28/10/2021

অসমীয়া ৬০০টা প্ৰশ্ন-উত্তৰ

অসমীয়া ৬০০টা প্ৰশ্ন-উত্তৰ

(১) লোক-সাহিত্য মূলতঃ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি প্ৰকাৰ ।

(২) সাধুকথা কোন শ্ৰেণীৰ সাহিত্য ?

উত্তৰ- লোক-সাহিত্য।

(৩) লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি।

(৪) বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?

উত্তৰ- অনুষ্ঠানমূলক লোকগীতৰ।

(৫) বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয় ?

উত্তৰ- ত্ৰিপদী ছন্দত।

(৬) কামৰূপত যোৰা নামক কি বুলি কোৱা হয় ?
উত্তৰ- খিচাগীত।

(৭) আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয় ?
উত্তৰ- বেলাড।

(৮) 'বেলাড' শব্দৰ অসমীয়া প্ৰতিশব্দ কি ?
উত্তৰ- মালিতা।

(৯) মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?
উত্তৰ- আখ্যানমূলক বা বেলাড বা মালিতা শ্রেণীৰ।

(১০) আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ- তিনিটা।

(১১) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সর্বপ্রাচীন গীতটো কি ?
উত্তৰ- নাহৰৰ গীত।

(১২) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত অতি অৰ্বাচীন গীতটো কি ?
উত্তৰ- মণিৰাম দেৱান।

(১৩) জনাগাভৰুৰ গীতৰ নায়ক কোন ?
উত্তৰ- গোপীচন কোঁৱৰ।

(১৪) জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
উত্তৰ- লোকগীত।

(১৫) জিকিৰ শব্দৰ অৰ্থ কি ?
উত্তৰ- আল্লাৰ নাম স্মৰণ কৰা।

(১৬) হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?
উত্তৰ- অসমীয়া সাহিত্যৰ প্রাচীনতম কালটোক।

(১৭) 'Folk Literature of Assam' আৰু 'অসমীয়া জনসাহিত্য' শীর্ষক গ্ৰন্থ দুখনৰ লেখক কোন ?
উত্তৰ- ড০ প্ৰফুল্ল দত্ত গোস্বামী।

(১৮) 'আকুল পথিক' গ্রন্থখনৰ লেখক কোন ?
উত্তৰ- ডিম্বেশ্বৰ নেওগ।

(১৯) 'অসমীয়া লোকগীত' গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- ড০ লীলা গগৈৰ।

(২০) 'অসমীয়া সাহিত্যৰ চানেকি' গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীৰ।

(২১) 'অখ্যাত কবিৰ বিখ্যাত ৰচনা' বুলি কোনবিধ সাহিত্যক কোৱা হয় ?
উত্তৰ- লোক-সাহিত্যক।

(২২) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয় ?
উত্তৰ- চর্যাপদক।

(২৩) চর্যাপদসমূহ কাৰ ৰচনা ?
উত্তৰ- সহজীয়া বৌদ্ধ সিদ্ধাচার্যসকলৰ।

(২৪) চর্যাপদসমূহ কোনে, কিমান চনত সংগ্ৰহ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯০৭ চনত।

(২৫) হৰপ্ৰসাদ শাস্ত্ৰীয়ে 'চর্যাপদ' বা বৌদ্ধগানসমূহ ক'ৰ পৰা সংগ্ৰহ কৰি আনিছিল ?
উত্তৰ- নেপালৰ ৰাজদৰবাৰ গ্রন্থালয়ৰ পৰা।

(২৬) চর্যাপদসমূহ 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা' এই নামেৰে কোনে, কিমান চনত প্রকাশ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯২৬ চনত।

(২৭) 'চর্যাচর্য বিনিশ্চয়' নামটো কোনে দিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে।

(২৮) চর্যাপদৰ মূল পুথিখনৰ নাম কি? নাইবা, 'চর্যাচর্য বিনিশ্চয়'ৰ আচল নাম কি ?
উত্তৰ- চর্যাগীতিকোষ।

(২৯) 'চর্যাচর্য বিনিশ্চয়'ত কিমানটা পূর্ণগীত পোৱা যায় ?
উত্তৰ- ৪৬ টা।

(৩০) 'চর্যাচর্য বিনিশ্চয়'ত কিমানটা খণ্ডিত গীত পোৱা যায় ?
উত্তৰ- এটা।
                                       
(৩১) 'চর্যাচর্য বিনিশ্চয়'ত কিমানজন সিদ্ধাচার্যৰ গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ২৪ জন।

(৩২) কোনখন গ্ৰন্থৰ আধাৰত সৰহপাদক কামৰূপৰ ৰাজ্ঞী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় ?
উত্তৰ- Pag Sam Jon Zen.

(৩৩) বৌদ্ধগান আৰু দোহাসমূহ কোন পন্থাৰ ধৰ্ম সাধনৰ গীত ?
উত্তৰ- সহজযান পন্থাৰ।

(৩৪) চর্যাগীতৰ ভাষা কি ?
উত্তৰ- সন্ধ্যা ভাষা।

(৩৫) সন্ধ্যাৰ আধা আলো আধা ছাঁয়াৰ ৰহস্যঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয় ?
উত্তৰ- চর্যাপদক।

(৩৬) কাৰ চর্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে ?
উত্তৰ: ভূ-সূকৰ চর্যাত।

(৩৭) কোনটো চর্যাত দবা খেলৰ উল্লেখ আছে ?
উত্তৰ- ২ নং চর্যাত।

(৩৮) কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বর্ণনা আছে ?
উত্তৰ- ১৯ নং চৰ্যাত।

(৩৯) কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?
উত্তৰ- ৪৮ নং চর্যাত।

(৪০) চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অঙ্কিত ?
উত্তৰ- নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ।

(৪১) চর্য্যাপদ-(১) "কাআ তৰুবৰ পঞ্চ বি ডাল" শীর্ষক গীতটি কাৰ ৰচনা? গীতটিৰ ৰাগ কি ?
উত্তৰ- লুইপাদ, ৰাগ-পটমঞ্জৰী।

(৪২) চৰ্যাপদবোৰ কি ছন্দত ৰচিত ?
উত্তৰ- মাত্ৰাবৃত্ত ছন্দত।

(৪৩) অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?
উত্তৰ- বঙলা, মৈথিলী, উড়িয়া।

(৪৪) দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চর্যাকাৰজন কোন আছিল ?
উত্তৰ- সৰহপাদ।

(৪৫) 'চর্যাচর্য বিনিশ্চয়'ৰ টীকাকাৰ কোন আছিল ?
উত্তৰ- মুনিদত্ত।

(৪৬) লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?
উত্তৰ: ডাকৰ বচন।

(৪৭) মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?
উত্তৰ- প্ৰাক্ শংকৰী যুগত।

(৪৮) প্রাক্ শংকৰী যুগৰ (চতুর্দশ শতিকাৰ) কবি কেইজনৰ নাম লিখা। 
উত্তৰ- হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী।

(৪৯) হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুৰ্লভ নাৰায়ণৰ।

(৫০) 'প্ৰহ্লাদ চৰিত্র' আৰু 'হৰগৌৰী-সংবাদ' কোনে ৰচনা কৰিছিল ?
উত্তৰ- হেম সৰস্বতীয়ে।

