28/10/2021

চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান

চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান
অধ্যায় - ১৪
বিদ্যুৎ আৰু চুম্বক
==========================

অনুশীলনী
---------------------
১) স্থিৰ বিদ্যুৎ বুলিলে কি বুজা?
উঃ- যি বিদ্যুতৰ আধান স্থিৰ তাকে স্থিৰ বিদ্যুৎ বােলে।

২) জশবিদ্যুৎ কেনেদৰে উৎপন্ন কৰে?
উঃ- পানীৰ সোঁতত শক্তিৰে টাৰবাইন ঘূৰাই জলবিদ্যুৎ উৎপন্ন কৰা হয়।

৩) টাৰবাইন কি ?
উঃ- টাৰবাইন হ’ল পানীৰ সোঁতৰ পৰা বিদ্যুৎশক্তি উৎপন্ন কৰা ডাঙৰ ডাঙৰ চকৰি।

৪) ঘৰত বিজুলী শক্তিৰে চলােৱা কেইবিধমান আহিলাৰ নাম লিখা ?
উঃ- বিজুলী চাকি, বিজুলী পাংখা, টেলিভিচন, ৰেফ্রিজাৰেটৰ আদি।

৫) চুম্বকীয় আৰু অচুম্বকীয় পদার্থ কাক বলে? উদাহৰণ দিয়া ?
উঃ- যিবােৰ পদার্থক চুম্বকে আকর্ষণ কৰে, তাকে চুম্বকীয় পদার্থ বােলে। যেনে- লাে, গজাল, বেজী, পিন আদি।
যিবােৰ পদার্থক চুম্বকে আকর্ষণ নকৰে, তেনেবােৰ পদাৰ্থক অচুম্বকীয় পদার্থ বােলে। যেনে- কাঠ, কাগজ, কাপোৰ আদি।

৬) এডাল চুম্বকৰ মেৰু কেইটা? কি কি ?
উঃ- এডাল চুম্বকৰ মেৰু দুটা- উত্তৰ মেৰু আৰু দক্ষিণ মেৰু।

৭) কেনে পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে?
উঃ- লো জাতীয় পদাৰ্থক চুম্বকে আকৰ্ষণ কৰে।

৮) চল বিদ্যুৎ কাক বােলে ?
উঃ যিবােৰ বিদ্যুতৰ আধানবােৰ গতিশীল, তেনে বিদ্যুতক চল বিদ্যুৎ বােলে।

৯) চুম্বকৰ সাধাৰণ ধর্মটো কি ?
উঃ- চুম্বকৰ একেজাতীয় মেৰুৰ মাজত বিকর্ষণ আৰু বিপৰীত জাতীয় মেৰুৰ মাজত আকর্ষণ হয়।

১০) বিদ্যুৎ শক্তি উৎপাদন কৰা দুখন ঠাইৰ নাম লিখা।
উঃ- অসমৰ কাৰ্বি আংলং জিলাৰ উমৰাংচু আৰু মেঘালয়ৰ উমত্রু।

১১) বিদ্যুৎ শক্তি কেনেদৰে উৎপাদন কৰা হয়?
উঃ- পানীৰ সোঁতৰ শক্তিৰে টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।

১২) পৃথিৱীখনেও চুম্বকৰ দৰে আচৰণ কৰে- চিত্ৰ আঁকি বুজাই লিখা।


© কন্দৰ্পজিৎ

চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান
অধ্যায়-১৫
বস্তু আৰু পদার্থ
=============

১। বস্তুৰ তিনিটা অৱস্থা কি কি?
উঃ বস্তুৰ তিনিটা অৱস্থা হ'ল- গােটা, জুলীয়া আৰু গেছীয় অৱস্থা। 

২। গােটা বস্তুৰ তিনিটা গুণ উল্লেখ কৰা। প্ৰতিটো গুণৰ ভিত্তিত একোটাকৈ ব্যৱহাৰ লিখা।
উঃ গােটা বস্তুৰ তিনিটা গুণ হ’ল -স্থিতিস্থাপকতা গুণ, পােহৰ পাৰ হ'ব পৰা গুণ আৰু তাপৰ পৰিবাহী গুণ।

