Showing posts with label SSN Class 4 Social. Show all posts
Showing posts with label SSN Class 4 Social. Show all posts

28/10/2021

চতুৰ্থ শ্ৰেণীৰ সমাজ • পাঠ নং -১৫ • আমাৰ সম্পদ

চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান
পাঠ নং -১৫ • আমাৰ সম্পদ

১। ভাৰতৰ হাবি-বননি আৰু অৰণ্য অঞ্চলত পােৱা পাঁচবিধ মূল্যৱান উদ্ভিদ আৰু পাঁচবিধ প্রাণীৰ নাম লিখা।
=> পাঁচবিধ মূল্যৱান উদ্ভিদৰ নাম হ'ল‌ - শাল, চেগুণ, অর্জুন, চন্দন, সৰল। 
পাঁচবিধ প্ৰাণীৰ নাম হ'ল - বাঘ, সিংহ, হাতী, গঁড়, হৰিণা।

২। তলত দিয়া খনিজ সম্পদসমূহ ভাৰতৰ কোন কোন প্রদেশত পােৱা যায়?
(ক) খাৰুৱা তেল, (খ) কয়লা, (গ) মেংগানিজ, (ঘ) সােণ, (ঙ) ললা, (চ) তাম।

=> (ক) খাৰুৱা তেল - অসম, মহাৰাষ্ট্র, গুজৰাট।
(খ) কয়লা - অসম, মেঘালয়, ওড়িশা।
(গ) মেংগানিজ - বিহাৰ, ওড়িশা, মধ্যপ্রদেশ।
(ঘ) সােণ - কর্ণাটক, অন্ধ্রপ্রদেশ।
(ঙ) লাে - পশ্চিমবংগ, বিহাৰ, ওড়িশা।
(চ) তাম - ৰাজস্থান, অন্ধ্রপ্রদেশ, বিহাৰ।

৩। অসমক কিয় পনীয়া সােণ’ৰ ৰাজ্য বুলি কোৱা হয়?
=> খাৰুৱা তেলৰ বাবে অসম ভাৰতৰ ভিতৰতে চহকী। সেইবাবে অসমক পনীয়া সােণৰাজ্য বুলি কোৱা হয়।

৪। ভাৰতৰ মাটিক কেইভাগত ভাগ কৰিব পাৰি? ভাগকেইটা লিখা।
=> ভাৰতৰ মাটিক চাৰিভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল - পলসুৱা, ক’লা, ৰঙা আৰু আঠালেতীয়া।

৫। উদ্ভিদৰ পৰা আমি কি কি সুবিধা পাওঁ?
=> উদ্ভিদৰ পৰা আমি জীয়াই থাকিবলৈ অক্সিজেন গেছ পাওঁ। উদ্ভিদৰ পৰা আমি খাদ্য পাওঁ। গৃহ নির্মাণৰ বাবে প্ৰয়োজনীয় কাঠ, কৃষিৰ সা-সঁজুলি, ক্রীড়া
সামগ্রী, ঘৰুৱা আচবাব বনোৱাৰ বাবে কাঠ, বেত, বাঁহ আদি উদ্ভিদৰ পৰা পাওঁ। উদ্ভিদৰ পৰা বিভিন্ন ঔষধ, কাপােৰ, ৰং আদিও প্রস্তুত কৰা হয়। তাৰোপৰি লিখিবলৈ ব্যৱহাৰ কৰা কাগজ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়।

৬।‌জলজ সম্পদ কাক বােলে? তিনিবিধ জলজ সম্পদৰ উদাহৰণ দিয়া।
=> পানীত থকা সম্পদসমূহক জলজ সম্পদ বােলে। যেনে- মাছ, কাছ, ঘঁৰিয়াল।

৭। খালী ঠাই পূৰ কৰা

(ক) কাৰ্বি-আংলং জিলাত অধিক পৰিমাণে *চূণশিল* পােৱা যায়।
(খ) কপাহ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত *দ্বিতীয়* স্থানত আছে।
(গ) মাটিৰ বুকুতে আছে কয়লা, খনিজ তেল, প্রাকৃতিক গেছ ইত্যাদি *শক্তিৰ* বিপুল ভাণ্ডাৰ।
(ঘ) মানৱ সম্পদক সকলাে সম্পদতকৈ *শ্রেষ্ঠ* সম্পদ বােলা হয়।
(ঙ) সকলাে সম্পদক ব্যৱহাৰৰ উপযােগী কৰি তােলে *মানৱ* সম্পদে।

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...