(৫১) নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি ?
উত্তৰ- 'প্রহ্লাদ চৰিত্ৰ'।

(৫২) হেম সৰস্বতীয়ে ক'ৰ পৰা 'প্রহ্লাদ চৰিত্ৰ'ৰ ঘটনা লৈছিল?
উত্তৰ- 'বামন-পুৰাণ'ৰ পৰা।

(৫৩) হেম সৰস্বতীৰ 'প্রহ্লাদ চৰিত্ৰ'ত কিমানটা পদ আছে ?
উত্তৰ- এশটা।

(৫৪) 'প্রহ্লাদ চৰিত্ৰ'খন প্রথমে কোনে, কেতিয়া সম্পাদনা কৰি উলিয়ায় ?
উত্তৰ- কালিৰাম মেধিয়ে, ১৯১৩ চনত।

(৫৫) হেম সৰস্বতীৰ 'হৰগৌৰী-সংবাদ' কিমানটা পদত ৰচিত ?
উত্তৰ- ৮৯৯ টা।

(৫৬) কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ।

(৫৭) মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ সপ্তম উপৰিপুৰুষজনৰ নাম কি ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৫৮) মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তর্গত কাব্যখনৰ নাম কি ?
উত্তৰ- 'জয়দ্রথ বধ'।

(৫৯) 'কৈলাশ বৰ্ণনা' অংশটি কোনখন কাব্যৰ অন্তর্গত ?
উত্তৰ- 'জয়দ্রথ বধ'।

(৬০) 'জয়দ্রথ বধ' কাব্যখনৰ ৰচক কোন ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৬১) ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- শ্ৰীমন্ত তাম্ৰধ্বজৰ।

(৬২) 'সাত্যকি প্ৰৱেশ' কাব্যৰ ৰচক কোন?
উত্তৰ- ৰুদ্ৰ কন্দলী।

(৬৩) কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি সকলৰ ভিতৰত সর্বশ্রেষ্ঠ কবি কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৪) হৰিবৰ বিপ্রই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ।

(৬৫) 'বব্রুবাহনৰ যুদ্ধ', 'লৱ-কুশৰ যুদ্ধ' আৰু 'তাম্ৰধ্বজৰ যুদ্ধ' কোনে ৰচনা কৰিছিল ?
উত্ত- হৰিবৰ বিপ্রই।

(৬৬) 'বব্রুবাহনৰ যুদ্ধ' আৰু 'লৱ-কুশৰ যুদ্ধ' কাব্য দুখনৰ মূল কি ?
উত্তৰ- 'জৈমিনি অশ্বমেধ'।

(৬৭) মহাভাৰতৰ 'অশ্বমেধ' পর্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৮) অসমীয়া সাহিত্যৰ প্রথম গৰাকী বীৰ কাব্য ৰচক কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৯) প্রাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি ?
উত্তৰ- মাধৱ কন্দলী।

(৭০) মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭১) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭২) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত 'ৰামায়ণ' ৰচনা কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭৩) মাধৱ কন্দলীয়ে জন সমাজত কি বুলি খ্যাতি লাভ কৰিছিল ?
উত্তৰ- 'কবিৰাজ কন্দলী'।

(৭৪) 'কবিৰাজ কন্দলী' হিচাপে জনাজাত কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৭৫) মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল ?
উত্তৰ- 'লম্ভা পৰিহৰি সাৰোদ্ধৃতে'।

(৭৬) মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণ খনৰ নাম কি ?
উত্তৰ- 'সপ্তকাণ্ড ৰামায়ণ'।

(৭৭) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উত্তৰ- পাঁচটা।

(৭৮) মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল ?
উত্তৰ- মাধৱচন্দ্র বৰদলৈয়ে।

(৭৯) নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮০) মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল ?
উত্তৰ- 'দেৱজিৎ'।

(৮১) 'অপ্রমাদী কবি' কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮২) মাধৱ কন্দলীক 'অপ্রমাদী কবি' বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(৮৩) মাধৱ কন্দলীক 'অসমীয়া ছচাৰ' বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীয়ে।

(৮৪) 'শ্রীকৃষ্ণ-কীর্তন'ৰ কবি কোন ?
উত্তৰ- বড়ু চণ্ডীদাস।

(৮৫) 'শ্রীকৃষ্ণ-কীর্তন'ৰ ৰচনা কাল কিমান ?
উত্তৰ- চতুর্দশ শতিকা।

(৮৬) 'শ্রীকৃষ্ণ-কীর্তন'ৰ উদ্ধাৰকর্তা আৰু প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ- বসন্তৰঞ্জন ৰায় বিদ্ধত বল্লভ।

(৮৭) "শ্ৰীকৃষ্ণ-কীর্তনৰ পাতে পাতে কিমান যে ভুল-ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে সেইটো দেখি শিক্ষিত বঙালী মাত্ৰেই লজ্জিত আৰু মৰ্মাহত হ'ব" বুলি কোনে মন্তব্য কৰিছিল ?
উত্তৰ- ড০ অমিত্রসূদন ভট্টাচাৰ্যই।

(৮৮) "উপভাষাবোৰ স্বতন্ত্ৰ-বিকাশৰ যাত্ৰা আৰম্ভ হোৱা নাই, কিন্তু সুস্পষ্ট ৰূপে নিৰ্দ্ধাৰিত হৈছে। এনেকুৱা উপভাষা কিছুমানৰ সানমিহলি ৰূপ এটা কৃষ্ণ-কীর্তনৰ ভাষাই দাঙি ধৰে।" কথাষাৰ কোনে কৈছিল ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(৮৯) 'গীতগোবিন্দ' কাব্যৰ ৰচক কোন ?
উত্তৰ- জয়দেৱ।

(৯০) 'শ্ৰীকৃষ্ণ-কীর্তন'ত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায় ?
উত্তৰ- 'গীতগোবিন্দ'।

(৯১) 'শ্রীকৃষ্ণ-কীর্তন' কেইটা খণ্ডত বিভক্ত ?
উত্তৰ- ১৩ টা।

(৯২) 'শ্ৰীকৃষ্ণ-কীর্তন'ত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান ?
উত্তৰ- ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ।

(৯৩) কোন গৰাকী ব্যক্তিয়ে 'শ্ৰীকৃষ্ণ-কীর্তন'ৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মুৰিয়লিৰ বস্তু বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ- মহেশ্বৰ নেওগে।

(৯৪) 'শূন্যপুৰাণ' কোনে ৰচনা কৰিছিল ?
উত্তৰ- ৰামাই পণ্ডিতে।

(৯৫) 'শূন্যপুৰাণ' গ্রন্থখনত কোন দেৱতাৰ উল্লেখ আছে ?
উত্তৰ- ধর্মদেৱতাৰ।

(৯৬) 'শূন্যপুৰাণ'ৰ সৃষ্টি-তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় ?
উত্তৰ- মনকৰৰ 'পদ্মাপুৰাণ'।

(৯৭) 'শূন্যপুৰাণ' গ্রন্থখনৰ সম্পাদনাৰ লগত জড়িত ব্যক্তি গৰাকী কোন ?
উত্তৰ- নগেন্দ্ৰ নাৰায়ণ বসু।