(১) স্থিতিস্থাপকতা গুণৰ বাবে গাড়ী-মটৰত ৰৱৰৰ টিউৱ-টায়াৰ লগোৱা হয়।
(২) পােহৰ পাৰ হব পৰা গুণৰ বাবে ঘৰৰ দুৱাৰ খিৰিকীত কাঁচ লগােৱা হয় ।।
(৩) তাপৰ পৰিবাহী গুণৰ বাবে লাে, এলুমিনিয়াম আদিৰে নির্মিত সঁজুলিত ভাত ৰন্ধা হয়।

৩। গােটা অৱস্থাৰ পৰা পােনে পােনে গেছীয় অৱস্থালৈ পৰিবৰ্তিত হােৱা দুটা বস্তুৰ নাম লিখা?
উঃ নেপথেলিন, কৰ্পূৰ।

৪) বৰফৰ চাৰিটা ব্যৱহাৰ উল্লেখ কৰা।
উঃ (১) খাদ্যবস্তু বহুদিনলৈ ভালে ৰাখিবলৈ বৰফৰ মাজত ৰখা হয়।
(২) জ্বৰ হ'লে, আঘাত পালে, জুয়ে পুৰিলে বৰফ ব্যৱহাৰ কৰা হয়।
(৩) গৰম দিনত আইচক্রীম হিচাপে বৰফ খােৱা হয়।
(৪) বৰফেৰে ঢাক খাই থকা ঠাইত বৰফেৰে ঘৰ সজা হয়।

৫। জুলীয়া আৰু গােটা বস্তুৰ মাজত থকা দুটা পার্থক্য লিখা?
উঃ (১) জুলীয়া বস্তুবােৰ তৰল আনহাতে গােটা বস্তুবোেৰ কঠিন।
      (২) জুলীয়া বস্তুত কঠিন বস্তু দ্ৰৱীভূত হয় কিন্তু কঠিন বস্তুত জুলীয়া বস্তু দ্ৰৱীভূত নহয়। 

৬) স্থিতিস্থাপক বস্তু কাক বােলে? ইয়াৰ ব্যৱহাৰ লিখা?
উঃ বল প্রয়ােগ কৰি বস্তুৰ আকাৰ আৰু অৱস্থাৰ পৰিবর্তন কৰাৰ পাছত সেই বল আঁতৰাই আনিলে কিছুমান বস্তুৱে পুনৰ আগৰ অৱস্থা পায়। বস্তুৰ এই গুণটোক স্থিতিস্থাপকতা বোলে।
    ৰবৰ বা ৰবৰ জাতীয় পদাৰ্থৰ এই স্থিতিস্থাপক গুণটোৰ বাবে মটৰ গাড়ী, চাইকেল আদিত ৰৱৰৰ টিউৱ-টায়াৰ আদি ব্যৱহাৰ কৰোঁ।

# অতিৰিক্ত প্ৰশ্ন-উত্তৰ

১) প্রশ্ন:-পদার্থ কাক বােলে?
উঃ-বস্তু যিহেৰে তৈয়াৰী সেইবােৰক পদার্থ বােলে।

২) প্রশ্ন:-স্বচ্ছ বস্তু আৰু অস্বচ্ছ বস্তু কাক বােলে?
উঃ- যিবােৰ বস্তুৰ মাজেৰে পােহৰ পাৰ হ'ব পাৰে সেইবােৰক স্বচ্ছ বস্তু বোলে। যেনে- কাচ ।
      যিবােৰ বস্তুৰ মাজেৰে পােহৰ পাৰ হব নােৱাৰে সেইবােৰক অস্বচ্ছ বস্তু বােলে। যেনে- কাঠ।

৩) নমনীয় বস্তু কাক বােলে?
উঃ বস্তুৰ অৱস্থাৰ পৰিবৰ্তন কৰা বল আঁতৰাই আনিলে বস্তুটোৱে যদি আগৰ অৱস্থা ঘূৰাই নাপায়, তেন্তে তেনে বস্তুক নমনীয় বস্তু বােলে।

৪) তাপৰ পৰিবাহী আৰু অপৰিবাহী বুলিলে কি বুজা?
উঃ যিবােৰ বস্তুৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব পাৰে তাকে তাপৰ পৰিবাহী বােলে। যেনে- লােৰ দণ্ড, এলুমিনিয়াম সামগ্রী।
      যিবােৰ বস্তুৰ মাজেৰে তাপ সহজে পাৰ হব নােৱাৰে তাকে অপৰিবাহী বােলে। যেনে- কাঠ, বাঁহ, আদি।

