05/11/2021

সপ্তম শ্ৰেণীৰ সমাজ, পাঠ নং : ৭

১। উত্তৰ: 

(ক) বর্ণাশ্রম ধৰ্মৰ ভেটিত। 

(খ) পৰিয়াল। 

(গ) স্বামীৰ সহযোগী হৈ থকাৰ বাবে। 

(ঘ) অসমীয়া মহিলাই বাহুৰ ওপৰৰ অংশত পিন্ধা অলংকাৰ। 

(ঙ) নাতিশীতোষ্ণ বাবে। 

(চ) উচ্চ শ্ৰেণীৰ লোকে দেহৰ ওপৰৰ অংশ পৰিধান কৰা কাৰুকাৰ্য কৰা এক বিশেষ বস্তু। 


২। উত্তৰঃ 

(ক) অসমৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে আমি পুৰণি সাহিত্য, যেনে- কালিকাপুৰাণ, যোগিনীতন্ত্ৰ তথা ভ্রমণকাৰীৰ টোকা আদি সমলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ইয়াৰ উপৰি ৰজা-মহাৰজাসকলৰ দ্বাৰা খোদিত তামৰ ফলি, শিলৰ ফলি আদিৰপৰাও পুৰণি অসমৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে আমি বহুখিনি কথা জানিব পাৰো। 


(খ) ৮ প্ৰকাৰৰ - ব্ৰহ্ম, প্রজাপত্য, দৈব, আর্শ, অসুৰ, গান্ধৰ ৰাক্ষস আৰু পৈশাচ।


(গ) বৰশী, জাল, জাকৈ আৰু পল’ । 


(ঘ) অসমীয়া মানুহে এৰী, কপাহী, ৰেচম, উল, মুগা আৰু পাটসূতাৰ আচ্ছাদন পৰিধান কৰিছিল । 


(ঙ) প্রাচীন অসমত পশুপালন এক উল্লেখনীয় বৃত্তি আছিল আৰু ই অৰ্থনীতিতো যথেষ্ট প্রভাৱ পেলাইছিল। গাই গৰুক মাতৃৰূপে পূজা কৰিছিল। গৰুৰ গাখীৰক উৎকৃষ্ট পুষ্টিদায়ক খাদ্য হিচাপে অসমীয়ালোকে গ্ৰহণ কৰিছিল। খেতি-পথাৰত হাল বাবলৈ বলধৰ প্ৰয়োজন হৈছিল। সেয়ে প্রাচীন অসমত গো-পালকক এটা উত্তম জীৱিকা হিচাপে গ্ৰহণ কৰা হৈছিল। গৰুক বিনিময়ৰ আহিলা হিচাপেও বিবেচনা কৰা হৈছিল। প্রাচীন অসমত হাতী পালন কৰাৰ কথাও পুৰণি পুথিত উল্লেখ আছে। কালিদাসৰ বৰ্ণনাত অসমৰ হাতীৰ কথা উল্লেখ আছে। হাতীক যুদ্ধক্ষেত্ৰত আৰু দূৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। 


৩। (ক) খাদ্যাভ্যাসঃ সকলো মানুহৰে খাদ্যাভ্যাস একে নহয়, ঠাইভেদে বা মানুহৰ শ্ৰেণীভেদে খাদ্যাভ্যাস বেলেগ বেলেগ হোৱা দেখা যায়। প্রাচীন অসমৰ মানুহৰ প্ৰধান খাদ্য আছিল ভাত। বিভিন্ন শাক-পাচলিৰ লগতে মাছ-মাংসও খাইছিল। হিউৱেন চাঙৰ টোকাত অসমীয়া মানুহৰ ঘৰৰ বাৰীত কঁঠাল আৰু নাৰিকল খেতি কৰাৰ বৰ্ণনা আছে। অসমীয়া মানুহে কলৰ খাৰ আৰু মাহৰ আঞ্জা খাইছিল। পুৰণি কামৰূপত উৎপাদিত আদা, জলকীয়া, কৰ্পূৰ, সৰিয়হ, পিপলি, জিৰা আদি বিভিন্ন মচলাৰ কথা ‘কালিকাপুৰাণ’ আৰু কুমাৰ হৰণ’ পুথিত উল্লেখ আছে। পায়স অসমীয়া মানুহৰ প্ৰিয় খাদ্য। কোনো কোনো শ্ৰেণীৰ লোকে ঘৰতে চাউলৰপৰা তৈয়াৰী পানীয় (সুৰা) খাইছিল। তামোল-পাণ চোবোৱাতো অসমীয়া মানুহৰ আন এটা বিশেষ অভ্যাস আছিলআছিল।