(৯৮) নাথ বা যোগী সাহিত্যৰ প্রৱর্তক কোন ?
উত্তৰ- মৎস্যেন্দ্ৰ নাথ।

(৯৯) দশম-একাদশ শতিকাৰ নাথ সিদ্ধসকলৰ কাহিনীক লৈ ৰচনা কৰা গীতবোৰক কি হিচাপে জনা যায় ?
উত্তৰ- গোপীচন্দ্রৰ গীত।

(১০০) গোপীচন্দ্রৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত ?
উত্তৰ- নাথ সাহিত্য।

(১০১) পাঁচালি শব্দটো ক'ৰ পৰা আহিছে ?
উত্তৰ- সংস্কৃত 'পাঞ্চালিকা' শব্দৰ পৰা।

(১০২) বিশেষভাৱে উল্লেখযোগ্য পাঁচালি কাব্যৰ কবি কেইজনৰ নাম লিখা।
উত্তৰ- পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।

(১০৩) 'ঊষা-পৰিণয়', 'ভাগৱত দশম স্কন্ধ', 'মার্কণ্ডেয় চণ্ডী' আৰু 'নল-দময়ন্তী' কোনে ৰচনা কৰিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(১০৪) পীতাম্বৰ কবিৰ প্রথম ৰচনা কি ?
উত্তৰ- 'ঊষা-পৰিণয়'।

(১০৫) পীতাম্বৰ কবিয়ে 'ঊষা-পৰিণয়' কাব্য কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- ১৫৩৩ খ্ৰীঃত।

(১০৬) 'ঊষা-পৰিণয়' কাব্যৰ মূল কি ?
উত্তৰ- হৰিবংশ বিষ্ণু পর্বৰ ১১৬-১২৮ অধ্যায়।

(১০৭) কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে ?
উত্তৰ- 'মার্কণ্ডেয় চণ্ডী' আৰু 'দশম স্কন্ধ'। 

(১০৮) পীতাম্বৰৰ 'ভাগৱত দশম স্কন্ধ' কি ছন্দত ৰচিত ?
উত্তৰ- পয়াৰ আৰু ত্ৰিপদী ছন্দত।

(১০৯) কোন গৰাকী কবিয়ে নিজকে 'শিশুমতি' বুলি পৰিচয় দিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(১১০) কোন গৰাকী কবিক 'তামসিক' বুলি আখ্যা দিয়া হয় ?
উত্তৰ- পীতাম্বৰ কবিক।

(১১১) পীতাম্বৰ কবিক 'তামসিক' বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- শংকৰদেৱে।

(১১২) 'গীতি-ৰামায়ণ' আৰু 'বেউলা-আখ্যান' কোনে ৰচনা কৰিছিল ?
উত্তৰ- দুর্গাবৰ কায়স্থই।

(১১৩) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ৫৮ টা।

(১১৪) "'গীতি-ৰামায়ণ' বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ।" উক্তিটো কাৰ ?
উত্তৰ- সত্যেন্দ্ৰনাথ শৰ্মা।

(১১৫) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি গৰাকী কোন ?
উত্তৰ- মহেশ্বৰ নেওগ।

(১১৬) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক 'বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ' বুলি কোনে মত প্ৰকাশ কৰিছে ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(১১৭) কোচৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- দুর্গাবৰ কায়স্থ।

(১১৮) কোন গৰাকী ৰজাক 'ৰাজা জল্পেশ্বৰ' বুলি আখ্যা দিয়া হয় ?
উত্তৰ- বিশ্বসিংহক।

(১১৯) বিশ্বসিংহক 'ৰাজা জল্পেশ্বৰ' বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- মনকৰে।

(১২০) 'মনসা কাব্য' কাৰ ৰচনা ?
উত্তৰ- মনকৰৰ।

(১২১) মনকৰৰ পদ্মাপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি ?
উত্তৰ- 'শূন্যপুৰাণ'।

(১২২) মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় ?
উত্তৰ- হাস্য আৰু শৃংগাৰ।

(১২৩) 'সুকনান্নী' নামেৰে জনাজাত কাব্যখন কি ?
উত্তৰ- 'পদ্মপুৰাণ'।

(১২৪) 'সুকনান্নী' কবি কোন ?
উত্তৰ- সুকবি নাৰায়ণদেৱ।

(১২৫) 'জগত গুৰু' কোন ?
উত্তৰ- শংকৰদেৱ।

(১২৬) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।

(১২৭) শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।

(১২৮) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।

(১২৯) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।

(১৩০) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।

(১৩১) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।

(১৩২) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।

(১৩৩) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ? 
উত্তৰ- কালিন্দী।

(১৩৪) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।

(১৩৫) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ? 
উত্তৰ- কোচবিহাৰত।

(১৩৬) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।

(১৩৭) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?
উত্তৰ- বেলগুৰিত।

(১৩৮) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- 'মণিকাঞ্চন সংযোগ'।

(১৩৯) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।

(১৪০) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।

(১৪১) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(১৪২) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মদন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।

(১৪৩) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।

(১৪৪) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয় ? 
উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।

(১৪৫) 'ভকতিৰ চাৰিখুঁটি' কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।

(১৪৬) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।

(১৪৭) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।

(১৪৮) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ? 
উত্তৰ- 'ভক্তি-ৰত্নাকৰ'।

(১৪৯) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।

(১৫০) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(১৫১) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- 'কীৰ্তন' আৰু 'গুণমালা'।

(১৫১) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'কীৰ্তন'।

(১৫২) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।

(১৫৩) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।

(১৫৪) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।

(১৫৫) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।

(১৫৬) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।

(১৫৭) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ? 
উত্তৰ- শংকৰদেৱ।

(১৫৮) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: 'চিহ্ন-যাত্রা'।

(১৫৯) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- 'চিহ্ন-যাত্রা'।

(১৬০) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(১৬১) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(১৬২) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।

(১৬৩) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।

(১৬৪) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।

(১৬৫) 'কেলিগোপাল' নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।

(১৬৬) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- 'ৰাসক্রীড়া'।

(১৬৭) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: 'ৰুক্মিণীহৰণ'।

(১৬৮) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।

(১৬৯) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- 'পাৰিজাত হৰণ'।

(১৭০) 'পাৰিজাত হৰণ' নাটৰ মূল কি ?
উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।

(১৭১) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।

(১৭২) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- 'ৰামবিজয়'।

(১৭৩) 'ৰামবিজয়' নাটৰ মূল কি ?
উত্তৰ- 'আদিকাণ্ড ৰামায়ণ'।

(১৭৪) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।

(১৭৫) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।

(১৭৬) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।

(১৭৭) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।

(১৭৮) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।

(১৭৯) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- 'মন মেৰি ৰাম চৰণেহি লাগু'।

(১৮০) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।

(১৮১) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।

(১৮২) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।

(১৮৩) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(১৮৪) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.

(১৮৫) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song. 