৫) পানীৰ গােটা অৱস্থাটোৰ নাম কি?
উঃ পানীৰ গােটা অৱস্থাটোৰ নাম বৰফ।

৬) শুকান বৰফ কাক বােলে?
উঃ গােটা কার্বন-ডাই-অক্সাইডক শুকান বৰফ বােলে।

© কন্দৰ্পজিৎ


চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান
অধ্যায়-১৬
প্রাথমিক চিকিৎসা
==================

অনুশীলনী

১) কটা ছিঙা হৈ তেজ ওলালে কি কৰিবা?
উঃ ক) তেজ ওলােৱা বন্ধ কৰিবলৈ কটা ঠাইডােখৰ টিপা মাৰি ধৰিম।
খ) কটা ঠাইডােখৰ চাফা পানীৰে ধুই দিম।
গ) ধূলি-মাকতি পৰিব নােৱাৰাকৈ চাফা কাপােৰ বা বেণ্ডেজেৰে ঘাঁ-ডােখৰ পাতলকৈ বান্ধি দিম।
ঘ) নার্জি ফুলৰ আগ নাইবা অন্য ঔষধ লগাই দিম।
ঙ) বিশেষ প্ৰয়োজনত চিকিৎসকক দেখুৱাম।

২) হাত-ভৰি মােচোকা খালে কি কৰা উচিত?
উঃ ক) মােচোকা খােৱা ঠাইত লগে লগে পৰিষ্কাৰ ঠাণ্ডা পানী ঢালিব লাগে।
খ) বিষ কমােৱা মলম ঘঁহিব লাগে।
গ) কেঁচা হালধি খুন্দি লগাই দিব লাগে।
ঘ) বেছিকৈ বিষালে ডাক্তৰৰ ওচৰলৈ যাব লাগে।

৩) জুয়ে পুৰিলে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা গ্রহণ কৰিব লাগে?
উঃ ক) জুয়ে পােৰা ঠাইত হাতেৰে মােহাৰিব নালাগে।
খ) আৰু ঠেতালি লগাই দিব লাগে।
গ) মলম লগাব লাগে।
ঘ) বৰফ লগাব লাগে।
ঙ) জুয়ে পােৰা মানুহক যথেষ্ট পৰিমাণে পানী আৰু গাখীৰ খাবলৈ দিব লাগে।
চ) বেছিকৈ পুৰিলে ডাক্তৰৰ সহায় ল'ব লাগে।

৪) পােক-পতংগই কামুৰিলে কি কৰিব?
উঃ ক) বিন্ধা বা কামােৰা ঠাইত শুং লাগি থাকিলে এৰুৱাই দিব লাগে।
খ) চুণ-পানী বা ডেটল ঘঁহি দিব লাগে।
গ) দৰোন গছৰ পাতৰ ৰস লগাই দিব লাগে।
ঘ) প্ৰয়োজন বোধে ডাক্তৰৰ ওচৰলৈ যাব লাগে।

৫) প্রাথমিক চিকিৎসা বাকচত কি কি বস্তু সংগ্রহ কৰি ৰাখিব লাগে?
উঃ বিশুদ্ধ কপাহ, বেণ্ডেজ কাপােৰ, সৰু কেঁচী এখন, বীজাণুনাশক মলম, চাফা কাপােৰ, ডেটল, বার্ণল আদি।

# অতিৰিক্ত প্রশ্নোত্তৰ:

১) আকষ্মিক দুর্ঘটনা কাক বােলে?
উঃ খেলা-ধূলা কৰোঁতে বা আন কাম-কাজ কৰোতে হঠাৎ পােৱা আঘাতকে আকস্মিক
দুর্ঘটনা বােলে।

২) প্রাথমিক চিকিৎসা কাক বােলে?
উঃ আঘাত, দুর্ঘটনা আদিৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামর্শ পােৱাৰ আগতে কৰিব পৰা সাধাৰণ ব্যৱস্থাকে প্রাথমিক চিকিৎসা বােলে।

৩) কোনোবা মানুহ মূৰ্ছা গলে কি কৰিবা?
উঃ ক) চকুৱে-মুখে পানী ছটিয়াম।
খ) চোলাৰ বুটাম, পেন্টৰ বেল্ট খুলি দিম।
গ) হাতৰ তলুৱা, ভৰিৰ তলুৱা মােহাৰি দিম।

© কন্দৰ্পজিৎ

চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান
অধ্যায়-১৭
*অসমৰ অভয়াৰণ্য আৰু বন্যপ্রাণী*

