।

(২৭৬) গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল?
উত্তৰ: 'কথাৰ সাগৰ'।

(২৭৬) গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি?
উত্তৰ: 'উদ্ধৱযান', 'জন্মযাত্রা' আৰু 'নন্দোৎসৱ'।

(২৭৭) 'উদ্ধৱযান' নাটৰ আন এটা নাম কি?
উত্তৰ: 'গোপী-উদ্ধৱ সংবাদ'।

(২৭৮) 'জন্মযাত্রা' নাটৰ মূল কি?
উত্তৰ: দশম স্কন্ধ ভাগৱত।

(২৭৯) গোপাল মিশ্র কাৰ শিষ্য আছিল?
উত্তৰ: দামোদৰদেৱৰ।

(২৮০) 'খুদীয়া' সত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: গোপাল মিশ্র।

(২৮১) 'ঘোষাৰত্ন', 'শঙ্খচুৰ-বধ', আৰু 'মহিষাসুৰ-বধ' কোনে ৰচনা কৰিছিল?
উত্তৰ: গোপাল মিশ্রই।

(২৮২) 'ঘোষাৰত্ন' কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: নামঘোষা শ্ৰেণীৰ।

(২৮৩) গোপাল মিশ্রৰ পাণ্ডিত্য আৰু ভক্তিৰ পৰিচায়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'ঘোষাৰত্ন'।

(২৮৪) 'কথাসূত্র' আৰু 'গীতাসাৰ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভাগৱত আচাৰ্যই।

(২৮৫) ভাগৱত আচাৰ্য কাৰ শিষ্য আছিল?
উত্তৰ: হৰিদেৱৰ।

(২৮৬) ভাগৱত আচার্যৰ পিতৃৰ নাম কি?
উত্তৰ: হৰিমিশ্র।

(২৮৭) ভট্টদেৱৰ 'ভক্তিবিবেক' নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ কোনে অনুবাদ কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(২৮৮) 'পদগীতা' কোনে ৰচনা কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(২৮৯) কোন গৰাকী ব্যক্তি একেধাৰে কোচ ৰজাৰ মন্ত্ৰী, সেনাপতি আৰু কবি আছিল?
উত্তৰ: কবীন্দ্র পাত্ৰ।

(২৯০) গোপীনাথ পাঠক কাৰ পুতেক আছিল?
উত্তৰ: ৰাম সৰস্বতীৰ।

(২৯১) গোপীনাথ পাঠকে মহাভাৰতৰ কি কি পর্ব ৰচনা কৰিছিল?
উত্তৰ: 'দ্রোণ-পর্ব', 'সভা-পর্ব' আৰু 'স্বৰ্গৰোহণ-পর্ব'।

(২৯২) মহাভাৰতৰ 'শল্য-পর্ব' কোনে ৰচনা কৰিছিল?
উত্তৰ: দামোদৰ দাসে।

(২৯৩) 'অম্বাৰ চৰিত্ৰ' কাৰ ৰচনা?
উত্তৰ: বিদ্যা পঞ্চাননৰ।

(২৯৪) 'পুতুলা চৰিত্ৰ' আৰু 'বৃন্দাবন-চৰিত' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামমিশ্রই।

(২৯৫) মহাভাৰতৰ 'কিৰাত পৰ্ব' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিশেখৰে।

(২৯৬) 'ৰাধা-চৰিত' কাৰ ৰচনা?
উত্তৰ: কলাপচন্দ্র দ্বিজৰ।

(২৯৭) 'ৰামায়ণ চন্দ্রিকা'ৰ কবি কোন?
উত্তৰ: কলাপচন্দ্র দ্বিজ।

(২৯৮) অনিৰুদ্ধ কায়স্থই কোনজন ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ পঞ্চম স্কন্ধ ভাঙনি কৰিছিল?
উত্তৰ: ৰঘুদেৱ।

(২৯৯) মায়ামৰীয়া পন্থাৰ প্রবর্তক কোন?
উত্তৰ: অনিৰুদ্ধদেৱ।

(৩০০) অনিৰুদ্ধদেৱ কাৰ শিষ্য আছিল?
উত্তৰ: ভৱানীপুৰীয়া গোপাল আতাৰ।

(৩০১) অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম কি?
উত্তৰ: হৰকন্ঠ।

(৩০২) 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত ৰত্ন' কোনে ৰচনা কৰিছিল?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(৩০৩) কোনজন কবিয়ে নিজকে 'কবিৰত্নসুত' বুলি পৰিচয় দিছে?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(৩০৪) ৰামচৰণ ঠাকুৰ কাৰ পুতেক?
উত্তৰ: হোকোৰাকুচীয়া ৰামদাস কায়স্থৰ।

(৩০৫) মহাপুৰুষ শংকৰদেৱৰ সংস্কৃত 'ভক্তি-ৰত্নাকৰ' গ্ৰন্থখন কোনে অসমীয়াত পদানুবাদ কৰে?
উত্তৰ: ৰামচৰণ ঠাকুৰে।

(৩০৬) ৰামচৰণ ঠাকুৰৰ চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শংকৰ চৰিত'।

(৩০৭) দৈত্যাৰী ঠাকুৰ কাৰ পুতেক আছিল?
উত্তৰ: ৰামচৰণ ঠাকুৰৰ।

(৩০৮) দৈত্যাৰী ঠাকুৰে ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শংকৰ-মাধৱ চৰিত'।

(৩০৯) 'স্যমন্ত-হৰণ' আৰু 'নৃসিংহ-যাত্ৰা' নাট দুখনৰ লেখক কোন?
উত্তৰ: দৈত্যাৰী ঠাকুৰ।

(৩১০) ভূষণ দ্বিজে লিখা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শঙ্কৰ চৰিত'।

(৩১১) 'গুৰু চৰিত' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামানন্দ দ্বিজে।

(৩১২) 'গুৰুলীলা' চৰিতখন কাৰ ৰচনা?
উত্তৰ: ৰামৰায়ৰ।

(৩১৩) ৰমানন্দই ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'বংশী গোপালদেৱ চৰিত'।

(৩১৪) 'বনমালীদেৱ চৰিত' কাৰ ৰচনা?
উত্তৰ: ৰমাকান্তৰ।

(৩১৫) 'গোবিন্দ চৰিত' পুথিখনৰ লেখক কোন?
উত্তৰ: ভৱানন্দ দ্বিজ।

(৩১৬) 'ঠাকুৰ চৰিত' কাৰ ৰচনা?
উত্তৰ: বিদ্যানন্দ ওজাৰ।

(৩১৭) 'কিতাবত মঞ্জৰী' কাৰ ৰচনা?
উত্তৰ: বকুল কায়স্থৰ।

(৩১৮) 'লীলাৱতী' কাৰ ৰচনা?
উত্তৰ: কবিৰত্ন দ্বিজৰ।

(৩১৯) 'দৰং ৰাজবংশাৱলী' কাৰ ৰচনা?
উত্তৰ: সূর্যখড়ি দৈৱজ্ঞৰ।

(৩২০) আহোমৰ প্রথম ৰজা কোন আছিল?
উত্তৰ: চুকাফা।

(৩২১) আহোম ৰজা চুকাফাই কি পর্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে?
উত্তৰ: পাটকাই পৰ্বত।

(৩২২) কোনজন ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ: জয়ধ্বজ সিংহই।

(৩২৩) ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি?
উত্তৰ: কৃষ্ণনাথ।

(৩২৪) ৰঘুনাথ মহন্তই ৰচনা কৰা ৰামায়ণ সম্পৰ্কীয় গ্ৰন্থ তিনিখনৰ নাম লিখা।
উত্তৰ: 'কথা ৰামায়ণ', 'অদ্ভুত ৰামায়ণ' আৰু 'শত্রুঞ্জয়'।

(৩২৫) ৰঘুনাথ মহন্তৰ প্রথম ৰচনা কি?
উত্তৰ: 'শত্রুঞ্জয়'।

(৩২৬) ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি?
উত্তৰ: 'কথা-ৰামায়ণ'।

(৩২৭) 'শিশুপাল বধ' কাৰ ৰচনা?
উত্তৰ: শিষ্ট ভট্টাচাৰ্যৰ।

(৩২৮) সাগৰখড়ি দৈৱজ্ঞ কোন অঞ্চলৰ লেখক আছিল?
উত্তৰ: দৰং অঞ্চলৰ।

(৩২৯) 'কুর্মাৱলী বধ' কাৰ ৰচনা?
উত্তৰ: সাগৰখড়ি দৈৱজ্ঞৰ।

(৩৩০) কাৰ দিনত পোন প্ৰথমে বঙলুৱা প্রভাৱ অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰে?
উত্তৰ: ৰুদ্ৰসিংহৰ দিনত।

(৩৩১) আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তী।

(৩৩২) 'ব্রহ্মবৈৱর্ত পুৰাণ', 'গীতগোবিন্দ', 'শঙ্খচুৰ-বধ', 'শকুন্তলা' আৰু 'ভাস্বতী' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তীয়ে।

(৩৩৩) 'ভাস্বতী' কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: জ্যোতিষ সম্পৰ্কীয়।

(৩৩৪) কবিৰাজ চক্ৰৱৰ্তীৰ প্রকৃত নাম কি?
উত্তৰ: ৰামনাৰায়ণ চক্রৱর্তী।

(৩৩৫) 'ধর্মপুৰাণ' আৰু 'কামকুমাৰ হৰণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিচন্দ্র দ্বিজে।

(৩৩৬) 'বৃহন্নাৰদীয় পুৰাণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভূৱনেশ্বৰ বাচস্পতিয়ে।

(৩৩৭) 'তুংখুঙীয়া বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: শ্রীনাথ দুৱৰা বৰবৰুৱা।

(৩৩৮) 'তুংখুঙীয়া বুৰঞ্জী' কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৮০৩ চনত।

(৩৩৯) 'ত্ৰিপুৰা বুৰঞ্জী'ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: ৰত্ন কন্দলী আৰু অৰ্জুনদাস বৈৰাগী।

(৩৪০) 'ত্ৰিপুৰা বুৰঞ্জী' কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৭২৪ চনত।

(৩৪১) 'অসম বুৰঞ্জী পুথি'ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।

(৩৪২) এতিয়ালৈকে প্রকাশিত প্রাচীন বুৰঞ্জীখনৰ নাম কি?
উত্তৰ: 'পুৰণি অসম বুৰঞ্জী'।

(৩৪৩) 'পুৰণি অসম বুৰঞ্জী' কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।

(৩৪৪) 'চৰিত তোলা প্রথা' কোনে প্রৱর্তন কৰিছিল?
উত্তৰ: মাধৱদেৱে।

(৩৪৫) চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি কি? 
উত্তৰ: দুই প্ৰকাৰৰ-পদ্য চৰিত আৰু গদ্য চৰিত।

(৩৪৬) গদ্যত ৰচিত হোৱা প্রথম চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'গুৰুচৰিত কথা'।

(৩৪৭) 'কথা গুৰুচৰিত'ৰ প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ: উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

(৩৪৮) 'হস্তীবিদ্যার্ণৱ' আৰু 'ঘোঁৰানিদান' কোনে ৰচনা কৰিছিল?
উত্তৰ: সুকুমাৰ বৰকাথে।