(১৮৬) বৰগীতসমূহক 'Holy Song' বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।

(১৮৭) 'গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে' শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।

(১৮৮) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।

(১৮৯) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।

(১৯০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।

(১৯১) 'বঢ়াৰ পো' কোন ?
উত্তৰ- মাধৱদেৱ।

(১৯২) শংকৰদেৱে 'বঢ়াৰ পো' বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?
উত্তৰ- মাধৱদেৱক।

(১৯৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৮৯ খ্ৰীঃত।

(১৯৪) মাধৱদেৱৰ জন্মস্থান ক'ত ?
উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

(১৯৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- গোবিন্দগিৰি।

(১৯৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- মনোৰমা।

(১৯৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?
উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।

(১৯৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৯৬ খ্ৰীঃত।

(১৯৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।

(২০০) 'ৰাজসূয় কাব্য' আৰু 'জন্মৰহস্য' কাৰ ৰচনা ?
উত্তৰ- মাধৱদেৱৰ।

(২০১) 'নামঘোষা' কোনে ৰচনা কৰিছিল ?
উত্তৰ- মাধৱদেৱে।

(২০২) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- 'নামঘোষা'।

(২০৩) 'নামঘোষা'ৰ আন এটা নাম কি ?
উত্তৰ- 'হেজাৰী ঘোষা'।

(২০৪) ড০ বাণীকান্ত কাকতিয়ে 'নামঘোষা'ক কি আখ্যা দিছে?
উত্তৰ: মহাপ্রস্থানিক গীত।

(২০৫) 'নামঘোষা'ত কিমানটা ঘোষা আছে?
উত্তৰ: এহেজাৰ।

(২০৬) মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।
উত্তৰ: 'অৰ্জুন ভঞ্জন', 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভূমি লেটোৱা' আৰু 'ভোজন বিহাৰ'।

(২০৭) 'অৰ্জুন ভঞ্জন' নাটৰ আন এটা নাম কি? 
উত্তৰ: 'দধি মথন'।

(২০৮) 'অৰ্জুন ভঞ্জন' নাটৰ মূল কি?
উত্তৰ: ভাগৱত পুৰাণ।

(২০৯) মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন' নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?
উত্তৰ: ঝুমুৰা।

(২১০) মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?
উত্তৰ: কৃষ্ণকর্ণামৃত।

(২১১) 'ভূষণ হৰণ' কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(২১২) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ: ১৫৭ টা।

(২১৩) মাধৱদেৱৰ 'তেজৰে কমলাপতি' শীর্ষক বৰগীতটি কি বিষয়ক?
উত্তৰ: জাগন বা জাগৰণ।

(২১৪) মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?
উত্তৰ: 'ৰাজসূয় কাব্য'।

(২১৫) মাধৱদেৱৰ 'ৰাজসূয় কাব্য'খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?
উত্তৰ: আখ্যানমূলক।

(২১৬) মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? 
উত্তৰ: 'ৰাজসূয় কাব্য'।

(২১৭) 'ভক্তি ৰত্নাৱলী' আৰু 'নাম-মালিকা' কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(২১৮) 'আদিকাণ্ড ৰামায়ণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: মাধৱদেৱে।

(২১৯) অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?
উত্তৰ: ১৯১ টা।

(২২০) অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰিপুথি'ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?
উত্তৰ: শংকৰদেৱৰ 'কীর্তন' আৰু 'দশম' আৰু মাধৱদেৱৰ 'নামঘোষা' আৰু 'ভক্তি-ৰত্নাৱলী'। 

(২২১) ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? 
উত্তৰ: ১২ টা।

(২২২) 'কুমৰ-হৰণ' কাব্য কাৰ ৰচনা?
উত্তৰ: অনন্ত কন্দলীৰ।

(২২৩) 'বৃত্তাসুৰ বধ', 'শেষ দশম', 'মহীৰাৱণ বধ' কাব্য কোনে ৰচনা কৰিছিল?
উত্তৰ: অনন্ত কন্দলীয়ে।

(২২৪) অনন্ত কন্দলীৰ 'বৃত্তাসুৰ বধ' ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত?
উত্তৰ: ষষ্ঠ।

(২২৫) অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি?
উত্তৰ: 'সীতাৰ পাতাল প্রৱেশ'।

(২২৬) "বামুণীৰ পুতেক হৈ টোকৰ মাৰিলা, বেল শিৰত নোমল, ভক্তি-পৰ হ'ল ৰছ, যুদ্ধক কৈল দৃঢ়।" কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰ: শংকৰদেৱে, অনন্ত কন্দলীক কৈছিল।
(২২৭) 'শ্রীচন্দ্র ভাৰতী' নাম কোনজন অসমীয়া কবিক দিছিল?
উত্তৰ: অনন্ত কন্দলীক।

(২২৮) 'অসমীয়া ব্যাস' কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২২৯) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?
উত্তৰ: অনিৰুদ্ধ।

(২৩০) ৰাম সৰস্বতীৰ দীক্ষাগুৰুৰ নাম কি? 
উত্তৰ: মুকুন্দদেৱ।

(২৩১) 'মহাভাৰতীয় কবি' বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ: ৰাম সৰস্বতীক।

(২৩২) প্রাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলোতকৈ সৰহ সংখ্যক পদ ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২৩৩) 'বধকাব্য'ৰ ৰচক কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২৩৪) ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম লিখা।
উত্তৰ: 'কুলাচল-বধ' আৰু 'জটাসুৰ বধ'।

(২৩৫) বধকাব্যক কোনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমান্সৰ লগত তুলনা কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(২৩৬) ৰাম সৰস্বতীয়ে কোন গৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল?
উত্তৰ: নৰনাৰায়ণ।

(২৩৭) ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি?
উত্তৰ: 'ভীমচৰিত'।

(২৩৮) মহাভাৰতৰ এক লাখ শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে অকলে কিমান শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? নাইবা, ৰাম সৰস্বতীয়ে বন পর্বত কিমানটা পদ ৰচনা কৰিছিল?
উত্তৰ: ৩০ হাজাৰ।

(২৪৬) 'কিৰাত পর্ব' কোনে ৰচনা কৰিছিল? 
উত্তৰ: কংসাৰি কবিয়ে।

(২৪৭) 'কীর্তন'ৰ অন্তর্ভুক্ত হোৱা 'সহস্ৰ নাম-বৃত্তান্ত'ৰ ৰচক কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(২৪৮) 'ব্রহ্মগীতা' আৰু 'গীতাকীর্তন'ৰ গ্রন্থকাৰ কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(২৪৯) 'কাণখোৱা' আৰু 'ঘুনুচা কীর্তন' কোনে ৰচনা কৰিছিল?
উত্তৰ: শ্রীধৰ কন্দলীয়ে।

(২৫০) 'অঙ্কাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: কালিৰাম মেধিয়ে।

(২৫১) 'অঙ্কীয়া নাট' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(২৫২) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ: ভট্টদেৱ।

(২৫৩) ভট্টদেৱৰ প্রকৃত নাম কি?
উত্তৰ: বৈকুন্ঠনাথ ভট্টাচাৰ্য।

(২৫৪) ভট্টদেৱৰ পিতৃৰ নাম কি?
উত্তৰ: চন্দ্ৰ ভাৰতী।

(২৫৫) ভট্টদেৱৰ জন্ম ক'ত হৈছিল?
উত্তৰ: কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রামত।

(২৫৬) ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: খ্রীষ্টিয় ষোড়শ শতিকাৰ মাজভাগত, ১৫৫৮ খ্ৰীঃত।

(২৫৭) ভট্টদেৱে কাৰ ওচৰত শৰণ লয়? নাইবা, ভট্টদেৱৰ গুৰু কোন? ভট্টদেৱ কাৰ শিষ্য?
উত্তৰ: দামোদৰদেৱ।

