28/10/2021

শংকৰদেৱ

শংকৰদেৱ
১) 'জগত গুৰু' কোন ?
উত্তৰ- শংকৰদেৱ।
(২) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।
(৩) শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।
(৪) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।
(৫) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।
(৬) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।
(৭) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।
(৮) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।
(৯) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ? 
উত্তৰ- কালিন্দী।
(১০) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।
(১১) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ? 
উত্তৰ- কোচবিহাৰত।
(১২) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।
(১৩) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
উত্তৰ- বেলগুৰিত।
(১৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- 'মণিকাঞ্চন সংযোগ'।
(১৫) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।
(১৬) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।
(১৭) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(১৮) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মদন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।
(১৯) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।
(২০) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয় ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।
(২১) 'ভকতিৰ চাৰিখুঁটি' কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।
(২২) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
(২৩) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।
(২৪) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ? 
উত্তৰ- 'ভক্তি-ৰত্নাকৰ'।
(২৫) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।
(২৬) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।
(২৭) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- 'কীৰ্তন' আৰু 'গুণমালা'।
(২৮) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'কীৰ্তন'।
(২৯) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।
(৩০) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।
(৩১) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।
(৩২) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।
(৩৩) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।
(৩৪) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ? 
উত্তৰ- শংকৰদেৱ।
(৩৫) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: 'চিহ্ন-যাত্রা'।
(৩৬) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- 'চিহ্ন-যাত্রা'।
(৩৭) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(৩৮) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।
(৩৯) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।
৪০) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।
(৪১) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।
(৪২) 'কেলিগোপাল' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।
(৪৩) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- 'ৰাসক্রীড়া'।
(৪৪) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: 'ৰুক্মিণীহৰণ'।
(৪৫) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।
(৪৬) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- 'পাৰিজাত হৰণ'।
(৪৭) 'পাৰিজাত হৰণ' নাটৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
(৪৮) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।
(৪৯) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- 'ৰামবিজয়'।
(৫০) 'ৰামবিজয়' নাটৰ মূল কি ?
উত্তৰ- 'আদিকাণ্ড ৰামায়ণ'।
(৫১) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।
(৫২) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।
(৫৩) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।
(৫৪) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।
(৫৫) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।
(৫৬) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- 'মন মেৰি ৰাম চৰণেহি লাগু'।
(৫৭) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।
(৫৮) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।
(৫৯) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।
(৬০) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।
(৬১) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.
(৬২) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song. 
(৬৩) বৰগীতসমূহক 'Holy Song' বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।
(৬৪) 'গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে' শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।
(৬৫) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।
(৬৬) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।
(৬৭) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...