১। উত্তৰ :
(ক) ১৫২৬ চনত।
(খ) হলদি ঘাটৰ যুদ্ধত।
(গ) পদমর্যাদা।
(ঘ) আবুল ফজলে।
(ঙ) জয়ধ্বজ সিংহ।
২। (ক) পানিপথৰ প্ৰথম যুদ্ধ : ফাৰগানাৰ ৰজা বাবৰ আৰু দিল্লীৰ চুলতান ইব্রাহিম লোডীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। ফাগানাৰ ৰাজপাটত উঠাৰ পাছৰ পৰাই বাবৰৰ ভাৰতবৰ্ষৰ ওপৰত চকু পৰিছিল। এটা সময়ত তেওঁ হিন্দুকুশ পর্বতপাৰ হৈ কাবুল সোমাই আৰু তাৰপৰাই ক্রমান্বয়ে ভাৰতৰ ভিতৰুৱা অঞ্চললৈ সোমাই পৰে। ১৫২৫ খ্ৰীঃত বাবৰে পঞ্জাৱ দখল কৰি দিল্লী অভিমুখে অগ্ৰসৰ হয়। সেই সময়ত দিল্লীৰ চুলতান আছিল ইব্রাহিম লোডী। দিল্লীৰ ওচৰৰ পানিপথ নামৰ ঠাইত ইব্রাহিম লোডীৰ সৈন্যবাহিনীয়ে বাবৰৰ সৈন্য বাহিনীক ভেটা দিয়ে। ফলত ১৫২৬ খ্ৰীঃৰ ২১ এপ্ৰিলত দুয়োপক্ষৰ মাজত এখন যুদ্ধ হয়। যুদ্ধত বাবৰে ইব্রাহিম লোডীৰ সৈন্যবাহিনীক ঘটুৱাই দিল্লী অধিকাৰ কৰে। এই যুদ্ধখনকে পানিপথৰ প্ৰথম যুদ্ধ বুলি কোৱা হয়।
(খ) হহুমায়ুন: হুমায়ুন বাবৰৰ পুত্ৰ আছিল। বাবৰৰ মৃত্যুৰ পাছত ১৫৩০ খ্ৰীঃত হুমায়ুন মোগল সিংহাসনৰ অধিকাৰী হয়। সিংহাসনত উঠাৰ পাছতে হুমায়ুনৰ তিনিজন ভায়েক ক্ৰমে— কামৰাম, হিন্দাল আৰু আষ্কাৰীয়ে সিংহাসনৰ দাবীদাৰ হৈ উঠি বিদ্রোহ ঘোষণা কৰাত হুমায়ুনে কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই বিপদৰ পৰা হাত সাৰিবলৈ হুমায়ুনে ভায়েকসকলক তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন ঠাইৰ আঞ্চলিক শাসনকর্তা পাতি দিছিল। হুমায়ুনৰ বাবে আন এটা বিপদ আহিছিল আফগান মেতা শ্বেৰশ্বাহৰপৰা। তেওঁৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহৰ নেতৃত্বত মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। ১৫৩৯ খ্ৰীঃত চৌচাৰ যুদ্ধ আৰু ১৫৪০ খ্ৰীঃত হোৱা কণৌজৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত পৰাস্ত হৈ হুমায়ুনে ইৰাণলৈ পলাই যায়। ১৫৫৫ খ্ৰীঃত তেওঁ সিংহাসন পুনৰ অধিকাৰ কৰিছিল যদিও কিছুদিনৰ পাছতে তেওঁৰ মৃত্যু হয়।