(২৫৮) ভট্টদেৱক পণ্ডিত সমাজে কি কি উপাধিৰে বিভূষিত কৰিছিল?
উত্তৰ: কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য।

(২৫৯) ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে "অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য" বুলি কৈছিল?
উত্তৰ: দামোদৰদেৱে।

(২৬০) ভট্টদেৱে স্থাপন কৰা সত্র দুখন কি কি?
উত্তৰ: পাটবাউসী আৰু ব্যাসকুছি সত্ৰ।

(২৬১) 'কথাগীতা', 'কথা-ভাগৱত' আৰু 'কথা-ৰত্নাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(২৬২) ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি কি?
উত্তৰ: 'কথাগীতা', 'কথা-ভাগৱত' আৰু 'কথা-ৰত্নাৱলী'।

(২৬৩) "'কথা-ভাগৱত'ৰ ভাষাতকৈ 'কথাগীতা'ৰ ভাষা বেছি কোমল আৰু সৰল।" কথাষাৰ কোনে কৈছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।

(২৬৪) "'কথাগীতা' পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে; মাজে মাজে গভীৰ বিষয়ৰ প্রশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে।" উক্ত কথাষাৰৰ বক্তা কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(২৬৫) 'কথা-ভাগৱত'ৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(২৬৬) ভট্টদেৱে 'কথা-ভাগৱত' কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ষোড়শ শতিকাৰ শেষ দশকত, ১৫৯৬ খ্ৰীষ্টাব্দমানত।

(২৬৭) 'শৰণমালিকা', 'গুৰুবংশাৱলী', আৰু 'প্ৰসংগমালা' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(২৬৮) 'প্ৰসংগমালা' পুথিখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ৰামদেৱ গোস্বামীয়ে।

(২৬৯) ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি কি?
উত্তৰ: 'ভক্তিসাৰ' আৰু 'ভক্তিবিবেক'।

(২৭০) 'ভক্তিবিবেক' গ্রন্থখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়।

(২৭১) গোপালদেৱৰ আন এটা নাম কি?
উত্তৰ: গোপাল আতা।

(২৭২) গোপাল আতাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৬৪০ খ্ৰীঃত।

(২৭৩) গোপাল আতাৰ জন্ম ক'ত হৈছিল?
উত্তৰ: উজনিৰ গড়গাঁৱৰ ওচৰত।

(২৭৪) গোপাল আতা কাৰ শিষ্য আছিল?
উত্তৰ: মাধৱদেৱৰ।

(২৭৫) 'কাল সংহতিৰ' প্রৱর্তক কোন?
উত্তৰ: গোপাল আতা।

(২৭৬) গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল?
উত্তৰ: 'কথাৰ সাগৰ'।

(২৭৬) গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি?
উত্তৰ: 'উদ্ধৱযান', 'জন্মযাত্রা' আৰু 'নন্দোৎসৱ'।

(২৭৭) 'উদ্ধৱযান' নাটৰ আন এটা নাম কি?
উত্তৰ: 'গোপী-উদ্ধৱ সংবাদ'।

(২৭৮) 'জন্মযাত্রা' নাটৰ মূল কি?
উত্তৰ: দশম স্কন্ধ ভাগৱত।

(২৭৯) গোপাল মিশ্র কাৰ শিষ্য আছিল?
উত্তৰ: দামোদৰদেৱৰ।

(২৮০) 'খুদীয়া' সত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: গোপাল মিশ্র।

(২৮১) 'ঘোষাৰত্ন', 'শঙ্খচুৰ-বধ', আৰু 'মহিষাসুৰ-বধ' কোনে ৰচনা কৰিছিল?
উত্তৰ: গোপাল মিশ্রই।

(২৮২) 'ঘোষাৰত্ন' কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: নামঘোষা শ্ৰেণীৰ।

(২৮৩) গোপাল মিশ্রৰ পাণ্ডিত্য আৰু ভক্তিৰ পৰিচায়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'ঘোষাৰত্ন'।

(২৮৪) 'কথাসূত্র' আৰু 'গীতাসাৰ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভাগৱত আচাৰ্যই।

(২৮৫) ভাগৱত আচাৰ্য কাৰ শিষ্য আছিল?
উত্তৰ: হৰিদেৱৰ।

(২৮৬) ভাগৱত আচার্যৰ পিতৃৰ নাম কি?
উত্তৰ: হৰিমিশ্র।

(২৮৭) ভট্টদেৱৰ 'ভক্তিবিবেক' নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ কোনে অনুবাদ কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(২৮৮) 'পদগীতা' কোনে ৰচনা কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(২৮৯) কোন গৰাকী ব্যক্তি একেধাৰে কোচ ৰজাৰ মন্ত্ৰী, সেনাপতি আৰু কবি আছিল?
উত্তৰ: কবীন্দ্র পাত্ৰ।

(২৯০) গোপীনাথ পাঠক কাৰ পুতেক আছিল?
উত্তৰ: ৰাম সৰস্বতীৰ।

(২৯১) গোপীনাথ পাঠকে মহাভাৰতৰ কি কি পর্ব ৰচনা কৰিছিল?
উত্তৰ: 'দ্রোণ-পর্ব', 'সভা-পর্ব' আৰু 'স্বৰ্গৰোহণ-পর্ব'।

(২৯২) মহাভাৰতৰ 'শল্য-পর্ব' কোনে ৰচনা কৰিছিল?
উত্তৰ: দামোদৰ দাসে।

(২৯৩) 'অম্বাৰ চৰিত্ৰ' কাৰ ৰচনা?
উত্তৰ: বিদ্যা পঞ্চাননৰ।

(২৯৪) 'পুতুলা চৰিত্ৰ' আৰু 'বৃন্দাবন-চৰিত' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামমিশ্রই।

(২৯৫) মহাভাৰতৰ 'কিৰাত পৰ্ব' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিশেখৰে।

(২৯৬) 'ৰাধা-চৰিত' কাৰ ৰচনা?
উত্তৰ: কলাপচন্দ্র দ্বিজৰ।

(২৯৭) 'ৰামায়ণ চন্দ্রিকা'ৰ কবি কোন?
উত্তৰ: কলাপচন্দ্র দ্বিজ।

(২৯৮) অনিৰুদ্ধ কায়স্থই কোনজন ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ পঞ্চম স্কন্ধ ভাঙনি কৰিছিল?
উত্তৰ: ৰঘুদেৱ।

(২৯৯) মায়ামৰীয়া পন্থাৰ প্রবর্তক কোন?
উত্তৰ: অনিৰুদ্ধদেৱ।

(৩০০) অনিৰুদ্ধদেৱ কাৰ শিষ্য আছিল?
উত্তৰ: ভৱানীপুৰীয়া গোপাল আতাৰ।

(৩০১) অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম কি?
উত্তৰ: হৰকন্ঠ।

(৩০২) 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত ৰত্ন' কোনে ৰচনা কৰিছিল?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(৩০৩) কোনজন কবিয়ে নিজকে 'কবিৰত্নসুত' বুলি পৰিচয় দিছে?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(৩০৪) ৰামচৰণ ঠাকুৰ কাৰ পুতেক?
উত্তৰ: হোকোৰাকুচীয়া ৰামদাস কায়স্থৰ।