(৩৪৯) 'শিয়াল গোসাঁইৰ চৰিত' কাৰ ৰচনা?
উত্তৰ: কবিৰাজ কবিৰ।

(৩৫০) 'আনন্দ লহৰী' কাৰ ৰচনা?
উত্তৰ: অনন্ত আচার্যৰ।

(৩৫১) 'কল্কি পুৰাণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰুচিনাথ কন্দলীয়ে।

(৩৫২) 'যোগিনীতন্ত্ৰ' কাৰ ৰচনা?
উত্তৰ: ৰামচন্দ্ৰ বৰপাত্ৰৰ।

(৩৫৩) 'যোগিনীতন্ত্ৰ'ত কেইটা খণ্ড আছে?
উত্তৰ: ১১ টা।

(৩৫৪) 'কুমৰ হৰণ' নাট কাৰ ৰচনা?
উত্তৰ: লক্ষ্মীনাথ দাসৰ।

(৩৫৫) 'মৃগাৱতী চৰিত' কাৰ ৰচনা?
উত্তৰ: ৰাম দ্বিজৰ।

(৩৫৬) 'ভক্তি প্রেমাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: নৰোত্তম ঠাকুৰে।

(৩৫৭) 'অশোক চৰিত' কাৰ ৰচনা?
উত্তৰ: কামদেৱ বিপ্রৰ।

(৩৫৮) 'লক্ষ্মী চৰিত' কাৰ ৰচনা?
উত্তৰ: জগন্নাথ দ্বিজৰ।

(৩৫৯) ইয়াণ্ডাবু সন্ধি কেতিয়া হয়?
উত্তৰ: ১৮২৬ চনত।

(৩৬০) কোন চনত অসমীয়া ভাষা পঢ়াশালি আৰু আদালতৰ পৰা উঠাই দিয়া হয় আৰু কিমান চনত অসমীয়া ভাষাই পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰে?
উত্তৰ: ১৮৩৬ চন, ১৮৭৩ চন।

(৩৬১) 'বাইবেল' কোনে, কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে?
উত্তৰ: আত্মাৰাম শৰ্মাই, ১৮১৩ চনত।

(৩৬২) 'কলিভাৰত বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: দুতিৰাম হাজৰিকা।

(৩৬৩) 'বেলিমাৰ বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: বিশ্বেশ্বৰ বৈদ্যাধিপ।

(৩৬৪) 'বুৰঞ্জী বিবেকৰত্ন' কোনে ৰচনা কৰিছিল?
উত্তৰ: মণিৰাম দেৱানে।

(৩৬৫) 'বঙলা অসমীয়া অভিধান' কোনে উলিয়ায়?
উত্তৰ: যদুৰাম ডেকা বৰুৱাই।

(৩৬৬) প্রথম অসমীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: 'অৰুণোদই'।

(৩৬৭) 'অৰুনোদই' কাকতখন কিমান চনত প্ৰকাশ পায়?
উত্তৰ: ১৮৪৬ চনত।

(৩৬৮) 'অৰুনোদই' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন।

(৩৬৯) 'অৰুনোদই' নামৰ আলোচনীখন প্রথম ক'ৰ পৰা প্ৰকাশ পায়?
উত্তৰ: শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা।

(৩৭০) 'যোচেফৰ কাহিনী' আৰু 'যাত্রিকৰ যাত্ৰা' কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ নাথান ব্ৰাউনে।

(৩৭১) 'Pilgrims Progress' উপন্যাসখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল আৰু ইয়াৰ নামটো কি দিয়া হৈছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন, 'যাত্রিকৰ যাত্ৰা'।

(৩৭২) অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্রকৃত নাম কি?
উত্তৰ: Grammatical Notes on the Assamese Language'.

(৩৭৩) অসমীয়া ভাষাত প্ৰকাশিত প্রথম অসমীয়া অভিধানখনৰ নাম কি আৰু এইখন কিমান চনত ছপা হৈ ওলায়? ইয়াৰ লেখক কোন?
উত্তৰ: 'অসমীয়া অভিধান', ১৮৬৭ চনত, ড০ মাইলছ ব্ৰন্সন।

(৩৭৪) 'ৰুথ আৰু যোচেফৰ কাহিনী', 'কানি বেহেৰুৱাৰ কথা', আৰু 'কামিনী কান্তৰ চৰিত্র' কোনে ৰচনা কৰিছিল?
উত্তৰ: এ. কে. গার্নিয়ে।

(৩৭৫) 'ফুলমণি আৰু কৰুণাৰ কাহিনী' উপন্যাসখন কাৰ ৰচনা?
উত্তৰ: শ্রীমতী গার্নিৰ।

(৩৭৬) নিধিৰাম ফাৰৱেলে অৰুনোদইত কি নামত লিখা-মেলা কৰিছিল?
উত্তৰ: ন, ল, ফ।

(৩৭৭) 'অসমীয়া ল'ৰাৰ মিত্ৰ' কাৰ ৰচনা?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।

(৩৭৮) আনন্দৰাম ঢেকিয়াল ফুকনে ''অসমীয়া ল'ৰাৰ মিত্ৰ' কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ১৮৪৯ চনত।

(৩৭৯) 'A few Remarks on Assasmes Language' নামৰ পুষ্টিকাখনৰ ৰচক কোন?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।

(৩৮০) 'A few Remarks on Assasmes Language' নামৰ পুষ্টিকাখন কেতিয়া প্রকাশ হয়?
উত্তৰ: ১৮৫৫ চনত।

(৩৮১) হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক'ত হৈছিল?
উত্তৰ: শিৱসাগৰ ৰজাবাহৰ গাঁৱত।

(৩৮২) হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৮৩৫ চনত, ১৭৫৭ শকত।

(৩৮৩) হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি?
উত্তৰ: মুক্তাৰাম বৰুৱা।

(৩৮৪) হেমচন্দ্ৰ বৰুৱাই হিন্দী বা ব্রজভাষা কাৰ পৰা শিকিছিল?
উত্তৰ: কাপ্তান ব্রোডি চাহাবৰ পৰা।

(৩৮৫) হেমচন্দ্ৰ বৰুৱাই ক'ত সাহিত্যিক জীৱন আৰম্ভ কৰিছিল?
উত্তৰ: 'অৰুণোদই'ত।

(৩৮৬) অৰুণোদইত হেমচন্দ্ৰ বৰুৱাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: সোণাৰচাঁন্দ।

(৩৮৭) হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানখনৰ নাম কি? নাইবা, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: 'হেমকোষ'।

(৩৮৮) 'কানীয়াৰ কীর্তন' কোনে ৰচনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাই।

(৩৮৯) 'কানীয়াৰ কীর্তন' কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৬১ চনত।

(৩৯০) 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' গ্রন্থখন কাৰ ৰচনা?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাৰ।

(৩৯১) 'ল'ৰাবন্ধু'ৰ সম্পাদক কোন আছিল?
উত্তৰ: কৰুণাভিৰাম বৰুৱা।

(৩৯২) গুণাভিৰাম বৰুৱাই কোনখন কাকতৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰে?
উত্তৰ: 'অৰুণোদই'।

(৩৯৩) গুণাভিৰাম বৰুৱাৰ প্রথম সাহিত্যিক প্ৰচেষ্টা কি?
উত্তৰ: 'ৰাম-নৱমী' নাট।

(৩৯৪) গুণাভিৰাম বৰুৱাই কিমান চনত 'ৰাম-নৱমী' নাটক ৰচনা কৰিছিল?
উত্তৰ: ১৮৫৭ চনত।

(৩৯৫) আধুনিক নাট্য সাহিত্যৰ জন্মদাতা কোন? নাইবা, আধুনিক সামাজিক নাটৰ জন্মদাতা কোন?
উত্তৰ: গুণাভিৰাম বৰুৱা।

(৩৯৬) প্রথম অসমীয়া আধুনিক নাটখনৰ নাম কি? নাইবা, প্রথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ: 'ৰাম-নৱমী'।

(৩৯৭) আধুনিক যুগৰ প্রথম অসমীয়া জীৱন চৰিত খনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ', গুণাভিৰাম বৰুৱা।

(৩৯৮) 'আসাম বন্ধু' আলোচনীখন কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৫ চনত।

(৩৯৯) 'আসাম বন্ধু' আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰ: গুণাভিৰাম বৰুৱা।

(৪০০) গুণাভিৰাম বৰুৱাই কি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল?
উত্তৰ: গুৰুদত্ত।

(৪০১) 'কবিতামালা' শীর্ষক কাব্য গ্রন্থখনি কোনে ৰচনা কৰিছিল?
উত্তৰ: ভোলানাথ দাসে।

(৪০২) অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: মাইকেল মধুসূদন দত্ত।

(৪০৩) 'মেঘনাদ বধ' কাব্য কাৰ ৰচনা?
উত্তৰ: মাইকেল মধুসূদন দত্তৰ।

(৪০৪) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: ৰমাকান্ত চৌধুৰী।

(৪০৫) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্রথম কাব্যখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'অভিমন্যু বধ', ১৮৭৫ চনত, ৰমাকান্ত চৌধুৰী।

(৪০৬) 'সীতাহৰণ' নাটখন কোন শ্ৰেণীৰ নাটক?
উত্তৰ: পৌৰাণিক।

(৪০৭) আধুনিক যুগৰ প্রথম অসমীয়া পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: 'সীতাহৰণ', ৰমাকান্ত চৌধুৰী।

(৪০৮) 'ল'ৰাবোধ' কাৰ ৰচনা?
উত্তৰ: লম্বোদৰ বৰাৰ।

(৪০৯) 'চিন্তানল' আৰু 'চিন্তাতৰংগ' কোনে ৰচনা কৰিছিল?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্যই।

(৪১০) 'অগ্নিকবি' কোন?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্য।

(৪১১) 'অসমীয়া সাহিত্য চৰা' কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৭২ চনত।

(৪১২) 'অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ. সা. সভা) কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৮৮ চনত।

(৪১৩) প্রথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: 'জোনাকী'।

(৪১৪) 'জোনাকী' কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৯ চনত।

(৪১৫) 'জোনাকী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪১৬) জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক বুজায়?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

(৪১৭) 'বিজুলী' কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৯০ চনত।

(৪১৮) 'বিজুলী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: কৃষ্ণপ্ৰসাদ দুৱৰা।

(৪১৯) 'ঊষা' আলোচনীখন কেতিয়া প্রকাশিত হয়?
উত্তৰ: ১৯০৭ চনত।

(৪২০) 'ঊষা' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই।

(৪২১) 'বাঁহী' আলোচনীখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

(৪২২) 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

(৪২৩) 'আৱাহন' কাকতখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯২৯ চনত।

(৪২৪) 'আৱাহন' কাকতখন ক'ৰ পৰা ওলায়?
উত্তৰ: কলিকতাৰ পৰা।

(৪২৫) 'আৱাহন' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: দীননাথ শৰ্মা।

(৪২৬) 'আৱাহন' কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?
উত্তৰ: নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।

(৪২৭) অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪২৮) প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? নাইবা, প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'বনকুঁৱৰী', চন্দ্ৰকুমাৰ আগৰৱালা, 'জোনাকী'ৰ প্রথম বছৰ প্রথম সংখ্যাত প্রকাশ পায়।

(৪২৯) প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪৩০) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?
উত্তৰ: 'প্রতিমা' আৰু 'বীণ বৰাগী'।

(৪৩১) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯১৪ চনত।

(৪৩২) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি 'প্রতিমা' ক'ত প্রকাশ পাইছিল?
উত্তৰ: 'জোনাকী'ত।