_অনুশীলনী_

১) উদ্ভিদ বা বন্যপ্রাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উঃ উদ্ভিদ বা বন্যপ্রাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে। কাৰণ উদ্ভিদ বা বন্যপ্রাণীসমূহক যধে-মধে ধ্বংস কৰিলে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয় আৰু ইয়াৰ ফলত মানুহ আৰু জীৱ-জন্তু উভয়ৰে সমস্যা হয়।

২। বার্ড অৱ গ্লোৱেল ইম্প'ৰটেঞ্চৰ অন্তর্ভুক্ত অসমৰ চৰাই চাৰিবিধ কি কি?
উঃ দেওহাঁহ, হাড়গিলা, উলুম’ৰা আৰু ভেলা চৰাই।

৩। প্রাচীন কালত বন্যপ্রাণী সংৰক্ষণ কেনেদৰে কৰা হৈছিল?
উঃ প্রাচীন কালত সকলাে জীৱৰ প্রতি দয়া, বন্যপ্রাণীক মৰমৰ চকুৰে চোৱা আদি বােধ বাক্যৰে বন্যপ্রাণী সংৰক্ষণ কৰা হৈছিল।

৪) অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান দুখন কি কি?
উঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।

৫) অসমৰ ব্যাঘ্র প্রকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

*_¶ অতিৰিক্ত প্রশ্নোত্তৰ:_*

১) কাজিৰঙা আৰু মানুহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰা হৈছিল?
উঃ ১৯৭৪ চনৰ ১ জানুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৯০ চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰা হৈছিল।

২) অসমৰ ৫ খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা?
উঃ ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান।
গ) ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান।
ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
ঙ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান।

৩) অসমৰ ৬ খন অভয়াৰণ্যৰ নাম লিখা?
উঃ ক) পবিতৰা অভয়াৰণ্য।
খ) গৰমপানী অভয়াৰণ্য।
গ) লাওখােৱা অভয়াৰণ্য।
ঘ) দীপৰ বিল পক্ষী অভয়াৰণ্য।
ঙ) বৰাইল অভয়াৰণ্য।
চ) উত্তৰ কাছাৰ পাহাৰ অভয়াৰণ্য।

৪) অসমৰ পক্ষী অভয়াৰণ্য খনৰ নাম কি?
উঃ দীপৰ বিল পক্ষী অভয়াৰণ্য।

৫) কিহৰ বাবে বনভূমি ধ্বংস হৈছে?
উঃ- জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতা বিকাশৰ বাবে।
৬) বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কি কৰিব লাগে?
উঃ-বন্যপ্রাণী সংৰক্ষণৰ বাবে চৰকাৰীভাৱে আঁচনি লােৱাৰ লগতে প্রত্যেক মানুহে প্রাণীৰ প্রতি দয়ালু হ'ব লাগিব।

৭) কেনেধৰণৰ বন্যপ্রাণীৰ বাবে অসম বিশ্ববিখ্যাত?
উঃ- আপুৰুগীয়া বন্যপ্রাণীৰ বাসস্থান হিচাপে অসম বিশ্ববিখ্যাত।

৮) কেনেবােৰ চৰাইক বিশ্বজোৰা প্রয়ােজনীয়তা থকা চৰাই হিচাপে চিহ্নিত কৰা হৈছে?
উঃ- যিবােৰ চৰাইৰ সংখ্যা বৰকৈ কমি গৈছে সেইবােৰ বিশ্বজোৰা প্রয়ােজনীয়তা থকা চৰাই (বার্ড অৱ গ্লোবেল ইম্পটেঞ্চ) বুলি চিহ্নিত কৰা হৈছে।

© কন্দৰ্পজিৎ

অধ্যায় -১৮
*আহাৰ গ্ৰহণ আৰু মলত্যাগৰ নিয়ম*

_অনুশীলনী_

১। কেনে ধৰণৰ খাদ্যবস্তু আমি গ্ৰহণ কৰা উচিত?
উঃ আমি চাফ-চিকুণ আৰু পুষ্টিদায়ক খাদ্যবস্তু গ্ৰহণ কৰা উচিত।

২। খাদ্য বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্তত কি কৰিব লাগে?
উঃ খাদ্যবস্তু গ্রহণ কৰাৰ আগমুহূৰ্ত্তত আমি হাত ভালদৰে চাবোনেৰে ধুব লাগে।