(খ) কৃষি আৰু কৃষি পদ্ধতি : অসমৰ জলবায়ু নাতিশীতোষ্ণ হোৱা বাবে কৃষিৰ বাবে অতি উপযোগী। অসমত প্ৰচুৰ ধান খেতি কৰা হৈছিল। পুৰণি অসমৰ অৰ্থনৈতিক ভেটিটো সবল কৰাত ধানৰ যথেষ্ট অৱদান আছিল। ধানৰ উপৰি কুঁহিয়াৰ, মাহ, কল, সৰিয়হ, তেজপাত, মৰাপাট,কপাহ, কঁঠাল, নাৰিকল, বিভিন্ন প্ৰকাৰৰ শাক-পাচলি আদিৰ খেতি অসমীয়া মানুহে যথেষ্ট কৰিছিল। আদিতে অসমৰ মানুহে ঝুম পদ্ধতিত কৃষি কাৰ্য কৰিছিল। খেতিৰ প্ৰধান সঁজুলি আছিল কোৰ আৰু নাঙল। ঝুম খেতিৰ পদ্ধতি বর্তমানেও অসমৰ পাহাৰীয়া অঞ্চলৰ জনজাতিসকলৰ মাজত প্ৰচলিত। কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থাও অতীত সময়ত প্ৰচলিত আছিল বুলি হিউৱেনচাঙৰ বিৱৰণত পোৱা যায়। 



(গ) অলংকাৰ আৰু সাজ-পোছাক : অতীত কালৰপৰাই অসমীয়া মহিলাই সোণ, ৰূপ আৰু আন ধাতুৰ অলংকাৰ পৰিধান কৰিছিল। ডিঙিত গলপতা, বাহুৰ ওপৰৰ অংশত অংগদ, হাতত খাৰু, কাণত কুণ্ডল পৰিধান কৰিছিল। বিভিন্ন সুগন্ধি দ্রব্য আৰু প্ৰসাধন সামগ্রীও অসমীয়া মহিলাই ব্যৱহাৰ কৰিছিল। চুলিত সুগন্ধি তেল ঘঁহিছিল। কালিকা পুৰাণত অসমীয়া মানুহৰ পোছাকক আচ্ছাদন বুলি উল্লেখ আছে মহিলাসকলে দেহৰ ওপৰৰ অংশত পৰিধান কৰিছিল ৰিহা, চাদৰ আৰু কঁকালৰ তললৈকে পিন্ধিছিল মেখেলা। পুৰুষৰ সাজক ‘পৰিধান’ বোলা হৈছিল। বৰ্তমানৰ ধৃতিকে পৰিধান বুলি কৈছিল। ওপৰত পিন্ধা চোলাটোক কামিজ বোলা হৈছিল। উচ্চ শ্ৰেণীৰ লোকে দেহৰ ওপৰৰ অংশত কাৰুকাৰ্য কৰা ‘উত্তৰীয়' পিন্ধিছিল আৰু মূৰত পাগুৰি মাৰিছিল। বিবাহিতা মহিলাই মূৰত ওৰণি, কপাল আৰু সেওঁতাত সেন্দূৰ লৈছিল। এৰী, কপাহী, ৰেচম আৰু উলৰ পোছাক অসমীয়া মানুহৰ প্ৰিয় আছিল। মুগা আৰু পাটৰ কাপোৰ উচ্চ শ্ৰেণীৰ লোকে পৰিধান কৰিছিল। 


(ঘ) বাণিজ্য : অতীজতে অসমে বাণিজ্য ক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিছিল। ব্যৱসায় বাণিজ্যৰ বাবে বণিক শ্ৰেণীটোৱে জলপথকে উৎকৃষ্ট বুলি বিবেচনা কৰিছিল৷ চীন, শ্রীলংকা, মগধ আৰু বংগদেশৰ সৈতে প্রাচীন অসমৰ নিয়মীয়া বাণিজ্যিক লেন-দেন চলিছিল। চীনা পৰিব্রাজক হিউৱেন চাঙৰ টোকাত প্রাচীন অসমৰ ৰজাসকলে চীন দেশৰ সৈতে ব্যৱসায় চলাইছিল বুলি উল্লেখ কৰি থৈ গৈছে। বিভিন্ন ধৰণৰ ধাতুৰ অলংকাৰ, মণি-মুকুতা, মচলা, কাপোৰ, প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় অসমে আন দেশৰ সৈতে কৰিছিল। জনজাতীয় লোকসকলে মেথোন, শৰ, যাঠি আদি বিনিময় কৰি নিজৰ প্ৰয়োজনীয় অন্যান্য বয়বস্তু সংগ্রহ কৰিছিল। প্রাচীন কালত বাণিজ্য বিনিময় প্ৰথাৰেই চলিছিল আৰু মুদ্ৰাৰ ব্যৱহাৰ নাছিল।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...