(গ) পানিপথৰ দ্বিতীয় যুদ্ধ: ১৫৫৬ খ্ৰীঃত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হয়। এই যুদ্ধ আফগান সেনাপতি হিমু আৰু আকবৰৰ মাজত লাগিছিল। যুদ্ধত আকবৰে হিমুৰ সৈন্যবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল। যুদ্ধত বন্দী হোৱা হিমুক আকবৰৰ শিবিৰলৈ আনি বেইৰাম খাঁৰ নিৰ্দেশত প্ৰাণদণ্ড বিহা হৈছিল। এই যুদ্ধৰ ফলত দিল্লী আৰু আগ্ৰাত মোগলৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠিত হয়।
(ঘ) নূৰজাহান : নূৰজাহান আছিল আকবৰৰ ৰাজ্যসভাৰ মীৰ্জাঘিয়াচ বেগ নামৰ এজন বিষয়াৰ জীয়ৰী। ১৬১১ খ্ৰীঃত দিল্লীৰ সম্রাট জাহাংগীৰে নূৰজাহানক বিয়া কৰায়। নূৰজাহান অতিশয় সুন্দৰী হোৱাৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ আছিল। তেওঁ অতি সাহসী আৰু বুদ্ধিমতীও আছিল। নূৰজাহানে ৰাজ্যৰ বহুতো গুৰুত্বপূৰ্ণ কাম চোৱা-চিতা কৰিছিল। তেওঁ দেশৰ শিক্ষা আৰু শিল্পৰ উন্নতিৰ প্ৰতিও চকু দিছিল। ৰাজত্বৰ শেহৰফালে জাহাংগীৰক নূৰজাহানে হাতৰ পুতলাৰ দৰে নচুৱাইছিল।
(ঙ) ঔৰংজেৱৰ ৰাজপুত্ৰ নীতি : সম্রাট আকবৰে ৰাজপুতসকলৰ প্ৰতি বন্ধুত্বপূৰ্ণ উদাৰনীতি গ্ৰহণ কৰিছিল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তুলিবলৈকে হয়তো তেওঁ এনে উদানীতি গ্ৰহণ কৰিছিল। কিন্তু কাকো বিশ্বাসত নোলোৱা, আন ধৰ্মৰ প্ৰতি সহানুভূতি নথকা ঔৰংজেৱে ৰাজপুত্ৰসকলৰ প্ৰতি আকবৰে গ্ৰহণ কৰা বন্ধুত্বপূৰ্ণ নীতিৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰতি আক্রমণাত্মক পৰাক্ৰমত তিষ্ঠিব নোৱাৰি পাছত সন্ধি কৰিবলৈ বাধ্য হৈছিল। সন্ধিৰ চৰ্ত অনুসৰি হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ বহুৱাইছিল।
৩।
(ক) চান্দেীৰী
(খ) শ্বেৰশ্বাহৰ
(গ) হিমুৰ
(ঘ) বন্ধুত্বমূলক
(ঙ) শ্ৰেষ্ঠশ্ৰেষ্ঠ
৪। (ক) আকবৰৰ ৰাজপুত নীতি : আকবৰে ৰাজপুতসকলৰ প্ৰতি উদাৰউদাৰ নীতি গ্ৰহণ কৰিছিল । হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাৱ জগাই তুলিবলৈকে হয়তো এনে উদাৰ নীতি তেওঁ গ্ৰহণ কৰিছিল।
আকবৰে অম্বৰ, বিকানীৰ, যোধপুৰ, জয়চালমেৰ আদি ৰাজপুত ৰাজ্যসমূহৰ প্ৰতি বন্ধুত্বমূলক নীতি গ্ৰহণ কৰিছিল। কোনো কোনো ঠাইত ৰাজপুতসকলৰ লগত মোগলৰ বৈবাহিক সম্বন্ধও স্থাপন হৈছিল। অৱশ্যে মেৱাৰৰ নিচিনাকৈ যিবোৰ ৰাজপুত ৰাজ্যৰ ৰজাই আকবৰৰ বশ্যতা মানি লোৱা নাছিল তেনে ৰাজ্যৰ লগত আকবৰে যুদ্ধ কৰিছিল।