৩) খৰধৰকৈ খাদ্য খালে আমাৰ কি কি অসুবিধা হ'ব পাৰে?
উঃ খৰধৰকৈ খাদ্য খালে খাদ্যৰ অংশ শ্বাসনলীত সােমাই আমাক কষ্ট দিয়ে বা চৰ্চৰণি আহে।

_অতিৰিক্ত প্রশ্নোত্তৰঃ-_

৪। আহাৰ কেনেকুৱা সময়ত খাব লাগে?
উঃ- আহাৰ সদায় সঠিক সময়ত খাব লাগে।

৫। দৈনিক আহাৰ কেনেকুৱা হােৱা উচিত?
উঃ- দৈনিক আহাৰ সুষম হােৱা উচিত।

৬। কেনেকুৱা খাদ্য খাব নালাগে?
উঃ- দূষিত বা অপৰিষ্কাৰ খাদ্য খাব নালাগে।

৭। গােটা আহাৰ কেনেকৈ খাব লাগে?
উঃ- গােটা আহাৰ ভালকৈ চোবাই খাব লাগে।

৮। গােটা আহাৰ ভালকৈ চোবাই খাব লাগে কিয়?
উঃ গোটা আহাৰ ভালকৈ চোবাই খালে খাদ্যবোৰ গুড়ি হয় আৰু লালটিৰ লগত মিহলি হৈ জীন যোৱাত সহায় কৰে।

৯। খুব বেছিকৈ বা খুব কমকৈ আহাৰ খােৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক কিয়?
উঃ আহাৰ বেছিকৈ বা কমকৈ খােৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। কাৰণ আহাৰ বেছিকৈ খালে পেট চলা ৰােগ বা কমকৈ খালে শৰীৰ দুৰ্বল আৰু ৰােগাক্রান্ত হােৱাৰ সম্ভাৱনা থাকে।

১০। আমি কেনেকুৱা পানী খাব লাগে‌?
উঃ আমি সদায় বিশুদ্ধ পানী খাব লাগে। তদুপৰি পানী উতলাই ঠাণ্ডা কৰি খাব লাগে।

১১। আহাৰ খোৱাৰ মাজত সময়ৰ ব্যৱধান থাকিব লাগে কিয়?
উঃ আহাৰ খোৱাৰ মাজত সময়ৰ ব্যৱধান থাকিব লাগে; নহ'লে শৰীৰ ৰোগাক্ৰান্ত হোৱাৰ আশংকা থাকে। সময়ৰ ব্যৱধান মানি আহাৰ খালে বদহজমী বা কোষ্ঠ্যকাঠিন্য আদিৰ দৰে অসুখ নহয়।

১২। শৌচ নিয়মীয়া কৰাৰ বাবে আহাৰৰ লগত কি খোৱা ভাল?
উঃ শাক-পাচলি, কল আৰু গাখীৰ খোৱা ভাল।

১৩। য'তে-ততে মলমূত্ৰ ত্যাগ কৰিব নালাগে কিয়?
উঃ কাৰণ য'তে-ততে মলমূত্ৰ ত্যাগ কৰিলে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। এনে অস্বাস্থ্যকৰ পৰিৱেশে বেমাৰ আজাৰৰ সৃষ্টি কৰে।

১৪। সুষম আহাৰ কি?
উঃ যি আহাৰে মানুহক প্রয়ােজনীয় সকলােবােৰ উপাদান সম পৰিমানে যােগান ধৰে, তেনে আহাৰেই হ'ল সুষম আহাৰ।

১৫। এজন মানুহে নিতৌ কিমান পৰিমাণৰ পানী খাব লাগে?
উঃ বয়স অনুপাতে পানী খোৱাৰ পৰিমাণ বেলেগ বেলেগ হয়। ৯ৰ পৰা ১৩ বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে নিতৌ ডেৰৰ পৰা দুই লিটাৰলৈ পানী খাব লাগে।

© কন্দৰ্পজিৎ

অধ্যায় -১৯
*আমাৰ লাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন*

_অনুশীলনী_

১। ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আম কি কি খােৱা বস্তু পাওঁ?
উঃ ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আমি বিভিন্ন খাদ্য পাওঁ। যেনে - ধান, ঘেঁহুৰ পৰা চাউল আৰু আটা, ৰহৰ, মচুৰ, মগু আদিৰ পৰা দাইল, সৰিয়হ, তিল, বাদাম, বেলিফুল আদিৰ পৰা তেল পাওঁ।