(৪৩৩) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ২৫ টা।

(৪৩৪) 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ' বুলি কোনে কৈছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

(৪৩৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি 'বীণ বৰাগী' ক'ত প্ৰকাশ পায়?
উত্তৰ: 'বাঁহী'ত।

(৪৩৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বীণ বৰাগী' কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ১২ টা।

(৪৩৭) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়?
উত্তৰ: 'লিতিকাই' নাটকৰ পৰা।

(৪৩৮) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আৰু এইখন ক'ত প্রকাশ পাইছিল?
উত্তৰ: 'লিতিকাই', ১৮৯০ চনত, প্রথম বছৰ 'জোনাকী'ত।

(৪৩৯) লক্ষ্মীনাথ বেজবৰুৱাৰ 'লিতিকাই' কোন শ্ৰেণীৰ নাটক?
উত্তৰ: ধেমেলীয়া (প্ৰহসন)।

(৪৪০) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'পদুম কুঁৱৰী', ১৮৯১ চন।

(৪৪১) অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৪২) প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ: 'সেউতী' (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে 'ভদৰী'।

(৪৪৩) লক্ষ্মীনাথ বেজবৰুৱাৰ 'সেউতী' গল্পটো ক'ত আৰু কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰ: 'জোনাকী'ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে' মাহত।

(৪৪৪) 'ভদৰী' নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৪৫) অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?
উত্তৰ: 'জোনাকী'।

(৪৪৬) ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি?
উত্তৰ: 'পাটমুগী'।

(৪৪৭) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?
উত্তৰ: 'জোনাকী'ত।

(৪৪৮) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'সুৰভি', ১৯০৯ চন।

(৪৪৯) লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'সুৰভি', 'জোনবিৰি', 'সাধুকথাৰ কুকি' আৰু 'কেহোকলি'।

(৪৫০) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?
উত্তৰ: 'কেহোকলি'।

(৪৫১) 'কেহোকলি' কোনে সম্পাদনা কৰিছিল?
উত্তৰ: অতুলচন্দ্ৰ হাজৰিকাই।

(৪৫২) লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা' আৰু 'জুনুকা'।

(৪৫৩) লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'লিতিকাই' (১৮৯০), 'নোমল', 'পাচনি' আৰু 'চিকৰপতি নিকৰপতি' (১৯১৩)।

(৪৫৪) লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'জয়মতী', 'বেলিমাৰ' আৰু 'চক্ৰধ্বজ সিংহ' (১৯১৫)।

(৪৫৫) "কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক" বুলি কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৫৬) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'কদমকলি', ১৯১৩ চন।

(৪৫৭) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'পদুমকলি'।

(৪৫৮) লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা দুটা কবিতাৰ নাম লিখা।
উত্তৰ: 'ধনবৰ আৰু ৰতনী' আৰু 'মালতী'।

(৪৫৯) লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?
উত্তৰ: কৃপাবৰ বৰবৰুৱা।

(৪৬০) "কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।" কোনে কৈছিল?
উত্তৰ: ড০ নগেন শইকীয়াই।

(৪৬১) প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'মোৰ জীৱন সোঁৱৰণ', লক্ষ্মীনাথ বেজবৰুৱা।

(৪৬২) লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?
উত্তৰ: গুৱাহাটীত, ১৯২৪ চনত।

(৪৬৩) ছনেটৰ জন্মদাতা কোন?
উত্তৰ: ইটালী কবি পেট্রাক।

(৪৬৪) প্রথম অসমীয়া ছনেট লেখক কোন?
উত্তৰ: হেমচন্দ্ৰ গোস্বামী।

(৪৬৫) প্রথম অসমীয়া ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: 'প্রিয়তমাৰ চিঠি'।

(৪৬৬) হেমচন্দ্ৰ গোস্বামীয়ে কি আর্হিত ছনেট কবিতা ৰচনা কৰিছিল?
উত্তৰ: পেট্রাকীয় আর্হিত।

(৪৬৭) হেমচন্দ্ৰ গোস্বামীয়ে পেট্রাকীয় আর্হিত ৰচনা কৰা প্ৰথম ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: 'প্রিয়তমাৰ চিঠি'।

(৪৬৮) হেমচন্দ্ৰ গোস্বামীৰ 'প্রিয়তমাৰ চিঠি' কবিতাটো ক'ত প্ৰকাশ পায়?
উত্তৰ: 'জোনাকী'ত।

(৪৬৯) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই, ১৮৯১ চনত।

(৪৭০) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখনৰ নাম কি? নাইবা, পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম উপন্যাসখৰ নাম কি?
উত্তৰ: 'ভানুমতী', ১৮৯১ চন।

(৪৭১) পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় উপন্যাসখনৰ নাম কি?
উত্তৰ: 'লাহৰী', ১৮৯২ চন।

(৪৭২) পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'লীলাকাব্য', ১৮৯৯ চন।

(৪৭৩) প্রথম অসমীয়া ঐতিহাসিক নাটখনৰ নাম কি?
উত্তৰ: 'জয়মতী'।

(৪৭৪) পদ্মনাথ গোহাঞি বৰুৱাৰ ঐতিহাসিক নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'জয়মতী' (১৯০০), 'গদাধৰ', (১৯০৭), 'সাধনী' (১৯১১), 'লাচিত বৰফুকন' (১৯১৩)।

(৪৭৫) পদ্মনাথ গোহাঞি বৰুৱাৰ ধেমেলীয়া (প্ৰহসন) নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'গাঁওবুঢ়া' (১৮৯৭), 'টেটোন তামুলী' (১৯০৯) আৰু 'ভূত নে ভ্ৰম' (১৯২৪)।

(৪৭৬) পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: 'বাণৰজা' (১৮৫৪)।

(৪৭৭) আনন্দচন্দ্র আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'জিলিকনি'।

(৪৭৮) 'ঢোপাকলি' কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।

(৪৭৯) 'যুদ্ধক্ষেত্রত আহোম ৰমণী' কাব্যখনি কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।

(৪৮০) হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: 'চকুলো', ১৯২২ চন।

(৪৮১) প্রথম অসমীয়া ছনেট পুথিখনৰ নাম কি? ইয়াৰ ৰচক কোন?

উত্তৰ: 'মালচ', ১৯১৮ চন, হিতেশ্বৰ বৰবৰুৱা।
(৪৮২) হিতেশ্বৰ বৰবৰুৱাৰ 'মালচ' কিমানটা ছনেটৰ সংগ্ৰহ?
উত্তৰ: ৯২ টা।

(৪৮৩) 'জ্ঞানমালিনী'ৰ কবি কোন?
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা।

(৪৮৪) মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি দুখনৰ নাম কি কি?
উত্তৰ: 'জ্ঞানমালিনী' (১৮৯৬) আৰু 'তত্ব পাৰিজাত'।

(৪৮৫) 'মেঘনাদ বধ' নাট কাৰ ৰচনা?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাৰ।

(৪৮৬) 'সাহিত্য ৰত্ন' বুলি কাক কোৱা হয়?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাক।

(৪৮৭) ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি কি?
উত্তৰ: 'সুৰভী' আৰু 'জয়ন্তী'।

(৪৮৮) ৰঘুনাথ চৌধাৰীৰ কবিতা প্রথমে ক'ত প্ৰকাশ পায়?
উত্তৰ: 'জোনাকী'ত।

(৪৮৯) ৰঘুনাথ চৌধাৰীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সাদৰী', ১৯১০ চন।

(৪৯০) ৰঘুনাথ চৌধাৰীৰ 'কেতেকী' কবিতাটি কেইটা তৰংগত বিভক্ত?
উত্তৰ: ৫ টা।

(৪৯১) ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি?
উত্তৰ: 'নৱমল্লিকা'।

(৪৯২) কবি ৰঘুনাথ চৌধাৰীয়ে আৰৱীয় পৰিৱেশত ৰচনা কৰা কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'কাৰবালা'।

(৪৯৩) 'বিহগী' কবি কোন?
উত্তৰ: ৰঘুনাথ চৌধাৰী।

(৪৯৪) কবি ৰঘুনাথ চৌধাৰীক কোনে কোনে বিহগী আখ্যা দিছিল?
উত্তৰ: হলিৰাম ডেকা আৰু ড০ বাণীকান্ত কাকতিয়ে।

(৪৯৫) ছেক্সপীয়েৰৰ 'As you like it' নাটকৰ অসমীয়া অনুবাদৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: 'চন্দ্ৰাৱলী', দুৰ্গেশ্বৰ শর্মা।

(৪৯৬) যতীন্দ্ৰনাথ দুৱৰাই কি ছদ্মনামেৰে কবিতা লিখিছিল?
উত্তৰ: যদু।

(৪৯৭) যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্রভাৱ বিস্তাৰ কৰা পাৰস্যৰ কবিজন কোন?
উত্তৰ: ওমৰ খৈয়াম।

(৪৯৮) 'ওমৰ তীৰ্থ' কাৰ ৰচনা?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ।

(৪৯৯) 'ওমৰ তীৰ্থ' পুথিৰ মূল কি?
উত্তৰ: পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়ামৰ 'ৰুৱায়ত'।

(৫০০) যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথি নাম লিখা।
উত্তৰ: 'আপোন সুৰ' (১৯৩৮) আৰু 'বনফুল' (১৯৫২)।

(৫০১) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ: 'বনফুল'।

(৫০২) কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'বনফুল' গ্রন্থৰ বাবে, ১৯৫৫ চনত।

(৫০৩) যতীন্দ্ৰনাথ দুৱৰাই কাৰ আদর্শত 'কথা কবিতা' ৰচনা কৰিছিল?
উত্তৰ: ৰুছ লেখক আইভান টুর্গেনিভৰ 'Poems in Prose' ৰ আদর্শত।

(৫০৪) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে, কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'বেদনাৰ উল্কা', ১৯৬৬ চনত।

(৫০৫) অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'তুমি', ১৯১৫ চন।

(৫০৬) দণ্ডিনাথ কলিতাৰ প্রথম উপন্যাসখনৰ নাম কি?
উত্তৰ: 'ফুল', ১৯০৮ চন।

(৫০৭) দণ্ডিনাথ কলিতাৰ উল্লেখযোগ্য সামাজিক উপন্যাস দুখনৰ নাম লিখা।
উত্তৰ: 'সাধনা' (১৯২৯) আৰু' আৱিস্কাৰ' (১৯৫১)।

(৫০৮) দণ্ডিনাথ কলিতাৰ 'অসম সন্ধ্যা' কবিতাটোৰ ছন্দ কি?
উত্তৰ: অমিত্ৰাক্ষৰ।

(৫০৯) দণ্ডিনাথ কলিতাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰ: 'সতীৰ তেজ' (১৯৩১) আৰু 'অগ্নিপৰীক্ষা' (১৯৩৭)।

(৫১০) 'সাতসৰী' গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ: দণ্ডিনাথ কলিতাই।

(৫১১) কবি নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সন্ধিয়াৰ সুৰ'।

(৫১২) কবি নলিনীবালা দেৱীৰ কবিতাপুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'সন্ধিয়াৰ সুৰ' (১৯২৮), 'সপোনৰ সুৰ' (১৯৪৮), 'পৰশমণি' (১৯৫৭), 'যুগদেৱতা' (১৯৫৮), 'জাগৃতি' (১৯৫২) আৰু 'অলকানন্দা' (১৯৬৪)।

(৫১৩) কোনখন গ্ৰন্থৰ বাবে, কিমান চনত নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'অলকানন্দা', ১৯৬৮ চনত।

(৫১৪) নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায়?