(৩০৫) মহাপুৰুষ শংকৰদেৱৰ সংস্কৃত 'ভক্তি-ৰত্নাকৰ' গ্ৰন্থখন কোনে অসমীয়াত পদানুবাদ কৰে?
উত্তৰ: ৰামচৰণ ঠাকুৰে।

(৩০৬) ৰামচৰণ ঠাকুৰৰ চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শংকৰ চৰিত'।

(৩০৭) দৈত্যাৰী ঠাকুৰ কাৰ পুতেক আছিল?
উত্তৰ: ৰামচৰণ ঠাকুৰৰ।

(৩০৮) দৈত্যাৰী ঠাকুৰে ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শংকৰ-মাধৱ চৰিত'।

(৩০৯) 'স্যমন্ত-হৰণ' আৰু 'নৃসিংহ-যাত্ৰা' নাট দুখনৰ লেখক কোন?
উত্তৰ: দৈত্যাৰী ঠাকুৰ।

(৩১০) ভূষণ দ্বিজে লিখা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'শঙ্কৰ চৰিত'।

(৩১১) 'গুৰু চৰিত' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামানন্দ দ্বিজে।

(৩১২) 'গুৰুলীলা' চৰিতখন কাৰ ৰচনা?
উত্তৰ: ৰামৰায়ৰ।

(৩১৩) ৰমানন্দই ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'বংশী গোপালদেৱ চৰিত'।

(৩১৪) 'বনমালীদেৱ চৰিত' কাৰ ৰচনা?
উত্তৰ: ৰমাকান্তৰ।

(৩১৫) 'গোবিন্দ চৰিত' পুথিখনৰ লেখক কোন?
উত্তৰ: ভৱানন্দ দ্বিজ।

(৩১৬) 'ঠাকুৰ চৰিত' কাৰ ৰচনা?
উত্তৰ: বিদ্যানন্দ ওজাৰ।

(৩১৭) 'কিতাবত মঞ্জৰী' কাৰ ৰচনা?
উত্তৰ: বকুল কায়স্থৰ।

(৩১৮) 'লীলাৱতী' কাৰ ৰচনা?
উত্তৰ: কবিৰত্ন দ্বিজৰ।

(৩১৯) 'দৰং ৰাজবংশাৱলী' কাৰ ৰচনা?
উত্তৰ: সূর্যখড়ি দৈৱজ্ঞৰ।

(৩২০) আহোমৰ প্রথম ৰজা কোন আছিল?
উত্তৰ: চুকাফা।

(৩২১) আহোম ৰজা চুকাফাই কি পর্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে?
উত্তৰ: পাটকাই পৰ্বত।

(৩২২) কোনজন ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ: জয়ধ্বজ সিংহই।

(৩২৩) ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি?
উত্তৰ: কৃষ্ণনাথ।

(৩২৪) ৰঘুনাথ মহন্তই ৰচনা কৰা ৰামায়ণ সম্পৰ্কীয় গ্ৰন্থ তিনিখনৰ নাম লিখা।
উত্তৰ: 'কথা ৰামায়ণ', 'অদ্ভুত ৰামায়ণ' আৰু 'শত্রুঞ্জয়'।

(৩২৫) ৰঘুনাথ মহন্তৰ প্রথম ৰচনা কি?
উত্তৰ: 'শত্রুঞ্জয়'।

(৩২৬) ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি?
উত্তৰ: 'কথা-ৰামায়ণ'।

(৩২৭) 'শিশুপাল বধ' কাৰ ৰচনা?
উত্তৰ: শিষ্ট ভট্টাচাৰ্যৰ।

(৩২৮) সাগৰখড়ি দৈৱজ্ঞ কোন অঞ্চলৰ লেখক আছিল?
উত্তৰ: দৰং অঞ্চলৰ।

(৩২৯) 'কুর্মাৱলী বধ' কাৰ ৰচনা?
উত্তৰ: সাগৰখড়ি দৈৱজ্ঞৰ।

(৩৩০) কাৰ দিনত পোন প্ৰথমে বঙলুৱা প্রভাৱ অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰে?
উত্তৰ: ৰুদ্ৰসিংহৰ দিনত।

(৩৩১) আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তী।

(৩৩২) 'ব্রহ্মবৈৱর্ত পুৰাণ', 'গীতগোবিন্দ', 'শঙ্খচুৰ-বধ', 'শকুন্তলা' আৰু 'ভাস্বতী' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিৰাজ চক্ৰৱৰ্তীয়ে।

(৩৩৩) 'ভাস্বতী' কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: জ্যোতিষ সম্পৰ্কীয়।

(৩৩৪) কবিৰাজ চক্ৰৱৰ্তীৰ প্রকৃত নাম কি?
উত্তৰ: ৰামনাৰায়ণ চক্রৱর্তী।

(৩৩৫) 'ধর্মপুৰাণ' আৰু 'কামকুমাৰ হৰণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিচন্দ্র দ্বিজে।

(৩৩৬) 'বৃহন্নাৰদীয় পুৰাণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ভূৱনেশ্বৰ বাচস্পতিয়ে।

(৩৩৭) 'তুংখুঙীয়া বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: শ্রীনাথ দুৱৰা বৰবৰুৱা।

(৩৩৮) 'তুংখুঙীয়া বুৰঞ্জী' কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৮০৩ চনত।

(৩৩৯) 'ত্ৰিপুৰা বুৰঞ্জী'ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: ৰত্ন কন্দলী আৰু অৰ্জুনদাস বৈৰাগী।

(৩৪০) 'ত্ৰিপুৰা বুৰঞ্জী' কেতিয়া প্রণয়ন হয়?
উত্তৰ: ১৭২৪ চনত।

(৩৪১) 'অসম বুৰঞ্জী পুথি'ৰ লেখকদ্বয়ৰ নাম লিখা।
উত্তৰ: কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।

(৩৪২) এতিয়ালৈকে প্রকাশিত প্রাচীন বুৰঞ্জীখনৰ নাম কি?
উত্তৰ: 'পুৰণি অসম বুৰঞ্জী'।

(৩৪৩) 'পুৰণি অসম বুৰঞ্জী' কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।

(৩৪৪) 'চৰিত তোলা প্রথা' কোনে প্রৱর্তন কৰিছিল?
উত্তৰ: মাধৱদেৱে।

(৩৪৫) চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি কি? 
উত্তৰ: দুই প্ৰকাৰৰ-পদ্য চৰিত আৰু গদ্য চৰিত।

(৩৪৬) গদ্যত ৰচিত হোৱা প্রথম চৰিত পুথিখনৰ নাম কি?
উত্তৰ: 'গুৰুচৰিত কথা'।

(৩৪৭) 'কথা গুৰুচৰিত'ৰ প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ: উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

(৩৪৮) 'হস্তীবিদ্যার্ণৱ' আৰু 'ঘোঁৰানিদান' কোনে ৰচনা কৰিছিল?
উত্তৰ: সুকুমাৰ বৰকাথে।

(৩৪৯) 'শিয়াল গোসাঁইৰ চৰিত' কাৰ ৰচনা?
উত্তৰ: কবিৰাজ কবিৰ।

(৩৫০) 'আনন্দ লহৰী' কাৰ ৰচনা?
উত্তৰ: অনন্ত আচার্যৰ।

(৩৫১) 'কল্কি পুৰাণ' কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰুচিনাথ কন্দলীয়ে।

