💠 Sentence বা বাক্যত ব্যৱহৃত প্রত্যেকটো word বা শব্দকেই একো একোটা Parts Of Speech বোলা হয়।
যেনে : I went to school.
(ইয়াত I / went / to / school এই চাৰিওটা word বা শব্দই একোটাকৈ Parts Of Speech.)
Parts Of Speech আঠ প্রকাৰৰ —
1. Noun (বিশেষ্য)
2. Pronoun (সর্বনাম)
3. Adjective (বিশেষণ)
4. Verb (ক্রিয়া)
5. Adverb (ক্রিয়া বিশেষণ)
6. Preposition (অব্যয়)
7. Conjunction (সংযোজক অব্যয়)
8. Interjection (ভাববোধক অব্যয়)
♻️ Noun কাক বোলে ? উদাহৰণ দিয়া।
💠 যি পদে কোনো নাম, বস্তু, জীৱ-জন্তু আদি বুজায় তাক Noun বোলে ।
যেনে-
R͟a͟h͟u͟l͟ is a good boy.
This is my p͟e͟n͟.
I have a f͟o͟o͟t͟b͟a͟l͟l͟.
M͟i͟l͟k͟ is white.
♻️ Pronoun কাক বোলে ? উদাহৰণ দিয়া।
💠 Nounৰ সলনি ব্যৱহাৰ হোৱা পদক Pronoun বোলে ।
যেনে-
H͟e͟ is a good boy.
Y͟o͟u͟ are my friend.
S͟h͟e͟ is my sister.
♻️ Adjective কাক বোলে ? উদাহৰণ দিয়া।
💠 Noun, Pronoun আদি অইন পদৰ দোষ, গুণ, অৱস্থা, পৰিমান আদি বুজোৱা পদক Adjective বোলে ।
যেনে-
She is a b͟e͟a͟u͟t͟i͟f͟u͟l͟ girl.
My Shirt is b͟l͟u͟e͟.
You have t͟h͟r͟e͟e͟ pens.
Milk is w͟h͟i͟t͟e͟.
Sugar is s͟w͟e͟e͟t͟.
♻️ Verb কাক বোলে ? উদাহৰণ দিয়া।
💠 কোনো কাম কৰা বা হোৱা বুজোৱা পদক Verb বোলে।
যেনে-
The boy is r͟e͟a͟d͟ing.
I g͟o͟ to school.
Kamsl p͟l͟a͟y͟s͟ football.
♻️ Adverb কাক বোলে ? উদাহৰণ দিয়া।
💠 Verb বা Adjective পদৰ দোষ, গুণ, অৱস্থা আদি বুজোৱা পদক Adverb বোলে।
যেনে-
He is v͟e͟r͟y͟ smart boy.
He a͟l͟w͟a͟y͟s͟ speaks the truth.
You n͟e͟v͟e͟r͟ tell a lie.
♻️ Preposition কাক বোলে ? উদাহৰণ দিয়া।
💠 যি Word বা শব্দই কোনো Noun বা Pronoun-ৰ আগত বহি উক্ত Noun বা Pronoun-ৰ লগত বাক্যৰ অন্য শব্দৰ সম্পর্ক নির্দেশ কৰে তাক Preposition বোলে।
যেনে-
I get up from bed a͟t͟ 6 a.m
The book is o͟n͟ the table.
♻️ Conjunction কাক বোলে ? উদাহৰণ দিয়া।
💠 যি Word বা শব্দই দুটা Word বা Sentenceক একলগ কৰে তাক Conjunction বোলে ।
যেনে-
Ramesh is poor b͟u͟t͟ honest.
Bimal a͟n͟d͟ Bibek are two brothers.
♻️ Interjection কাক বোলে ? উদাহৰণ দিয়া।
💠 যি Word বা শব্দই মনৰ আবেগ, দুখ, বিস্ময় আদি ভাব প্রকাশ কৰে তাক interjection বোলে।
যেনে-
A͟l͟a͟s͟ ! He is dead.
H͟u͟r͟r͟a͟h͟ ! Today is holiday.
O͟h͟ ! What a nice view.
O͟h͟ ! God save us.
No comments:
Post a Comment