(খ) আকবৰৰ ধৰ্মীয় নীতি : ধৰ্মীয় নীতিৰ ক্ষেত্ৰত আকবৰ উদাৰ আছিল। আন ধৰ্মৰ মানুহৰ প্ৰতি তেওঁ অত্যন্ত সহানুভূতিশীল আছিল। কোনো ধৰ্মৰ প্ৰতি তেওঁৰ বিদ্বেষ নাছিল, সকলো ধৰ্মৰ মানুহকে শ্রদ্ধা কৰিছিল আৰু তেওঁলোকৰ ধৰ্ম মত অনুসৰি প্ৰাৰ্থনা কৰাৰ অনুমতি দিছিল। আকবৰে এটা নতুন ধৰ্ম মত প্ৰচাৰ কৰিছিল। ইয়াক’দিন-ই-ইলাহি' বুলি জনা গৈছিল। অৱশ্যে এই ধৰ্ম মতটোৱে বেছি প্ৰসাৰতা লাভ নকৰিলে।
(গ) মিৰজুমলাৰ অসম আক্ৰমণ : ঔৰংজেৱৰ নিৰ্দেশমৰ্মে বংগৰ শাসনকর্তা মিৰজুমলাই ১৬৬১ খ্ৰীঃৰ ডিচেম্বৰ মাহত অসম আক্ৰমণ কৰিবলৈ আহে। তেওঁ প্রথমে কোচবিহাৰ দখল কৰে। তাৰ পাছত অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। আহোম ৰজা জয়ধজ সিংহ ৰাজধানী এৰি পলাই যায়। কিন্তু এনে সময়তে মোগল সৈন্যবাহিনী বহুতো সংকটৰ সন্মুখীন হ'বলগীয়া হয়। অসমত প্ৰৱল বানপানী হৈ যাতায়াত ব্যৱস্থাৰ অসুবিধা হোৱাত মোগল সৈন্যবাহিনীয়ে ৰচদপাতি, যুদ্ধৰ আহিলা আদি সমস্যাত ভোগে। বানপানীৰ পাছত মহামাৰী আৰম্ভ হয় আৰু মোগলৰ বহুতো সৈন্য মৃত্যু মুখত পৰে। মিৰজুমলাই নিজেও টান নৰিয়াত পৰে। শেষত আহোমৰ লগত মোগলৰ সন্ধি হয়। এই সন্ধি হৈছিল ১৬৬৩ খ্ৰীঃৰ ৯ জানুৱাৰীত। সন্ধিৰ চুক্তি অনুসৰি আহোম ৰজাই মোগলক বহুতো সোণ,ৰূপ, হাতী আদি দিব লগাত পৰিছিল।
(ঘ) ছাহজাহানৰ ৰাজত্বকালত হোৱা শিল্প-সংস্কৃতিৰ উন্নতি : ছাহজাহানৰ শিল্প কলা, সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰচুৰ ৰাপ আছিল। তেওঁ সংগীত খুব ভাল আৰু সংগীতজ্ঞসকলক যথেষ্ট সন্মান দিছিল। ছাহজাহানৰ ৰাজসভাত কেইবাজনো সংগীতজ্ঞ আছিল। তাৰ ভিতৰত জগন্নাথ মহাপাত্ৰ, ৰামদাস আৰু লালখান আছিল প্রধান। ছাহজাহানৰ ৰাজত্বকালতে সাজি উলিওৱা ময়ূৰ সিংহাসন আৰু তাজমহলত স্থাপত্য, ভাস্কৰ্যৰ অপূৰ্ব নিদর্শন দেখিবলৈ পোৱা যায়। তাজমহল বিশ্বৰ সপ্তম আশ্চৰ্যৰ এটা বুলি পৰিগণিত। ছাহজাহানৰ আন এটা উল্লেখনীয় কীৰ্তি হ’ল আগ্ৰাত নিৰ্মাণ কৰা মতি মছজিদ।
No comments:
Post a Comment