উত্তৰ: অতিন্দ্রীয়বাদী বা ৰহস্যবাদী।
(৫১৫) 'স্মৃতি তীৰ্থ' আৰু 'বিশ্বদীপা' কোনে ৰচনা কৰিছিল?
উত্তৰ: নলিনীবালা দেৱীয়ে।

(৫১৬) কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰে?
উত্তৰ: ১৯৫৮ চনত।

(৫১৭) পদ্মশ্ৰী উপাধিৰে সন্মানিত প্রথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ: নলিনীবালা দেৱী।

(৫১৮) অসম সাহিত্য সভা অধিবেশনৰ প্রথম সভানেত্ৰী গৰাকী কোন আছিল?
উত্তৰ: নলিনীবালা দেৱী।

(৫১৯) 'প্রাণৰ পৰশ' কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: ধৰ্মেশ্বৰী দেৱী বৰুৱানী।

(৫২০) ৰত্নকান্ত বৰকাকতীৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: 'শেৱালী' কাব্য।

(৫২১) 'শেৱালী' কাব্য গ্রন্থখন কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯৩২ চনত।

(৫২২) 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫২৩) The Origin and growth of the Assamese Language শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫২৪) ডিম্বেশ্বৰ নেওগে Tennyson-ৰ May Queen ৰ ছাঁ লৈ লেখা কবিতাটি কি?
উত্তৰ: উৰুকা।

(৫২৫) 'গীতি-কবি' কোন?
উত্তৰ: পার্বতী(৫২৬) 'বনবকুলবনৰ' কবি কোন?
উত্তৰ: আনন্দচন্দ্র আগৰৱালা।

(৫২৭) অতুলচন্দ্ৰ হাজৰিকাৰ কোনখন কবিতা পুথি চতুর্দশপদী কবিতাৰ সমষ্টি?
উত্তৰ: মণিমালা।

(৫২৮) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'লুইতৰ পাৰৰ অগ্নিসুৰ'।

(৫২৯) জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি?
উত্তৰ: 'শোণিত কুঁৱৰী'।

(৫৩০) জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম কি কি?
উত্তৰ: 'শোণিত কুঁৱৰী', 'কাৰেঙৰ লিগিৰী', 'লভিতা', 'ৰূপালীম', 'নিমাতী কইনা', 'সোণপখিলী' আৰু 'খনিকৰ'।

(৫৩১) প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ: 'জয়মতী'।

(৫৩২) প্রথম অসমীয়া কথাছবি 'জয়মতী' কোনে, কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই, ১৯৩৫ চনত। প্রসাদ বৰুৱা।

(৫৩৩) 'পাপৰি'ৰ কবি কোন?
উত্তৰ: গণেশ গগৈ।

(৫৩৪) আৱাহন যুগৰ শ্ৰেষ্ঠ কবিজন কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।

(৫৩৫) কলংপৰীয়া কবি কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।

(৫৩৬) দেৱকান্ত বৰুৱাই কাৰ নাটকীয় স্বগতোক্তিৰ আর্হিত কবিতা ৰচনা কৰিছিল?
উত্তৰ: ইংৰাজ কবি ৰবাৰ্ট ব্রাউলিঙৰ।

(৫৩৭) দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সাগৰ দেখিছা'।

(৫৩৮) জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ: 'মিৰি জীয়ৰী', ১৮৯৪ চন, ৰজনীকান্ত বৰদলৈ।

(৫৩৯) ৰজনীকান্ত বৰদলৈৰ দুখন ঐতিহাসিক উপন্যাসৰ নাম কলিখা।
উত্তৰ: 'মনোমতী' (১৯০০) আৰু 'নির্মল ভকত' (১৯২৬)।

(৫৪০) ৰজনীকান্ত বৰদলৈৰ 'মনোমতী', 'ৰঙ্গিলী', 'নির্মল ভকত', 'ৰহদৈ লিগিৰী' আৰু 'তাম্ৰেশ্বৰীৰ মন্দিৰ' এই উপন্যাস কেইখন কিহৰ পটভূমিত ৰচনা কৰা হৈছে?
উত্তৰ: মানৰ আক্ৰমণৰ পটভূমিত।

(৫৪১) ৰজনীকান্ত বৰদলৈৰ 'দন্দুৱাদ্রোহ' উপন্যাস কিহৰ পটভূমিত ৰচিত?
উত্তৰ: হৰদত্ত বীৰদত্ত।

(৫৪২) শৰৎচন্দ্র গোস্বামীৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'পানীপথ'।

(৫৪৩) 'চিত্ৰদর্শন' নামৰ উপন্যাসখনৰ ঔপন্যাসিক গৰাকী কোন?
উত্তৰ: হলিনাৰায়ণ দত্ত।

(৫৪৪) শৰৎচন্দ্র গোস্বামীৰ গল্পপুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'গল্পাঞ্জলি' (১৯১৪), 'ময়না' (১৯২০) আৰু 'বাজীকৰ'।

(৫৪৫) শৰৎচন্দ্র গোস্বামীয়ে কি ছদ্মনামেৰে, কি নাট ৰচনা কৰিছিল?
উত্তৰ: ৰূপচন্দ্র ভাগৱতী ছদ্মনামেৰে, 'পৰীক্ষা' নাট, ১৯১০ চন।

(৫৪৬) লক্ষ্মীনাথ ফুকনৰ দুখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: 'মালা' আৰু 'মৰমৰ মাধুৰী'।

(৫৪৭) 'ওফাইদাং' কাৰ গল্পপুথি?
উত্তৰ: লক্ষ্মীনাথ ফুকনৰ।

(৫৪৮) লক্ষ্মীনাথ ফুকনৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সোণালী সপোন'।

(৫৪৯) 'উকীলৰ জন্ম ৰহস্য' গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: মহীচন্দ্ৰ বৰা।

(৫৫০) 'বীণা বৰুৱা' ছদ্মনামেৰে কোনে গল্প আৰু উপন্যাস ৰচনা কৰিছিল?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই।

(৫৫১) বীণা বৰুৱাৰ গল্পপুথি দুখন কি কি?
উত্তৰ: ‌'আঘোণী বাই' (১৯৫০) আৰু 'পট পৰিৱৰ্তন' (১৯৪৮)।

(৫৫২) লক্ষ্মীধৰ শৰ্মাৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'ব্যর্থতাৰ দান'।

(৫৫৩) 'চিৰাজ' বিখ্যাত গল্পটোৰ গল্পকাৰ কোন?
উত্তৰ: লক্ষ্মীধৰ শৰ্মা।

(৫৫৪) সূৰ্য কুমাৰ ভূঞাৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'পঞ্চমী'।

(৫৫৫) সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'নিৰ্মালী'।

(৫৫৬) 'নুমলী কুঁৱৰী' কাৰ ৰচনা?
উত্তৰ: নকুল চন্দ্ৰ ভূঞাৰ।

(৫৫৭) হলিৰাম ডেকাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: চিত্ৰসেন যখৰীয়া।

(৫৫৮) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: 'বীণাৰ ঝংকাৰ'।

(৫৫৯) 'অৰুণা', 'মৰীচিকা', 'শিল্পীৰ জন্ম' আৰু 'জীৱনৰ জীয়া জুই' গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: ত্ৰৈলোক্য নাথ গোস্বামী।

(৫৬০) 'পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা', 'পুৰণি অসমীয়া সাহিত্য', আৰু 'Mother Goddess Kamakhya' কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(৫৬১) ভাষাতত্ব বিষয়ক প্রথম গবেষণামূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'অসমীয়া ভাষাৰ মৌলিক বিচাৰ', দেৱানন্দ ভৰালী।

(৫৬২) প্রকৃত অসমীয়া সাহিত্যৰ বুৰঞ্জী পোন প্ৰথমে কোনে ৰচনা কৰিছিল?
উত্তৰ: দেৱেন্দ্ৰনাথ বেজবৰুৱাই।

(৫৬৩) 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: কালিৰাম মেধি।

(৫৬৪) আধুনিক সাহিত্যৰ প্রথম সমালোচনাত্মক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'শংকৰদেৱ'।

(৫৬৫) আধুনিক যুগৰ সর্বশ্রেষ্ঠ সমালোচক গৰাকী কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।

(৫৬৬) 'সাহিত্য আৰু প্রেম' নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।

(৫৬৭) ড০ বাণীকান্ত কাকতিৰ ছদ্মনাম কি?
উত্তৰ: ভবানন্দ পাঠক।

(৫৬৮) 'অসমীয়া সাহিত্যৰ জিলিঙনি' আৰু 'অসমীয়া সাহিত্যৰ জেউতি' গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫৬৯) 'সাহিত্যৰ সাজ' পুথিখনৰ প্রণেতা কোন?
উত্তৰ: সোণাপতি দেৱ শৰ্মা।

(৫৭০) 'কাব্য আৰু অভিব্যঞ্জনা' আৰু 'সাহিত্য আৰু সমালোচনা' গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(৫৭১) 'বেশ্যা', 'কুকুৰ', 'কয়লা' আদি কবিতাৰ ৰচক কোন?
উত্তৰ: অমূল্য বৰুৱা।

(৫৭২) কাক আধুনিক কাব্যৰীতিৰ প্রৱর্তক বুলি ক'ব পাৰি?
উত্তৰ: হেম বৰুৱাক।

(৫৭৩) হেম বৰুৱা কোন যুগৰ কবি?
উত্তৰ: ৰামধেনু।
(৫৭৪) 'বান্দৰ' নামৰ কবিতাটোৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।

(৫৭৫) 'মমতাৰ চিঠি' কবিতাটিৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।

(৫৭৬) 'মমতাৰ চিঠি' কবিতাটো কাৰ কবিতাৰ উদ্ধৃতিৰে আৰম্ভ কৰা হৈছে?
উত্তৰ: এজৰা পাউণ্ডৰ।

(৫৭৭) হেম বৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ: 'বালিচন্দা' (১৯৬২) আৰু 'মন ময়ূৰী' (১৯৬৭)।

(৫৭৮) হেম বৰুৱাৰ এখন ভ্ৰমণ কাহিনী পুথিৰ নাম লিখা।
উত্তৰ: 'ৰঙা কৰৱীৰ ফুল'।

(৫৭৯) হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি?
উত্তৰ: 'আসাম এক্সপ্ৰেছ'।

(৫৮০) 'পছোৱা' আলোচনী কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেম বৰুৱাই।

(৫৮১) 'পছোৱা' নামৰ আলোচনীখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯৪৮ চনত।

(৫৮২) 'অৰুন্ধতীৰ কবি' ৰূপে খ্যাত কবি গৰাকী কোন?
উত্তৰ: নৱকান্ত বৰুৱা।

(৫৮৩) 'ইয়াত নদী আছিল' কবিতাটিৰ কবি কোন?
উত্তৰ: নৱকান্ত বৰুৱা।

(৫৮৪) নৱকান্ত বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'হে অৰণ্য, হে মহানগৰ'।

(৫৮৫) নৱকান্ত বৰুৱাৰ কবিতা পুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'হে অৰণ্য, হে মহানগৰ', 'এটি দুটি এঘাৰটি তৰা', 'ছবি আৰু স্কেল', 'সম্ৰাট', 'ৰাৱণ' আৰু 'মোৰ আৰু পৃথিৱীৰ'।