২। এটা খেৰি ঘৰ সাজিবলৈ আমাক কি কি বস্তু লাগে ?
উঃ এটা খেৰি ঘৰ সাজিবলৈ আমাক বাঁহ, কাঠ, খেৰ, ইকৰা আদি বস্তু লাগে।

৩। বাঁহ বা ঘাঁহ জাতীয় উদ্ভিদৰ দ্বাৰাই যে কাগজ তৈয়াৰ কৰা হয় তাক এটা পৰীক্ষাৰ সহায়ত বুজাই দিয়া।
উঃ ব্লটিং পেপাৰৰ টুকুৰা এটা কিছু সময় নেমুৰ ৰসত থৈ দিয়া হ’ল। এতিয়া এটা কাঁচৰ গিলাচত আধামান পানী লৈ তাত কাগজৰ টুকুৰাটো দি ঘােদালি দিয়া হ’ল। এখন আতচী কাঁচৰ সহায়ত চালে দেখা যাব যে পানীত কিছুমান সৰু সৰু আঁহ উটি-ভাঁহি আছে। এই আটাইবােৰ কাগজ কলত ব্যৱহাৰ কৰা বাঁহ বা তেনে ঘাঁহ জাতীয় উদ্ভিদৰ অংশ।

৪। পাঁচবিধ ঔষধি উদ্ভিদৰ নাম লিখা।
উঃ তুলসী, নিম, নৰসিংহ, ভেদাইলতা, মানি-মুনি।

৫। সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা দুবিধ উদ্ভিদৰ নাম লিখ।
উঃ চন্দন, অগৰু।

৬। কটা ঠাইত আৰু দাঁত বিষালে কি কি দিলে উপশম পােৱা যায় ?
উঃ কটা ঠাইত নাৰ্জী পাতৰ ৰস আৰু দাঁত বিষালে লং তেল দিলে উপশম পােৱা যায়।

৭। অসমৰ কাগজকল থকা দুখন ঠাইৰ নাম লিখা ?
উঃ জাগীৰোড আৰু পাঁচগ্ৰাম।

৮। নাৰিকল আৰু মৰাপাটৰ আঁহৰ পৰা তৈয়াৰ কৰা তিনিবিধ বস্তুৰ নাম লিখা ?
উঃ ৰছী, মােনা, বস্তা। 

_অতিৰিক্ত প্রশ্নোত্তৰ_

৯। ৰবৰ কেনেদৰে তৈয়াৰ কৰা হয় ?
উঃ ৰবৰ গছৰ গাৰ পৰা এবিধ বগা ৰস (তৰক্ষীৰ) ওলায়। এই ৰসৰ পৰা আমি ব্যৱহাৰ কৰা ৰবৰ তৈয়াৰ কৰা হয়।

১০। তিনিবিধ আঁহজাতীয় উদ্ভিদৰ নাম লিখা ?
উঃ কপাহ, মৰাপাট, নাৰিকল।

১১। আঁহ জাতীয় উদ্ভিদৰ পৰা আমি কি কি বস্তু তৈয়াৰ কৰোঁ?
উঃ-আঁহ জাতীয় উদ্ভিদৰ পৰা আমি কাপোৰ, ৰছী, বস্তা, থৈলা, দলিছা, তােচক, গাদী আদি তৈয়াৰ কৰোঁ।

১২। ঘৰ আৰু আচৱাব কিহেৰে সজা হয় ?
উঃ- কাঠ, বাঁহ, বেত আদিৰে ঘৰ আৰু আচৱাব সজা হয়।

১৩। উদ্ভিদৰ পৰা মানুহ আৰু আন প্ৰাণীয়ে কি পায় ?
উঃ- উদ্ভিদৰ পৰা মানুহ আৰু আন প্ৰাণীয়ে খােৱা বস্তু পায়।

১৪। পেটৰ অসুখ হ'লে কি কি খাব লাগে?
উঃ ভেদাইলতা, মানি-মুনি, মছন্দৰি, মাটিকাদুৰি, অমৰা আদি খাব লাগে।

১৫। বীজাণুনাশক তেল কি কি উদ্ভিদৰ পৰা পোৱা যায়?
উঃ গন্ধ বিৰিণা আৰু নিম গছৰ পৰা।

                অধ্যায় - ২০
  উদ্ভিদৰ বিভিন্ন অংগৰ কাম

            অনুশীলনী

১। পাতৰ তিনিটা কাম উল্লেখ কৰা।
উঃ- পাতৰ তিনিটা কাম হ'ল —
(১) পাতে আহাৰ তৈয়াৰ কৰে।
(২) পাতে শ্বাস-প্রশ্বাস লয়।
(৩) পাতে অতিৰিক্ত পানীভাগ বাহিৰ কৰি দিয়ে।