(৩৫২) 'যোগিনীতন্ত্ৰ' কাৰ ৰচনা?
উত্তৰ: ৰামচন্দ্ৰ বৰপাত্ৰৰ।

(৩৫৩) 'যোগিনীতন্ত্ৰ'ত কেইটা খণ্ড আছে?
উত্তৰ: ১১ টা।

(৩৫৪) 'কুমৰ হৰণ' নাট কাৰ ৰচনা?
উত্তৰ: লক্ষ্মীনাথ দাসৰ।

(৩৫৫) 'মৃগাৱতী চৰিত' কাৰ ৰচনা?
উত্তৰ: ৰাম দ্বিজৰ।

(৩৫৬) 'ভক্তি প্রেমাৱলী' কোনে ৰচনা কৰিছিল?
উত্তৰ: নৰোত্তম ঠাকুৰে।

(৩৫৭) 'অশোক চৰিত' কাৰ ৰচনা?
উত্তৰ: কামদেৱ বিপ্রৰ।

(৩৫৮) 'লক্ষ্মী চৰিত' কাৰ ৰচনা?
উত্তৰ: জগন্নাথ দ্বিজৰ।

(৩৫৯) ইয়াণ্ডাবু সন্ধি কেতিয়া হয়?
উত্তৰ: ১৮২৬ চনত।

(৩৬০) কোন চনত অসমীয়া ভাষা পঢ়াশালি আৰু আদালতৰ পৰা উঠাই দিয়া হয় আৰু কিমান চনত অসমীয়া ভাষাই পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা লাভ কৰে?
উত্তৰ: ১৮৩৬ চন, ১৮৭৩ চন।

(৩৬১) 'বাইবেল' কোনে, কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে?
উত্তৰ: আত্মাৰাম শৰ্মাই, ১৮১৩ চনত।

(৩৬২) 'কলিভাৰত বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: দুতিৰাম হাজৰিকা।

(৩৬৩) 'বেলিমাৰ বুৰঞ্জী'ৰ প্রণেতা কোন?
উত্তৰ: বিশ্বেশ্বৰ বৈদ্যাধিপ।

(৩৬৪) 'বুৰঞ্জী বিবেকৰত্ন' কোনে ৰচনা কৰিছিল?
উত্তৰ: মণিৰাম দেৱানে।

(৩৬৫) 'বঙলা অসমীয়া অভিধান' কোনে উলিয়ায়?
উত্তৰ: যদুৰাম ডেকা বৰুৱাই।

(৩৬৬) প্রথম অসমীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: 'অৰুণোদই'।

(৩৬৭) 'অৰুনোদই' কাকতখন কিমান চনত প্ৰকাশ পায়?
উত্তৰ: ১৮৪৬ চনত।

(৩৬৮) 'অৰুনোদই' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন।

(৩৬৯) 'অৰুনোদই' নামৰ আলোচনীখন প্রথম ক'ৰ পৰা প্ৰকাশ পায়?
উত্তৰ: শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা।

(৩৭০) 'যোচেফৰ কাহিনী' আৰু 'যাত্রিকৰ যাত্ৰা' কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ নাথান ব্ৰাউনে।

(৩৭১) 'Pilgrims Progress' উপন্যাসখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল আৰু ইয়াৰ নামটো কি দিয়া হৈছিল?
উত্তৰ: ড০ নাথান ব্ৰাউন, 'যাত্রিকৰ যাত্ৰা'।

(৩৭২) অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্রকৃত নাম কি?
উত্তৰ: Grammatical Notes on the Assamese Language'.

(৩৭৩) অসমীয়া ভাষাত প্ৰকাশিত প্রথম অসমীয়া অভিধানখনৰ নাম কি আৰু এইখন কিমান চনত ছপা হৈ ওলায়? ইয়াৰ লেখক কোন?
উত্তৰ: 'অসমীয়া অভিধান', ১৮৬৭ চনত, ড০ মাইলছ ব্ৰন্সন।

(৩৭৪) 'ৰুথ আৰু যোচেফৰ কাহিনী', 'কানি বেহেৰুৱাৰ কথা', আৰু 'কামিনী কান্তৰ চৰিত্র' কোনে ৰচনা কৰিছিল?
উত্তৰ: এ. কে. গার্নিয়ে।

(৩৭৫) 'ফুলমণি আৰু কৰুণাৰ কাহিনী' উপন্যাসখন কাৰ ৰচনা?
উত্তৰ: শ্রীমতী গার্নিৰ।

(৩৭৬) নিধিৰাম ফাৰৱেলে অৰুনোদইত কি নামত লিখা-মেলা কৰিছিল?
উত্তৰ: ন, ল, ফ।

(৩৭৭) 'অসমীয়া ল'ৰাৰ মিত্ৰ' কাৰ ৰচনা?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।

(৩৭৮) আনন্দৰাম ঢেকিয়াল ফুকনে ''অসমীয়া ল'ৰাৰ মিত্ৰ' কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ১৮৪৯ চনত।

(৩৭৯) 'A few Remarks on Assasmes Language' নামৰ পুষ্টিকাখনৰ ৰচক কোন?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন।

(৩৮০) 'A few Remarks on Assasmes Language' নামৰ পুষ্টিকাখন কেতিয়া প্রকাশ হয়?
উত্তৰ: ১৮৫৫ চনত।

(৩৮১) হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক'ত হৈছিল?
উত্তৰ: শিৱসাগৰ ৰজাবাহৰ গাঁৱত।

(৩৮২) হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৮৩৫ চনত, ১৭৫৭ শকত।

(৩৮৩) হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি?
উত্তৰ: মুক্তাৰাম বৰুৱা।

(৩৮৪) হেমচন্দ্ৰ বৰুৱাই হিন্দী বা ব্রজভাষা কাৰ পৰা শিকিছিল?
উত্তৰ: কাপ্তান ব্রোডি চাহাবৰ পৰা।

(৩৮৫) হেমচন্দ্ৰ বৰুৱাই ক'ত সাহিত্যিক জীৱন আৰম্ভ কৰিছিল?
উত্তৰ: 'অৰুণোদই'ত।

(৩৮৬) অৰুণোদইত হেমচন্দ্ৰ বৰুৱাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: সোণাৰচাঁন্দ।

(৩৮৭) হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানখনৰ নাম কি? নাইবা, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: 'হেমকোষ'।

(৩৮৮) 'কানীয়াৰ কীর্তন' কোনে ৰচনা কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাই।

(৩৮৯) 'কানীয়াৰ কীর্তন' কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৬১ চনত।

(৩৯০) 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' গ্রন্থখন কাৰ ৰচনা?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাৰ।

(৩৯১) 'ল'ৰাবন্ধু'ৰ সম্পাদক কোন আছিল?
উত্তৰ: কৰুণাভিৰাম বৰুৱা।

(৩৯২) গুণাভিৰাম বৰুৱাই কোনখন কাকতৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰে?
উত্তৰ: 'অৰুণোদই'।