(৫৮৬) কোনখন উপন্যাসৰ বাবে, কিমান চনত নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'ককাদেউতাৰ হাড়', ১৯৭৫ চনত।

(৫৮৭) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'আমাৰ পৃথিৱী'।

(৫৮৮) সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈ।

(৫৮৯) অসমৰ সৰস্বতী আখ্যা কাক দিয়া হয়?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈক।

(৫৯০) নিৰ্মলপ্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'জলপদ্ম', ২০০১ চন।

(৫৯১) নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ: 'জীৱন জীৱন বৰ অনুপম'।

(৫৯২) নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্যিক ছদ্মনাম কি?
উত্তৰ: নীলা বাইদেউ।

(৫৯৩) নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনৰ নাম লিখা।
উত্তৰ: 'সোণবৰণীয়া আই' আৰু 'সুৰীয়া মাত'।

(৫৯৪) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'সুদীৰ্ঘ দিন আৰু ঋতু' পুথিৰ বাবে, ১৯৮৩ চনত।

(৫৯৫) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'বন ফৰিঙৰ ৰং'।

(৫৯৬) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: 'বন ফৰিঙৰ ৰং' আৰু 'দিনৰ পাছত দিন'।

(৫৯৭) ড০ হীৰেণ গোহাঞিৰ ছদ্মনাম কি?
উত্তৰ: নিৰঞ্জন ফুকন।

(৫৯৮) 'ৰূপৰ টিলিঙাৰ মাত' কবিতা সংকলনৰ ৰচক কোন?
উত্তৰ: মহেন্দ্ৰ বৰা।

(৫৯৯) 'গোলাপী জামুৰ লগ্ন' কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: নীলমণি ফুকন (কনিষ্ঠ)।

(৬০০) নীলমণি ফুকনে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'কবিতা' নামৰ কবিতা পুথিখনৰ বাবে, ১৯৮১ চনত।

পৰিৱেশ অধ্যয়ন

পৰিৱেশ অধ্যয়ন

১. বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন কেতিয়া প্রণয়ন কৰা হৈছিল ?
( ক ) ১৯৮১ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৮০ চনত
( ঘ ) ১৯৮৬ চনত
উত্তৰঃ ( ক ) ১৯৮১ চনত 

২. বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰা হয় ?
( ক ) ১০ জুন
( খ ) ৫ জুন 
( গ ) ১২ জুন
( ঘ ) ২২ জুন 
উত্তৰঃ ( খ ) ৫ জুন 

৩. চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
( ক ) ১৯৭৫ চনত
( খ ) ১৯৭১ চনত
( গ ) ১৯৭০ চনত
( ঘ ) ১৯৭২ চনত
উত্তৰঃ ( ঘ ) ১৯৭২ চনত

৪. প্রথম ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হৈছিল ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭০ চনত
( গ ) ১৯৬৫ চনত
( ঘ ) ১৯৬৭ চনত
উত্তৰঃ ( খ ) ১৯৭০ চনত

৫. সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?
( ক ) ক্ল’ৰফিল
( খ ) ক্ল'ৰফ্লৰ কার্বন
( গ ) অক্সিজেন
( ঘ ) এটাও নহয়
উত্তৰঃ ( ক ) ক্ল’ৰফিল 

৬. উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ? 
( ক ) অক্সিজেন
( ব ) কার্বন - ডাই - অক্সাইড
( গ ) নাইট্রজেন
( ঘ ) মিথেন
উত্তৰঃ ( খ ) কার্বন - ডাই - অক্সাইড

৭. নিম্নোক্ত কোনবিধ প্রাণী / চৰাই সর্বভক্ষী ?
( ক ) গৰু
( খ ) সিংহ 
( গ ) পাৰ
( ঘ ) কাউৰী
উত্তৰঃ ( ঘ ) কাউৰী

৮. অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাৰাত্মক ৰােগ হ'ব পাৰে ?
( ক ) ছালৰ কৰ্কট ৰােগ
( খ ) এইডছ 
( গ ) যক্ষ্মা
( ঘ ) এটাও নহয় 
উত্তৰঃ ( ক ) ছালৰ কৰ্কট ৰােগ

৯. শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?
( ক ) খণ্ডন
( খ ) বিচূর্ণীভৱন
( গ ) বতৰ অনুকুলন
( ঘ ) এটাও নহয়
উত্তৰঃ ( খ ) বিচূর্ণীভবন

১০. নিম্নোক্ত কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?
( ক ) বৰ্ষাৰণ্য
( খ ) পর্ণপাতী অৰণ্য
( গ ) তীৰৱৰ্তী অৰণ্য
( ঘ ) বিষুবীয় স্ক্রাব অৰণ্য
উত্তৰঃ ( ক ) বৰ্ষাৰণ্য

১১. এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্রয়ােজন ?
( ক ) ৩০০০ কেলৰি
( খ ) ৩২০০ কেলৰি
( গ ) ২৫০০ কেলৰি
( ঘ ) ৩৫০০ কেলৰি
উত্তৰ: ( গ ) ২৫০০ কেলৰি

১২. বিশ্বৰ কিমান এলেকা বনাঞ্চলে আগুৰি আছে ?
( ক ) এক তৃতীয়াংশ
( খ ) এক চতুর্থাংশ 
( গ ) এক পঞ্চমাংশ
( ঘ ) দুইভাগৰ এক অংশ 
উত্তৰঃ ( ক ) এক তৃতীয়াংশ 

১৩. পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংস পৰিমাণ আটাইতকৈ বেছি ?
( ক ) ইউৰােপ
( খ ) এছিয়া
( গ ) আফ্রিকা
( ঘ ) ওচেনিয়া 
উত্তৰঃ ( খ ) এছিয়া

১৪. নিম্নোক্ত কোনটো গেছ গােলকীয় উষ্ণতা বৃদ্ধিৰ লগত আটাইতকৈ বেছি জড়িত ?
( ক ) কার্বন - ডাই - অক্সাইড
( খ ) অক্সিজেন 
( গ ) নাইট্রজেন 
( ঘ ) এটাও নহয় 
উত্তৰঃ ( ক ) কার্বন - ডাই - অক্সাইড

১৫. পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে ?
( ক ) ৯০ % ( প্রায় )
( খ ) ৮৫ % ( প্রায় )
( গ ) ৯২ % ( প্রায় )
( ঘ ) ৯৭ % ( প্রায় )
উত্তৰ: ( ঘ ) ৯৭ % ( প্রায় )

১৬. পৃথিৱীত কিমান প্ৰকাৰৰ খনিজ ধাতু পােৱা যায় ?
( ক ) ৬০ প্রকাৰৰ
( খ ) ৮০ প্রকাৰৰ
( গ ) ৮৮ প্রকাৰৰ
( ঘ ) ৯৪ প্রকাৰৰ
উত্তৰঃ ( গ ) ৮৮ প্ৰকাৰৰ

১৭. এনথ্রাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পােৱা যায় ?
( ক ) বিহাৰত
( খ ) জম্মু কাশ্মীৰত
( গ ) অসমত
( ঘ ) অন্ধ্রপ্রদেশ
উত্তৰঃ ( খ ) জম্মু কাশ্মীৰত

১৮. বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পােৱা যায় ?
( ক ) চৌদি আৰব
( খ ) ভাৰতবর্ষ
( ঘ ) জাপান 
(ঙ) নেপাল
উত্তৰঃ ( ক ) চৌদি আৰব 

১৯. তলৰ কোনবিধ খনিজ পদার্থক ক'লা হীৰা আখ্যা দিয়া হয় ?
( ক ) পেট্রলিয়াম
( খ ) পাৰা
( গ ) কয়লা
( ঘ ) এটাও নহয় 
উত্তৰঃ ( গ ) কয়লা 

২০. পনীয়া সােণ বুলিলে নিম্নোক্ত কোনবিধ খনিজ পদার্থক বুজা যায় ?
( ক ) কয়লা
( খ ) খাৰুৱা তেল
( গ ) মেংগানিজ
( ঘ ) ইউৰেণিয়াম
উত্তৰঃ ( খ ) খাৰুৱা তেল 

২১. মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কিমান ?
( ক ) প্রথম 
( খ ) দ্বিতীয়
( গ ) তৃতীয় 
( ঘ ) চতুর্থ
উত্তৰঃ ( ক ) প্রথম

২২. নিম্নোক্ত কোনটো মানৱসৃষ্ট দুর্যোগ ?
( ক ) বানপানী
( খ ) ভূমিস্খলন
( গ ) ভূমিকম্প
( ঘ ) দুর্ঘটনা
উত্তৰঃ ( ঘ ) দুর্ঘটনা

২৩. নিম্নোক্ত কোনটো প্রকৃতিসৃষ্ট দুর্যোগ ?
( ক ) দুর্ঘটনা
( খ ) সাগৰীয় ছুনামি
( গ ) বােমা বিস্ফোৰণ
( ঘ ) এটাও নহয় 
উত্তৰঃ ( খ ) সাগৰীয় চুনামি

২৪. Pollution ( প্ৰদূষণ ) শব্দটো কি ভাষাৰ পৰা আহিছে ?
( ক ) লেটিন
( খ ) ফৰাচী
( গ ) জার্মান 
( ঘ ) গ্রীক
উত্তৰঃ ( ক ) লেটিন 

২৫. বাঘক ‘বিপন্ন প্রাণী’ হিচাপে কেতিয়া ঘােষণা কৰা হয় ?
( ক ) ১৯৬০ চনত
( খ ) ১৯৬২ চনত
( গ ) ১৯৬৮ চনত
( ঘ ) ১৯৬৫ চনত 
উত্তৰঃ ( গ ) ১৯৬৮ চনত

২৬. কোনটো চন আন্তর্জাতিক জলবর্ষ হিচাপে পালন কৰা হৈছে ?
( ক ) ২০০৩ চন
( খ ) ২০০৪ চন
( গ ) ২০০৫ চন
( ঘ ) ২০০৮ চন 
উত্তৰঃ ( ক ) ২০০৩ চন

২৭. কপৌফুল এবিধ —
( ক ) পৰাশ্রয়ী উদ্ভিদ 
( খ ) পৰজীৱি উদ্ভিদ
( গ ) পতংগভােজী উদ্ভিদ
( ঘ ) এটাও নহয় 
উত্তৰঃ ( ক ) পৰাশ্রয়ী উদ্ভিদ

২৮. ৰ’দ মুকুতা এবিধ —
( ক ) পৰাশ্রয়ী উদ্ভিদ 
( খ ) পৰজীৱি উদ্ভিদ 
( গ ) পতংগভােজী উদ্ভিদ
( ঘ ) এটাও নহয় 
উত্তৰঃ ( গ ) পতংগভোজী উদ্ভিদ

২৯. কলচী উদ্ভিদ হ'ল —
( ক ) পৰাশ্রয়ী উদ্ভিদ ।
( খ ) পতংগভােজী উদ্ভিদ
( গ ) পৰজীৱি উদ্ভিদ 
( ঘ ) এটাও নহয় 
উত্তৰঃ ( খ ) পতংগভােজী উদ্ভিদ

৩০. ভাৰতত ব্যাঘ্র প্রকল্প কেতিয়া আৰম্ভ কৰা হয় ?
( ক ) ১৯৭৩ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৭০ চনত
( ঘ ) ১৯৮০ চনত
উত্তৰঃ ( ক ) ১৯৭৩ চনত