২। শিপাৰ কাম কি?
উঃ- শিপাৰ কাম হ'ল -
(১) শিপাই মাটিৰ পৰা সাৰ-পানী শুহি লয়।
(২) শিপাই গছজোপাকে মাটিত খামুচি ধৰি ৰাখে যাতে গছজোপা উভালি পৰিব
নােৱাৰে।

৩। মূলত্ৰ আৰু মূলৰোমৰ কাম কি?
উঃ- শিপাই সাৰ-পানী বিচাৰি যাওঁতে যাতে মাটিত আঘাত নাপায় তাৰ ব্যৱস্থা মূলত্রই
কৰে।
      মূলৰোমে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়।

৪। ফুলৰ বিভিন্ন অংশৰ কাম বহলাই আলোচনা কৰা।
উঃ- ফুল এজোপাৰ বিভিন্ন অংশ থাকে; যেনে – পুষ্পবৃন্তিকা, ঠাৰি, পুষ্পপত্র, বৃতি, দলমণ্ডল (পাহি), পুংস্তৱক আৰু স্ত্রীস্তৱক। পুষ্পবৃন্তিকাই ফুল পাহ ডালৰ লগত লগ লগাই ধৰি ৰাখে আৰু পাতত প্রস্তুত হােৱা আহাৰ ফুললৈ কঢ়িয়াই নিয়ে। পুষ্পক্ষ বৃতিয়ে কলি অৱস্থাত সম্পূর্ণকৈ আৱৰি ৰাখে যাতে তাৰ ভিতৰত থকা কোমল পাহি, পুংস্তৱক, স্ত্রীস্তৱক আদি ৰ'দ বতাহত শুকাই নাযায় আৰু পােক পৰুৱাই সহজে নষ্ট কৰিব নােৱাৰে।
         পাহি (দলমণ্ডল) বােৰ ৰংচঙীয়া হােৱা বাবে পােক-পৰুৱা, চৰাই-চিৰিকটি আদি আকর্ষিত হয়।

                 অতিৰিক্ত প্রশ্নোত্তৰ

৫। এজোপা সপুষ্পক উদ্ভিদৰ কি কি অংগ থাকে?
উঃ- এজোপা সপুষ্পক উদ্ভিদৰ বিভিন্ন অংগ থাকে। যেনে - শিপা, গা-গছ, ডাল, পাত ফুল আদি।

৬। ডালৰ কাম কি কি লিখা।
উঃ- উদ্ভিদৰ ডালৰ কাম হ'ল—
(১) ডালে পাত, ফুল আৰু ফল ধৰি ৰাখে।
(২) পাতত প্রস্তুত হােৱা আহাৰ আৰু শিপাই শুহি অনা সাৰ-পানী ডালৰ মাজেৰে উদ্ভিদৰ শৰীৰৰ বিভিন্ন অংগলৈ যায়।

৭। শিপাৰ ভাগবােৰ কি কি ?
উঃ- শিপাৰ ভাগবােৰ হ’ল ঘাইশিপা, শাখা শিপা, মূলৰােম, মূলত্র আদি।

৮। মূলত্র কাক বোলে?
উঃ- উদ্ভিদৰ শিপাৰ একেবাৰে আগৰ অংশক মূলত্র বােলে।

৯। মূলৰােম কাক বোলে?
উঃ- মূলত্ৰৰ কিছু ওপৰত মূলৰ গাৰ পৰা কিছুমান অতি মিহি নােম ওলায়। এইবােৰক মূলৰােম বােলে।

১০। গা-গছৰ কাম কি?
উঃ- গা-গছে ডাল, পাত, ফুল, আদি ধৰি ৰাখে আৰু পাতত প্রস্তুত হােৱা খাদ্য আৰু
শিপাই শুহি অনা সাৰ-পানী বহন কৰে।

১১। পােক-পৰুৱা, পতংগ, চৰাই-চিৰিকটি আদি কিয় ফুলৰ প্ৰতি আকর্ষিত হয়?
উঃ- ফুলৰ পাহি ৰংচঙীয়া হােৱা বাবে পােক-পৰুৱা, পতংগ, চৰাই-চিৰিকটি আদি ফুলৰ প্রতি আকর্ষিত হয়।

