27/10/2021

তৃতীয় শ্ৰেণীৰ পৰিৱেশ

তৃতীয় শ্ৰেণীৰ পৰিৱেশ

*প্রদূষণ ৰােধ কেনেকৈ সম্ভৱ*

১। প্রদূষণ ৰােধ কৰিবলৈ হ'লে আমি সকলােৱে কি কৰিব লাগিব?
উ: প্রদূষণ ৰােধ কৰিবলৈ হ'লে আমি সকলােৱে নিজৰ ঠাই খনক ভালপাব লাগিব। প্রয়ােজন মতে গছপুলি ৰােপণ কৰি যত্ন কৰিব লাগিব।

২। যিকোনো বস্তু নলাত পেলাব নালাগে কিয়?
উ: যিকোনো বস্তু নলাত পেলাব নালাগে কাৰণ বেয়াবস্তু নলাত পেলালে নলাৰ পানী বন্ধ হৈ যায় আৰু জলাশয়ত পানীৰ গুণাগুণ নষ্ট হয়।

৩। প্ৰদূষিত পৰিৱেশে কি ৰােগ সহজে বিয়পায়?
উ: প্ৰদূষিত পৰিৱেশে মহামাৰী ৰোগ সহজে বিয়পায়।


*বন্যজীৱ আৰু সিহঁতৰ বাসস্থান*

১। উদ্ভিদে বন্যপ্রাণীক কি কি দিয়ে? 
উ: উদ্ভিদে বন্যপ্রাণীক খাদ্য, আশ্রয় আৰু
ৰক্ষণাবেক্ষণ দিয়ে। 

২। উদ্ভিদবােৰৰ পৰা মানুহে কেনেদৰে আর্থিক ভাবে লাভবান হ'ব পাৰে?
উ: উদ্ভিদৰ পৰা মানুহে ঘৰ বনােৱা কাঠ সংগ্রহ কৰি সেই কাঠ বিক্ৰী কৰি আর্থিক ভাবে লাভবান
হ’ব পাৰে। 

৩। বন্যপ্রাণীবােৰ হ’ল প্রকৃতিৰ _______।
উ: প্ৰহৰী। 

৪। বহু প্রজাতিৰ উদ্ভিদ আৰু বন্যপ্রাণী ক'ত সংৰক্ষণ কৰা হয়?
উ: চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানবােৰত।

৫। মৰুভূমি কেনেকুৱা? মৰুভূমিত কি হয়?
উ: মৰুভূমি তপত আৰু বালিময়। দিনত ধূলিৰ ধূমুহা বলে। 

৬। মৰুভূমিৰ বাহন বা জাহাজ কি? 
উ: উট। 

৭। বৰফ আবৃত পর্বতৰ অতি উচ্চ অঞ্চলতে দেখা যোৱা এবিধ প্রাণীৰ নাম লিখা।
উ: হিম বাঘ।


*জলচৰ জীৱ*

১। জলচৰ কাক বোলে?
উ: যিবিলাক উদ্ভিদ আৰু প্রাণী জলাশয় বা সাগৰ-মহাসাগৰত বাস কৰে সিবােৰক জলচৰ বােলা হয়। 

২। পানীত গজা কেইবিধমান উদ্ভিদৰ নাম লিখা।
উ: মেটেকা, পুণী, কলমৌ, হাইড্রিলা, ভেট ফুল, পদুম ফুল ইত্যাদি। 

৩। পানীত বাস কৰা কেইবিধমান মাছৰ নাম লিখা।
উ: ৰৌ, বৰালি, মাগুৰ, শ’ল, পুঠি, গৰৈ, শিঙি ইত্যাদি।

৪। পানীত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম লিখা।
উ: বিভিন্ন প্রজাতিৰ মাছ, ভেকুলী, সাপ, জোক, মাছখােৱা উদ, শামুক ইত্যাদি।

৫। সাগৰ-মহাসাগৰৰ পানী কেনেকুৱা?
উ: লুণীয়া। 

৬। সাগৰ-মহাসাগৰৰ লুণীয়া পানীত কি কি প্ৰাণী পোৱা যায়?
উ: ডলফিন বা শিহু, তিমি, নানা প্রজাতিৰ মাছ, ছীল, সিন্ধুঘােটক ইত্যাদি পােৱা যায়।


*উদ্ভিদ আৰু প্ৰাণীৰ বংশ বৃদ্ধি*

১। উদ্ভিদে কেনেদৰে বংশ বৃদ্ধি কৰে?
উ: উদ্ভিদে সাধাৰণতে বীজৰ দ্বাৰা বংশ বৃদ্ধি কৰে। 

২। ফলৰ ভিতৰত বীজ সােমাই থকা কেইটামান ফলৰ নাম লিখা।
উ: ডালিম, লিচু, মধুৰিআম, আম ইত্যাদি।