৩১. কলচী উদ্ভিদ ক'ত পােৱা যায় ?
( ক ) অসম
( খ ) মণিপুৰ
( গ ) মেঘালয়
( ঘ ) ত্ৰিপুৰা
উত্তৰঃ ( গ ) মেঘালয়

৩২. নিম্নোক্ত কোনবিধ বিলুপ্ত প্রজাতিৰ উদাহৰণ ?
( ক ) বাঘ
( খ ) মৰা চৰাই
( গ ) হাতী
( ঘ ) ডড’ চৰাই
উত্তৰঃ ( ঘ ) ডড’ চৰাই

৩৩. মেলেৰিয়াৰ মহৌষধ ‘কুইনাইন’ কিহৰ পৰা প্রস্তুত কৰা হয় ?
( ক ) চিনকোণাৰ পৰা ।
( খ ) নিমগছৰ পৰা ।
( গ ) মাটিকঠালৰ পৰা
( ঘ ) এটাও নহয়
উত্তৰঃ ( ক ) চিনকোণাৰ পৰা

৩৪. UNESCOয়ে জৈৱ মণ্ডল সংৰক্ষণ আঁচনি কেতিয়া আৰম্ভ কৰে ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৭১ চনত
( ঘ ) ১৯৮০ চনত
উত্তৰঃ ( গ ) ১৯৭১ চনত

৩৫. কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ?
( ক ) অসম
( খ ) উত্তৰপ্ৰদেশ
( গ ) অন্ধ্রপ্রদেশ
( ঘ ) গুজৰাট
উত্তৰঃ ( খ ) উত্তৰপ্ৰদেশ 

৩৬. কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন নিন্মােক্ত কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত ?
( ক ) হাতী
( খ ) সিংহ
( গ ) বাঘ
( ঘ ) গঁড়
উত্তৰঃ ( গ ) বাঘ 

৩৭. ভাৰতত হস্তী প্রকল্প কেতিয়া আৰম্ভ হয় ?
( ক ) ১৯৯২ চনত
( খ ) ১৯৯৪ চনত 
( গ ) ১৯৯৫ চনত
( ঘ ) ১৯৯৮ চনত
উত্তৰঃ ( ক ) ১৯৯২ চনত

৩৮. অজ’ন বিন্ধা / গহুৰৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে ?
( ক ) ১৯৮০ চনত
( খ ) ১৯৮৪ চনত
( গ ) ১৯৮২ চনত
( ঘ ) ১৯৮৫ চনত
উত্তৰঃ ( ঘ ) ১৯৮৫ চনত

৩৯. ভূমিকম্পৰ প্ৰাৱল্য জোখা স্কেলডালৰ নাম কি ?
( ক ) ৰিখটাৰ
( খ ) ডেচিব 
( গ ) হার্টজ
( ঘ ) এটাও নহয়
উত্তৰঃ ( ক ) ৰিখটাৰ

৪০. অসমত কেতিয়া বৰ ভূইকঁপ হৈছিল ?
( ক ) ১৯৫২ চনত
( খ ) ১৯৫০ চনত
( গ ) ১৯৫৪ চনত
( ঘ ) ১৯৫৫ চনত
উত্তৰ: ( খ ) ১৯৫০ চনত

৪১. ষ্টকহম কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭০ চনত
( গ ) ১৯৭৪ চনত
( ঘ ) ১৯৭৫ চনত
উত্তৰঃ ( ক ) ১৯৭২ চনত

৪২. বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?
( ক ) টকিঅ'ত
( খ ) পেৰিচত
( গ ) ৰিঅ' - ডি - জেনেৰিঅ'ত
( ঘ ) দিল্লীত
উত্তৰঃ ( গ ) ৰিঅ’ - ডি - জেনেৰিঅ'ত 

৪৩. ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কেতিয়া হাতত লয় ?
( ক ) ১৯৫২ চনত
( খ ) ১৯৫৬ চনত
( গ ) ১৯৬২ চনত
( ঘ ) ১৯৫৮ চনত
উত্তৰঃ ( ক ) ১৯৫২ চনত

৪৪. Ecosystem শব্দটো সর্বপ্রথমে ব্যৱহাৰ কৰিছিল —
( ক ) R . L . Lindeman
( খ ) E . P . odum
( গ ) A . G . Tansley
( ঘ ) Earnst Itaeckel
উত্তৰঃ ( ঘ ) Earnst Itaeckel

৪৫. কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বৃহৎ ঘাঁহনি অঞ্চলবােৰৰ নাম হ'ল —
( ক ) পেম্পাছ
( খ ) প্রেইৰী
( গ ) ষ্টেপছ
( ঘ ) ডাউনছ
উত্তৰ: ( গ ) ষ্টেপছ

৪৬. থৰ মৰুভূমি ক'ত অৱস্থিত ?
( ক ) পাকিস্থানত
( খ ) ভাৰতত
( গ ) চীনত
( ঘ ) আৰবত
উত্তৰঃ ( খ ) ভাৰতত

৪৭. গােবী মৰুভূমি কোন দেশত অৱস্থিত ?
( ক ) আফ্রিকা
( খ ) ইৰাণ
( গ ) চীন
( ঘ ) ভাৰত
উত্তৰঃ ( গ ) চীন

৪৮. ভাৰতবৰ্ষত ব্যাঘ্র প্রকল্প থকা অভয়াৰণ্যৰ সংখ্যা —
( ক ) ১০ খন
( খ ) ৮ খন 
( গ ) ১১ খন
( ঘ ) ১৪ খন
উওৰঃ ( গ ) ১১ খন

৪৯. অসমত ব্যাঘ্র প্রকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম —
( ক ) কাজিৰঙা
( গ ) মানস
( খ ) ডিব্রু চৈখােৱা 
( ঘ ) পৱিতৰা
উত্তৰঃ ( গ ) মানস

৫০. মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যস্ৰ প্ৰকল্পৰ যােজনা কিমান চনত আৰম্ভ হয় ?
( ক ) ১৯৭০
( খ ) ১৯৭৩
( গ ) ১৯৯০
( ঘ ) ২০০৫
উত্তৰঃ ( খ ) ১৯৭৩

৫১. অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা হ'ল —
( ক ) ৭ খন
( খ ) ৫ খন
( গ ) ৩ খন 
( ঘ ) ৮ খন
উত্তৰঃ ( ক ) ৭ খন

৫২. বায়ুমণ্ডলত নাইট্রজেন গেছৰ পৰিমাণ —
( ক ) ৭৮ . ০৮ শতাংশ
( খ ) ৭৫ . ০৮ শতাংশ
( গ ) ৭১ . ০৮ শতাংশ
( ঘ ) ৭০ . ০৮ শতাংশ 
উত্তৰঃ ( ক ) ৭৮ . ০৮ শতাংশ ।

৫৩. বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় —
( ক ) ১১ জুলাইত
( খ ) ৫ জুন
( গ ) ১৭ জানুৱাৰী
( ঘ ) ২০ জুন
উত্তৰঃ ( খ ) ৫ জুন

৫৪. বায়ু ( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ ) আইন কোন চনত প্রণয়ন কৰা হয় —
( ক ) ১৯৮১
( খ ) ১৯৮২
( গ ) ১৯৮৬
( ঘ ) ১৯৭২
উত্তৰঃ ( ক ) ১৯৮১ 

৫৫. বন্যজীৱ সংৰক্ষণ আইন কোন চনত প্রণয়ন হয় —
( ক ) ১৯৭০
( খ ) ১৯৭৫
( গ ) ১৯৭২
( ঘ ) ১৯৮৬
উত্তৰঃ ( গ ) ১৯৭২

৫৬. পৰিবেশ সংৰক্ষণ আইন বলবৎ হয় —
( ক ) ১৯৮৬ , ১৫ জানুৱাৰী
( খ ) ১৯৮৭ , ৫ জুন
( গ ) ১৯৮৬ , ১৯ নৱেম্বৰ
( ঘ ) ১৯৮১ , ২০ নৱেম্বৰ 
উত্তৰঃ ( গ ) ১৯৮৬ , ১৯ নৱেম্বৰ

৫৭. তলৰ কোনখন অভয়াৰণ্যক World Heritage Site হিচাপে ঘােষণা কৰা হৈছে —
( ক ) পবিতৰা
( খ ) মানস
( গ ) ওৰাং 
( ঘ ) গৰমপানী অভয়াৰণ্য
উত্তৰ: ( খ ) মানস / মানাহ

৫৮. ভূপাল গেছ দুর্ঘটনাটোৰ বাবে একমাত্র দায়ী গেছটো হ'ল —
( ক ) MIC
( খ ) DDT
( গ ) SO
( ঘ ) Dioxins
উত্তৰঃ ( ক ) MIC

৫৯. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি জন্তুৰ বাবে বিখ্যাত ?
( ক ) একশিঙিয়া গড়
( খ ) বাঘ 
( গ ) হাতী
( ঘ ) নল গাহৰি
উত্তৰঃ ( ক ) একশিঙিয়া গড়

৬০. বন-ঘৰচীয়া ঘোঁৰা পােৱা একমাত্র ৰাষ্ট্ৰীয় উদ্যানখন হ'ল —
( ক ) পৱিতৰা
( খ ) ডিব্ৰু - চৈখােৱা
( গ ) নামেৰী
( ঘ ) ঔৰাং
উত্তৰঃ ( খ ) ডিব্ৰু - চৈখােৱা

৬১. তলৰ কোনটো বিলুপ্তপ্রায় ( extinct species ) প্রজাতি
( ক ) দোগং ( Dugong )
( খ ) বৰটোকোলা ( Great Indian bnstard )
( গ ) ডড' ( Dodo )
( ঘ ) ৰেড পাণ্ডা ( Red Panda )
উত্তৰঃ ( খ ) বৰটোকোলা ( Great Indian bnstard ) 

৬২. উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগৰে বসতিস্থান —
( ক ) পানী
( খ ) মাটি
( গ ) বায়ুমণ্ডল
( ঘ ) উল্লেখিত আটাইকেইটা
উত্তৰঃ ( ক ) পানী

৬৩. ভেকুৰ এবিধ —
( ক ) উৎপাদক
( খ ) উপভােক্তা
( গ ) বিয়ােজক
( ঘ ) এটাও নহয়
উত্তৰঃ ( গ ) বিয়ােজক

৬৪. তলৰ কোনটো অস্থাৱৰ প্ৰদূষকৰ উদাহৰণ —
( ক ) প্লাষ্টিক
( খ ) পাৰা
( গ ) সীহ
( ঘ ) খাদ্যৰ অৱশিষ্ট
উত্তৰঃ ( ঘ ) খাদ্যৰ অৱশিষ্ট

৬৫. ব্লবেবি ৰােগ বা মিথেমা গ্লবিনেমিয়া বুলিলে
( ক ) কেচুৱাৰ ৰােগ
( খ ) বয়সস্থ লােকৰ ৰোগ
( গ ) কেৱল মহিলাৰ
( ঘ ) এটাও নহয়
উত্তৰঃ ( ক ) কেঁচুৱাৰ ৰােগ 

৬৬. এজেণ্ট অৰেঞ্জ কোনে ব্যৱহাৰ কৰিছিল —
( ক ) ৰাছিয়াৰ সৈনিকে
( খ ) চীন সৈনিকে
( গ ) মার্কিন সৈনিকে
( ঘ ) এটাও নহয়
উত্তৰঃ ( গ ) মার্কিন সৈনিকে