১২। পুষ্পক্ষই কিহক বহন কৰে?
উঃ- পুষ্পক্ষই বৃতি, দলমণ্ডল, পুংস্তৱক আৰু স্ত্রীস্তৱক আদিক বহন কৰে।

১৩। শিপা সাধাৰণতে কেনেকুৱা হয়?
উঃ- নিমজ আৰু মসৃণ হয়।

১৪। শিপাৰ ৰং কেনেকুৱা?
উঃ- শেতা বগা।

১৫। শিপাৰ ৰং কেনেকুৱা বহলাই লিখা।
উঃ- শিপাৰ ৰং শেতা বগা। কোনো কোনো অংশ অৱশ্যে ৰঙচুৱা বা পাতল মটীয়া। মাটিৰ ওপৰত থাকিলে শিপাৰ ৰং সেউজীয়া হ'ব পাৰে।

© কন্দৰ্পজিৎ



  অধ্যায় - ২২
কাৰ্য আৰু শক্তি

১। বল দিলে কি কয়?
উঃ বল দিলে বস্তুৰ স্থানৰ পৰিৱর্তন হয়।

২। শক্তি বুলিলে কি বুজা ?
উঃ বস্তুৰ কাৰ্য কৰিব পৰা সক্ষমতা বা সামৰ্থকেই শক্তি বুলি বুজোঁ। 

৩। ইন্ধন কি ? আমি কেইপ্রকাৰৰ ইন্ধনৰ বিষয়ে জানাে ?
উঃ যিবোৰ বস্তু পুৰিলে কোনাে তাপ শক্তি পােৱা যায়, সেইবোৰক ইন্ধন বােলে। যেন- কাঠ, বাঁহ, কয়লা, পেট্ৰল আদি। 
    আমি তিনি প্রকাৰ ইন্ধনৰ বিষয়ে জানাে। - গােটা, জুলীয়া আৰু গেছীয় ইন্ধন।

৪। গতি শক্তি মানে কি ?
উঃ কোনাে এটা বস্তুৱে চলি থাকোতে বা গতি কৰি থাকোতে যি শক্তি লাভ কৰে, তাকে গতি শক্তি বােলে।

৫। ধনুৰ গুণডাল টানি ৰাখিলে কি শক্তি পায় ?
উঃ স্থিতি শক্তি পায়।

৬। পতাকা এখন খুটাত ওলােমাই থলে উৰি থাকে কিয় ?
উঃ পতাকা এখন খুটাত ওলােমাই থলে পতাকাখনত বায়ুৱে ক্রিয়া কৰি থাকে ফলত পতাকাখনে গতি শক্তি লাভ কৰি উৰি থাকে।

৭। পাহাৰৰ টিঙত থকা শিলটো তললৈ বাগৰি আহে কিয় ?
উঃ মাধ্যাকর্ষণীয় শক্তিৰ বাবে।

৮। তেলৰ চাকি এটা জ্বলালে কি শক্তি পাম ?
উঃ তাপ শক্তি পাম।

৯। শক্তিৰ ৰূপান্তৰ মানে কি?
উঃ শক্তিৰ ৰূপান্তৰ মানে হ'ল এবিধ শক্তিৰ পৰা আন এবিধ শক্তিলৈ পৰিৱৰ্তন হোৱা।

১০। কাৰ্য কাক বােলে ?
উঃ বল প্রয়ােগৰ দ্বাৰা বস্তুৰ স্থানৰ পৰিবৰ্তন কৰাকে কার্য বােলে।

১১। কার্য কৰিবলৈ কিহৰ প্রয়ােজন?
উঃ কার্য কৰিবলৈ শক্তিৰ প্রয়ােজন।

১২। কেইবিধমান শক্তিৰ নাম লিখা?
উঃ স্থিতি শক্তি, গতি শক্তি, তাপ শক্তি, বিদ্যুৎ শক্তি, চুম্বকীয় শক্তি, শাৰীৰিক শক্তি, সৌৰশক্তি, মাধ্যাকৰ্ষণীয় শক্তি।

১৩। চুম্বকীয় শক্তি কাক বােলে ?
উঃ চুম্বকে আকৰ্ষণ কৰিব পৰা শক্তিক চুম্বকীয় শক্তি বােলে।

১৪। মাধ্যাকর্ষণীয় শক্তি কাক বােলে ?
উঃ পৃথিৱীয়ে সকলাে বস্তুকে নিজৰ ফালে টানে। ইয়াকে মাধ্যাকর্ষণীয় শক্তি বােলে।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...