৩। প্রাণীবােৰে বংশ বৃদ্ধিৰ বাবে কি কৰে?
উ: প্রাণীবােৰে বংশ বৃদ্ধিৰ বাবে কণী পাৰে বা পােৱালী জগায়। 

৪। চৰায়ে কেনেদৰে পোৱালী জগায়?
উ: চৰায়ে কণী পাৰি বুকুৰ উম দি কণীৰ পৰা পােৱালী জগায়। 

৫। পােৱালীক মাকে নিজৰ গাখীৰ খুৱাই ডাঙৰ দীঘল কেইটামান প্ৰাণীৰ নাম লিখা।
উ: গৰু, কুকুৰ, হাতী, ঘোঁৰা, বান্দৰ, মানুহ ইত্যাদি।


*পৰিৱেশৰ সংকেত*

১। কোনে পৰিৱেশৰ সংকেত দিয়ে?
উ: প্রকৃতিত থকা উদ্ভিদ আৰু প্রাণীবােৰে স্থানীয় পৰিৱেশৰ সংকেত দিয়ে।

২। _______ৰ আশ্ৰয়তহে প্রাণী থাকে। 
উ: উদ্ভিদ।

৩। কোনে পৰিৱেশৰ সুন্দৰ সংকেত মানুহলৈ প্রেৰণ কৰে?
উ: উদ্ভিদ আৰু প্রাণীবােৰে পৰিৱেশৰ সুন্দৰ সংকেত মানুহলৈ প্রেৰণ কৰে।


*পৰিৱেশ ধ্বংস হােৱাৰ মূল কাৰণবােৰ*

১। পৰিৱেশ ধ্বংস হােৱাৰ মূল কাৰণবােৰ কি কি?
উ: পৰিৱেশ ধ্বংস হােৱাৰ মূল কাৰণবােৰ হ’ল— অৰণ্য ধ্বংস কৰা, প্রদূষক উৎপন্ন কৰা আৰু জধে মধে ঘৰ-দুৱাৰ সাজি মাটি আৰু জলাশয়বােৰৰ অনিষ্ট কৰা।

২। অৰণ্য কমি গ'লে কি হয়?
উ: অৰণ্য কমি গ'লে জলবায়ুৰ তাৰতম্য হয়। 

৩। জলবায়ুৰ তাৰতম্যতাৰ ফলত কি হয়?
উ: জলবায়ুৰ তাৰতম্যতাৰ ফলত নিয়মিত বৰষুণ নহয়। 

৪। বৰষুণ নহ'লে পানীৰ কি হয়?
উ: বৰষুণ নহ'লে পানীৰ অভাৱ হয়।

৫। পানীৰ অভাৱ হ'লে কি হয়?
উ: পানীৰ অভাৱ হ'লে কৃষিকার্য বিঘ্নিত কৰে।

৬। কৃষি অবিহনে কি হয়?
উ: কৃষি অবিহনে মানুহ জীয়াই থাকিব নােৱাৰে।

৭। কিহে বায়ুমণ্ডলক দূষিত কৰি আছে?  
উ: দিনে নিশাই কাৰখানাৰ ধোঁৱা আৰু গেছে বায়ুমণ্ডলক দূষিত কৰি আছে। 

৮। জীয়াই থকাৰ পৰিৱেশ কেনেদৰে ধ্বংস হয়?
উ: জনসংখ্যা বৃদ্ধিৰ ফলত প্রকৃতি অস্থিৰ হৈ পৰে আৰু জীয়াই থকাৰ পৰিৱেশ ধ্বংস হয়।


*জানিবলগীয়া তথ্য সম্ভাৰ*

১। অসমৰ জাতীয় উদ্ভিদ কি?
উ: হলং।

২। অসমৰ চৰাই অভয়াৰণ্যখনৰ নাম কি?
উ: দিপৰ বিল।

৩। অসমৰ বৰ্ষাৰণ্যখনৰ নাম কি?
উ: জয়পুৰ।

৪। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?
উ: অসমৰ ৰাষ্ট্ৰীয় উদ্যান পাঁচখন – মানাহ, কাজিৰঙা, ওৰাং, নামেৰী, ডিব্ৰুচৈখােৱা।

৫। অসমৰ মূল্যবান পতংগবিধৰ নাম কি?
উ: মুগা পলু।

৬। পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া হােৱা সৰীসৃপবিধৰ নাম কি?
উ: ডাইন'চৰ।

৭। আটাইতকৈ দীঘল ঘাঁহ কি?
উ: বাঁহ।

৮। পৃথিৱীৰ পৰা বিলুপ্ত হােৱা চৰাইবিধৰ নাম কি?
উ: ডড' চৰাই।


© কন্দৰ্পজিৎ

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...