শংকৰদেৱ

শংকৰদেৱ
১) 'জগত গুৰু' কোন ?
উত্তৰ- শংকৰদেৱ।
(২) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।
(৩) শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।
(৪) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।
(৫) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।
(৬) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।
(৭) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।
(৮) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।
(৯) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ? 
উত্তৰ- কালিন্দী।
(১০) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।
(১১) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ? 
উত্তৰ- কোচবিহাৰত।
(১২) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।
(১৩) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
উত্তৰ- বেলগুৰিত।
(১৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- 'মণিকাঞ্চন সংযোগ'।
(১৫) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।
(১৬) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।
(১৭) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(১৮) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মদন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।
(১৯) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।
(২০) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয় ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।
(২১) 'ভকতিৰ চাৰিখুঁটি' কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।
(২২) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
(২৩) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।
(২৪) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ? 
উত্তৰ- 'ভক্তি-ৰত্নাকৰ'।
(২৫) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।
(২৬) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।
(২৭) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- 'কীৰ্তন' আৰু 'গুণমালা'।
(২৮) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'কীৰ্তন'।
(২৯) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।
(৩০) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।
(৩১) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।
(৩২) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।
(৩৩) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।
(৩৪) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ? 
উত্তৰ- শংকৰদেৱ।
(৩৫) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: 'চিহ্ন-যাত্রা'।
(৩৬) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- 'চিহ্ন-যাত্রা'।
(৩৭) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(৩৮) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(৩৯) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।
৪০) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।
(৪১) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।
(৪২) 'কেলিগোপাল' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।
(৪৩) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- 'ৰাসক্রীড়া'।
(৪৪) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: 'ৰুক্মিণীহৰণ'।
(৪৫) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।
(৪৬) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- 'পাৰিজাত হৰণ'।
(৪৭) 'পাৰিজাত হৰণ' নাটৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
(৪৮) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।
(৪৯) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- 'ৰামবিজয়'।
(৫০) 'ৰামবিজয়' নাটৰ মূল কি ?
উত্তৰ- 'আদিকাণ্ড ৰামায়ণ'।
(৫১) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।
(৫২) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।
(৫৩) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।
(৫৪) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।
(৫৫) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।
(৫৬) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- 'মন মেৰি ৰাম চৰণেহি লাগু'।
(৫৭) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।
(৫৮) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।
(৫৯) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।
(৬০) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(৬১) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.
(৬২) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song. 
(৬৩) বৰগীতসমূহক 'Holy Song' বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।
(৬৪) 'গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে' শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।
(৬৫) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।
(৬৬) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।
(৬৭) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।

অসম টেটৰ বাবে অসমীয়া

অসম টেটৰ বাবে অসমীয়া

অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ http://surl.li/akunp

অসমীয়া ভাষাৰ উপভাষা http://surl.li/akunt

অসমীয়া উপভাষা
http://surl.li/akunv

শঙ্কৰদেৱ http://surl.li/akunw 

মাধৱদেৱ http://surl.li/akunx

লক্ষ্মীনাথ বেজবৰুৱা http://surl.li/akuob

পদ্মনাথ গোহাঞিবৰুৱা http://surl.li/akuro

চন্দ্ৰকুমাৰ আগৰৱালা
http://surl.li/akurq

হেম বৰুৱা http://surl.li/akuoe

ভবেন্দ্ৰনাথ শইকীয়া http://surl.li/akuoh

নিৰ্মলপ্ৰভা বৰদলৈ http://surl.li/akuoi

U জ্যোতিপ্ৰসাদ আগৰৱালা http://surl.li/akupd

U ভবানন্দ দত্ত http://surl.li/akupe

U বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য http://surl.li/akupg

অসমীয়া ব্যাকৰণ http://surl.li/akuok

বৰ্ণমালা http://surl.li/akuol

ণত্ববিধি আৰু ষত্ববিধি http://surl.li/akuom

সন্ধি http://surl.li/akuoo

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য‌ http://surl.li/akuop

বিভক্তি http://surl.li/akuoq

সম্বন্ধবাচক পুৰুষ বিভক্তি http://surl.li/akuos

U শব্দ বিভক্তি http://surl.li/akupj

U ক্ৰিয়া বিভক্তি http://surl.li/akupk

লিংগ http://surl.li/akuou

বচন http://surl.li/akuov

নিৰ্দিষ্টবাচক প্ৰত্যয় http://surl.li/akuow

U সমাস http://surl.li/akupm

U যতি চিন http://surl.li/akupu

U সমাৰ্থক শব্দ http://surl.li/akupx

U বিপৰীত শব্দ http://surl.li/akupy

U বানান http://surl.li/akuqa

U উচ্চাৰণ http://surl.li/akuqb

U উক্তি http://surl.li/akuqc

মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য http://surl.li/akuoy

ভাষা শিক্ষণৰ কৌশল http://surl.li/akupa

অসমীয়া

১)অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

উত্তৰ: আৰ্য।

২)অসমীয়া ভাষাই ৰূপ পায় কেতিয়া?

উত্তৰ: দশম-একাদশ শতিকাত।

৩)অসমীয়া ভাষাত প্ৰভাব পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

উত্তৰ: তিব্বত বৰ্মী।

৪)আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?

উত্তৰ: নৰকাসুৰ।

৫)অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন?

উত্তৰ: নৰকাসুৰ।

৬)ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

৭)মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল-

উত্তৰ: পালি ভাষা।

৮)প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

উত্তৰ: বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

৯)প্ৰাকৃত ভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

১০)আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায়?

উত্তৰ: অশোকৰ শিলালিপিত।

১১)অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি?

উত্তৰ: কীৰ্তিলতা।

১২)সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়?

উত্তৰ: চৰ্যাপদ।

১৩)প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা?

উত্তৰ: চাৰিটা।

১৪)প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা?

উত্তৰ: চাৰিটা।

১৫)প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা

উত্তৰ: পশ্চিম বংগৰ উপভাষা।

১৬)অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন?

উত্তৰ: হিউৱেনচাং।

১৭)চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

উত্তৰ: ধ্বনিতত্ত্ব।

১৮)চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ’ল-

উত্তৰ: মোলান।

১৯)মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰ: ৰামায়ণ।

২০)অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি?

উত্তৰ: কৃষ্ণ কীৰ্ত্তন।

২১)মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যিৰ উল্লেখযোগ্য নিদৰ্শন কি?

উত্তৰ: বুৰঞ্জী সাহিত্য।

২২)বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপী উপভাষা।

২৩)তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।

উত্তৰ: বুৰঞ্জীৰ পৰা।

২৪)কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?

উত্তৰ: দশম শতিকাত।

২৫)কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?

উত্তৰ: বিহাৰৰ পূৰ্ণিয়া জিলা।

২৬)উপভাষা কাক বোলে?

উত্তৰ: ভাষাৰ আঞ্চলিক ৰূপক।

২৭)ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয়?

উত্তৰ: সাহিত্যিকে।

২৮)ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এট উপাদান হ’ল-

উত্তৰ: যাতায়তৰ সুবিধা।

২৯)মান্য ভাষাৰ সৃষ্টি হয়-

উত্তৰ: উপভাষাৰ পৰা।

৩০)উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্যভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩১)উপভাষা এটাই মান্য ভাষাৰ স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ’ল-

উত্তৰ: বাতৰি কাকত।

৩২)সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩৩)শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপ।

৩৪)অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

উত্তৰ: কামৰূপী।

৩৫)অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি যোগোৱা ভাষাটো হ’ল-

উত্তৰ: বড়ো।

৩৬)আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

উত্তৰ: শিৱসাগৰ।

৩৭)দক্ষিণপাৰত চলা উপভাষাটো ব্যৱহাৰ হয়-

উত্তৰ: ছয়গাঁও।

৩৮)অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটো হ’ল-

উত্তৰ: কমতাপুৰ।

৩৯)কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

উত্তৰ: সোতৰ শতিকাৰ পিছত।

সমাজ বিজ্ঞানৰ ১২০টা প্ৰশ্ন-উত্তৰ

সমাজ বিজ্ঞান

১) প্ৰশ্ন : অসমৰ মাটিকালি কিমান?

উত্তৰ : ৭৮,৪৩৮ বৰ্গ কি:মি:।

২) প্ৰশ্ন : অসমৰ মুঠ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ : ২০০১ চনৰ লোকপিয়ল মতে ২৬,৬৩৮,৪০৭ জন ; সাক্ষৰতাৰ হাৰ ৬৪.২৮ শতাংশ।

৩) প্ৰশ্ন : অসমৰ সৰ্বমুঠ জিলা কেইখন?

উত্তৰ : ৩৩ খন।

৪) প্ৰশ্ন : প্ৰাচীন কামৰূপক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল?

উত্তৰ : চাৰিটা। (ক) ৰত্নপীঠ, (খ) কামপীঠ, (গ) সুৱৰ্ণপীঠ, (ঘ) সৌমাৰপীঠ।

৫) প্ৰশ্ন : আহোমসকল কেতিয়া অসমলৈ আহিছিল?

উত্তৰ : ইংৰাজী ১২২৮ চনত।

৬) প্ৰশ্ন : অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?

উত্তৰ : আহোম সকলে।

৭) প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ।

৮) প্ৰশ্ন : কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল?

উত্তৰ : ল’ৰাৰজা চুলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত।

৯) প্ৰশ্ন : আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰ : চাওলুং চুকাফা।

১০) প্ৰশ্ন : আহোম ৰাজত্বৰ সোণালী যুগত ‘দেশদ্ৰোহী’ৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?

উত্তৰ : ৰূপ সিং বঙালে।

১১) প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।


 
১২) প্ৰশ্ন : বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?


 
উত্তৰ : সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে।

১৩) প্ৰশ্ন : কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?

উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)

১৪) প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া।

১৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?

উত্তৰ : হাজোত।

১৭) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?

উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।

১৮) প্ৰশ্ন : অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?

উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

১৯) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

২০) প্ৰশ্ন : ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং।

২১) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।

২২) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।

২৩) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

২৪) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।

২৫) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।

২৬) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৭) প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।

২৮) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।

২৯) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।

৩০) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।

৩১) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন?

উত্তৰ : তৰুণৰাম ফুকন।

৩২) প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৩ চনত।

৩৩) প্ৰশ্ন : বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৭৯ চনত।

৩৪) প্ৰশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?

উত্তৰ : ১৯৭৯ চনত।

৩৫) প্ৰশ্ন : কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?

উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)

৩৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?

উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।

৩৭) প্ৰশ্ন : স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?

উত্তৰ : পিয়লি ফুকন।

৩৮) প্ৰশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।


 
৩৯) প্ৰশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।

৪০) প্ৰশ্ন : তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?

উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)

৪১) প্ৰশ্ন : ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?

উত্তৰ : হাগ্ৰামা মহিলাৰী।

৪২) প্ৰশ্ন : ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?

উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)

৪৩) প্ৰশ্ন : কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ২০০৩ চনত।

৪৪) প্ৰশ্ন : অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

ৰাষ্ট্ৰীয়
৪৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।

উত্তৰ : মুণ্ডক।

৪৬) প্ৰশ্ন : ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি?

উত্তৰ : ম’ৰা চৰাই আৰু বাঘ।

৪৭) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?

উত্তৰ : ৰাষ্ট্ৰপতি।

৪৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?

উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

৪৯) প্ৰশ্ন : ভাৰতৰ প্ৰথম আই. পি. এচ. বিষয়া গৰাকী কিন?

উত্তৰ : কিৰণ বেদী (১৯৭২)।



৫০) প্ৰশ্ন : ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

উত্তৰ : ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

৫১) প্ৰশ্ন : ৰাষ্ট্ৰীয় সংগীত ‘জনগন মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?

উত্তৰ : ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।

৫২) প্ৰশ্ন : ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?

উত্তৰ : বাবা চাহেব ভীমৰাও আম্বেদকাৰ (বি. আৰ. আম্বেদকাৰ)।

৫৩) প্ৰশ্ন : ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি?


 
উত্তৰ : হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।


 
৫৪) প্ৰশ্ন : কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?

উত্তৰ : ১৯১১ চনত।

৫৫) প্ৰশ্ন : কোনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক নিযুক্তি দিয়ে?

উত্তৰ : ৰাষ্ট্ৰপতিয়ে।

৫৬) প্ৰশ্ন : ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ : ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১০২,৭০,১৫,২৪৭ জন। সাক্ষৰতাৰ হাৰ ৬৫.৩৮ শতাংশ।

৫৭) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।

৫৮) প্ৰশ্ন : কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?

উত্তৰ : এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।

৫৯) প্ৰশ্ন : ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?

উত্তৰ : ৰাজা ৰামমোহন ৰায়।

৬০) প্ৰশ্ন : কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰতাগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)।

৬১) প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন?

উত্তৰ : টেনজিং নৰ্গে।

৬২) প্ৰশ্ন : প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?

উত্তৰ : আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

৬৩) প্ৰশ্ন : প্ৰথম কোন মহিলাই ‘ভাৰতৰত্ব’ উপাধি লাভ কৰিছিল?

উত্তৰ : ইন্দিৰা গান্ধী (১৯৭২ চন)।

৬৪) প্ৰশ্ন : ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম্‌ অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ : এছ. শ্ৰীনিবাস আয়েঙ্গাৰ।

৬৫) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?

উত্তৰ : ফাতেমা বিবি।

৬৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি পদ কোনে অলংকৃত কৰিছিল?

উত্তৰ : উমেশচন্দ্ৰ বেনৰ্জি।

৬৭) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ ব্যৱস্থা কি?

উত্তৰ : ভাৰতৰ সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিলৈকে লিখি পদত্যাগ কৰিব পাৰে।


 
৬৮) প্ৰশ্ন : ভাৰতৰ ‘পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি’ কোনে প্ৰচলন কৰিছিল?

উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰুৰ।

৬৯) প্ৰশ্ন : পঞ্জাবৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন?

উত্তৰ : জেনেৰেল ডায়াৰ।

৭০) প্ৰশ্ন : কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?

উত্তৰ : ১৯৫৪ চনত।

৭১) প্ৰশ্ন : মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চত বিখ্যাত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া মুক্তি যুঁজাৰু জন কোন আছিল?

উত্তৰ : লীলাধৰ বৰুৱা।

৭২) প্ৰশ্ন : ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?

উত্তৰ : ওৱাৰেণ হেষ্টিংছ।

৭৩) প্ৰশ্ন : ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কেতিয়া কৰিছিল?

উত্তৰ : শ্বেৰচাহে (১৫৪২ চনত)।

৭৪) প্ৰশ্ন : তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সম্ভন্ধ কি?

উত্তৰ : পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থি।

৭৫) প্ৰশ্ন : ‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল?

উত্তৰ : বালগঙ্গাধৰ তিলকে।

৭৬) প্ৰশ্ন : ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰে?

উত্তৰ : কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩ চন)।

৭৭) প্ৰশ্ন : আটাইতকৈ পুৰণি বেদখনৰ নাম কি?

উত্তৰ : ঋকবেদ।

৭৮) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোন গ্ৰীকপ্পৰিব্ৰাজক ভাৰতলৈ আহিছিল?

উত্তৰ : মেগাস্থেনিছ।

৭৯) প্ৰশ্ন : মহামতি আকবৰৰ হিন্দু পত্নী গৰাকীৰ নাম কি?

উত্তৰ : জোধাবাই।

৮০) প্ৰশ্ন : ভাৰতৰ প্ৰাচীন সভ্যতাক কি কয়?

উত্তৰ : সিন্ধু সভ্যতা।

৮১) প্ৰশ্ন : বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী সমূহক কি বুলি কোৱা?

উত্তৰ : জাতকৰ কাহিনী।

৮২) প্ৰশ্ন : বোমা বিস্ফোৰণ ঘটি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কোন ঠাইত মৃত্যু হৈছিল?

উত্তৰ : শ্ৰীপেৰামবুদুৰ (তামিলনাডু)।

৮৩) প্ৰশ্ন : ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা প্ৰণালীটোৰ নাম কি?

উত্তৰ : পক্‌ প্ৰণালী।

৮৪) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোন ৰজাক জ্ঞানী-মূৰ্খ ৰজা বুলি কোৱা হয়?

উত্তৰ : মহম্মদ বিন টোঘলক।


৮৫) প্ৰশ্ন : মানুহৰ প্ৰথম বাহন কি?

উত্তৰ : জন্তু।

৮৬) প্ৰশ্ন : কৃষি কাৰ্য আৰু চিকাৰৰ ভিতৰত মানুহৰ অধিক পুৰণি ব্যৱসায় কোনটো?

উত্তৰ : চিকাৰ।

৮৭) প্ৰশ্ন : প্ৰাচীন ভাৰতৰ মহাকব্য দুখনৰ নাম কি?

উত্তৰ : ৰামায়ণ আৰু মহাভাৰত।

৮৮) প্ৰশ্ন : দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন?

উত্তৰ : চুলতানা ৰেজিয়া।

৮৯) প্ৰশ্ন : আশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি?

উত্তৰ : ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপি।

৯০) প্ৰশ্ন : জৈন ধৰ্মৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ : দুটা ; হীনযান আৰু মহাযান।

৯১) প্ৰশ্ন : মুছলমান সকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ : দুটা ; চিয়া আৰু চুন্নী।

৯২) প্ৰশ্ন : কোনে ময়ুৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল?

উত্তৰ : নাদিৰ চাহে।

৯৩) প্ৰশ্ন : ভাৰতৰ ‘লৌহমানৱ’ কোন?

উত্তৰ : চৰ্দাৰ বল্লভ ভাই পেটেল।

৯৪) প্ৰশ্ন কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?

উত্তৰ : ১৯৫৪ চনত।

আন্তঃৰাষ্ট্ৰীয়
৯৫) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : শ্ৰীমাভো বন্দৰ নায়ক (শ্ৰীলংকা)।

৯৬) প্ৰশ্ন : এক লাখ ইহুদীক হত্যা কৰি ইতিহাসৰ পাত কলংকিত কৰা ব্যক্তি তথা শাসক জন কোন আছিল?

উত্তৰ : এডলফ্‌ হিটলাৰ (জাৰ্মানী)।

৯৭) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ বেছি লুণীয়া পানীৰ সাগৰ কোনখন?

উত্তৰ : মৃত সাগৰ।

৯৮) প্ৰশ্ন : ‘চিন্‌লু’ কি?

উত্তৰ : জাপানৰ এটা প্ৰাচীন জাতিগোষ্ঠী।

৯৯) প্ৰশ্ন : ‘বগা মানুহৰ কবৰ’ (White Man’s Grave) কাক কোৱা হয়?

উত্তৰ : গিনি কোৰ্ট।

১০০) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় কোনখন?

উত্তৰ : মুছলিম ইউনিভাৰচিটি অৱ কাইৰন মৰক্কোৰ ফেজ চহৰত। স্থাপিত খৃঃ পূঃ ৮৫৯।

১০১) প্ৰশ্ন : ফৰাচী বিপ্লৱৰ জন্মদাতা কোন?

উত্তৰ : ৰুচো।

১০২) প্ৰশ্ন : কোন দেশৰ লিখিত সংবিধান নাই?

উত্তৰ : ইংলেণ্ডৰ।

১০৩) প্ৰশ্ন : খ্ৰীষ্টফাৰ কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰে?

উত্তৰ : ১৪৯২ চনত।

১০৪) প্ৰশ্ন : কোন ন’বেল বঁটা বিজয়ী আততায়ীৰ হাতত নিহত হৈছিল?

উত্তৰ : মাৰ্টিন লুথাৰ কিং।



১০৫) প্ৰশ্ন : এচিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?

উত্তৰ : ফিলিপাইনৰ ৰাজধানী মেনিলাত।

১০৬) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰ : জৰ্জ ৱাচিংটন।

১০৭) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ী ক’ত আছে?

উত্তৰ : গ্ৰীণউইচৰ মান মন্দিৰত।

১০৮) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্ট্ৰই ভেটো প্ৰদান কৰিব পাৰে?

উত্তৰ : পাঁচখন, আমেৰিকা, ৰাচিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে।


 
১০৯) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে?

উত্তৰ : জাপানত।

১১০) প্ৰশ্ন : বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ ‘কিউবা’ বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সশস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নায়ক তথা বৰ্ত্তমানৰ ৰাষ্ট্ৰনায়কজনৰ নাম কি?

উত্তৰ : ফিদেল কেষ্ট্ৰো (বৰ্তমান ৰাউল কেষ্ট্ৰো)।

১১১) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি?

উত্তৰ : উইলিয়াম হেনৰি গেটছ্‌।

১১২) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ প্ৰতিষ্ঠান বি.বি.চি. ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন। (British Broadcasting Corporation)।


 
১১৩) প্ৰশ্ন : সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামানিকৰুপে স্বীকৃত বিশ্বকোষখনৰ নাম কি?

উত্তৰ : এনচাইক্লোপেডিয়া ব্ৰিটেইনিকা। (Encyclopedia Britannica)

১১৪) প্ৰশ্ন : কাৰ দ্বাৰা কিমান চনত বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হয়।

উত্তৰ : ৰাষ্ট্ৰসংঘৰ দ্বাৰা, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত এই বেংক প্ৰতিষ্ঠা কৰা হয়?

১১৫) প্ৰশ্ন : হোৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্ন হ’ল- হোৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু?

উত্তৰ : ইয়েল’ৰিভাৰ (Yellow River)।

১১৬) প্ৰশ্ন : কনষ্টানটিনপ’ল এখন ইতিহাস প্ৰসিদ্ধ ৰোমান চহন। বৰ্ত্তমান এই চহৰখনক আমি কি বুলি জানো?

উত্তৰ : ইষ্টানবুল (তুৰ্কী)।

১১৭) প্ৰশ্ন : ইণ্টাৰনেশ্যনেল ৰেডক্ৰছ সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ : জেনেভাত।

১১৮) প্ৰশ্ন : বগা হাতীৰ দেশ (Land of White Elephants) বুলি কোন দেশক বুজোৱা হয়?

উত্তৰ : থাইলেণ্ড।

১১৯) প্ৰশ্ন : কি যুদ্ধৰ পৰাজয়ক নেপোলিয়নৰ ৰাজত্বৰ অৱসান বুলি ধৰা হয়?

উত্তৰ : ৱাটাৰলু (১৮১৫ চন)।

১২০) প্ৰশ্ন : ইউনাইটেড কিংডমৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ : United Kingdom of Great Britain and Northern Ireland.

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...