(৩৯৩) গুণাভিৰাম বৰুৱাৰ প্রথম সাহিত্যিক প্ৰচেষ্টা কি?
উত্তৰ: 'ৰাম-নৱমী' নাট।

(৩৯৪) গুণাভিৰাম বৰুৱাই কিমান চনত 'ৰাম-নৱমী' নাটক ৰচনা কৰিছিল?
উত্তৰ: ১৮৫৭ চনত।

(৩৯৫) আধুনিক নাট্য সাহিত্যৰ জন্মদাতা কোন? নাইবা, আধুনিক সামাজিক নাটৰ জন্মদাতা কোন?
উত্তৰ: গুণাভিৰাম বৰুৱা।

(৩৯৬) প্রথম অসমীয়া আধুনিক নাটখনৰ নাম কি? নাইবা, প্রথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ: 'ৰাম-নৱমী'।

(৩৯৭) আধুনিক যুগৰ প্রথম অসমীয়া জীৱন চৰিত খনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ', গুণাভিৰাম বৰুৱা।

(৩৯৮) 'আসাম বন্ধু' আলোচনীখন কিমান চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৫ চনত।

(৩৯৯) 'আসাম বন্ধু' আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰ: গুণাভিৰাম বৰুৱা।

(৪০০) গুণাভিৰাম বৰুৱাই কি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল?
উত্তৰ: গুৰুদত্ত।

(৪০১) 'কবিতামালা' শীর্ষক কাব্য গ্রন্থখনি কোনে ৰচনা কৰিছিল?
উত্তৰ: ভোলানাথ দাসে।

(৪০২) অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: মাইকেল মধুসূদন দত্ত।

(৪০৩) 'মেঘনাদ বধ' কাব্য কাৰ ৰচনা?
উত্তৰ: মাইকেল মধুসূদন দত্তৰ।

(৪০৪) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দৰ প্রৱর্তক কোন?
উত্তৰ: ৰমাকান্ত চৌধুৰী।

(৪০৫) অসমীয়া সাহিত্যত অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্রথম কাব্যখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'অভিমন্যু বধ', ১৮৭৫ চনত, ৰমাকান্ত চৌধুৰী।

(৪০৬) 'সীতাহৰণ' নাটখন কোন শ্ৰেণীৰ নাটক?
উত্তৰ: পৌৰাণিক।

(৪০৭) আধুনিক যুগৰ প্রথম অসমীয়া পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: 'সীতাহৰণ', ৰমাকান্ত চৌধুৰী।

(৪০৮) 'ল'ৰাবোধ' কাৰ ৰচনা?
উত্তৰ: লম্বোদৰ বৰাৰ।

(৪০৯) 'চিন্তানল' আৰু 'চিন্তাতৰংগ' কোনে ৰচনা কৰিছিল?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্যই।

(৪১০) 'অগ্নিকবি' কোন?
উত্তৰ: কমলাকান্ত ভট্টাচাৰ্য।

(৪১১) 'অসমীয়া সাহিত্য চৰা' কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৭২ চনত।

(৪১২) 'অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ. সা. সভা) কোন চনত প্ৰতিষ্ঠা হয়?
উত্তৰ: ১৮৮৮ চনত।

(৪১৩) প্রথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি?
উত্তৰ: 'জোনাকী'।

(৪১৪) 'জোনাকী' কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৮৯ চনত।

(৪১৫) 'জোনাকী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪১৬) জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক বুজায়?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

(৪১৭) 'বিজুলী' কাকতখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৮৯০ চনত।

(৪১৮) 'বিজুলী' কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: কৃষ্ণপ্ৰসাদ দুৱৰা।

(৪১৯) 'ঊষা' আলোচনীখন কেতিয়া প্রকাশিত হয়?
উত্তৰ: ১৯০৭ চনত।

(৪২০) 'ঊষা' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই।

(৪২১) 'বাঁহী' আলোচনীখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

(৪২২) 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

(৪২৩) 'আৱাহন' কাকতখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯২৯ চনত।

(৪২৪) 'আৱাহন' কাকতখন ক'ৰ পৰা ওলায়?
উত্তৰ: কলিকতাৰ পৰা।

(৪২৫) 'আৱাহন' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: দীননাথ শৰ্মা।

(৪২৬) 'আৱাহন' কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?
উত্তৰ: নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।

(৪২৭) অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪২৮) প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? নাইবা, প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'বনকুঁৱৰী', চন্দ্ৰকুমাৰ আগৰৱালা, 'জোনাকী'ৰ প্রথম বছৰ প্রথম সংখ্যাত প্রকাশ পায়।

(৪২৯) প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(৪৩০) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?
উত্তৰ: 'প্রতিমা' আৰু 'বীণ বৰাগী'।

(৪৩১) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯১৪ চনত।

(৪৩২) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি 'প্রতিমা' ক'ত প্রকাশ পাইছিল?
উত্তৰ: 'জোনাকী'ত।

(৪৩৩) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্রতিমা' কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ২৫ টা।

(৪৩৪) 'প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ' বুলি কোনে কৈছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

(৪৩৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি 'বীণ বৰাগী' ক'ত প্ৰকাশ পায়?
উত্তৰ: 'বাঁহী'ত।

(৪৩৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বীণ বৰাগী' কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ১২ টা।

(৪৩৭) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়?
উত্তৰ: 'লিতিকাই' নাটকৰ পৰা।

(৪৩৮) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আৰু এইখন ক'ত প্রকাশ পাইছিল?
উত্তৰ: 'লিতিকাই', ১৮৯০ চনত, প্রথম বছৰ 'জোনাকী'ত।

(৪৩৯) লক্ষ্মীনাথ বেজবৰুৱাৰ 'লিতিকাই' কোন শ্ৰেণীৰ নাটক?
উত্তৰ: ধেমেলীয়া (প্ৰহসন)।

(৪৪০) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'পদুম কুঁৱৰী', ১৮৯১ চন।

(৪৪১) অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৪২) প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ: 'সেউতী' (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে 'ভদৰী'।

(৪৪৩) লক্ষ্মীনাথ বেজবৰুৱাৰ 'সেউতী' গল্পটো ক'ত আৰু কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰ: 'জোনাকী'ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে' মাহত।

(৪৪৪) 'ভদৰী' নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৪৫) অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?
উত্তৰ: 'জোনাকী'।

(৪৪৬) ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি?
উত্তৰ: 'পাটমুগী'।

(৪৪৭) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিল?
উত্তৰ: 'জোনাকী'ত।

(৪৪৮) লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'সুৰভি', ১৯০৯ চন।

(৪৪৯) লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'সুৰভি', 'জোনবিৰি', 'সাধুকথাৰ কুকি' আৰু 'কেহোকলি'।

(৪৫০) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?
উত্তৰ: 'কেহোকলি'।

(৪৫১) 'কেহোকলি' কোনে সম্পাদনা কৰিছিল?
উত্তৰ: অতুলচন্দ্ৰ হাজৰিকাই।

(৪৫২) লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা' আৰু 'জুনুকা'।

(৪৫৩) লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'লিতিকাই' (১৮৯০), 'নোমল', 'পাচনি' আৰু 'চিকৰপতি নিকৰপতি' (১৯১৩)।

(৪৫৪) লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'জয়মতী', 'বেলিমাৰ' আৰু 'চক্ৰধ্বজ সিংহ' (১৯১৫)।

(৪৫৫) "কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক" বুলি কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(৪৫৬) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'কদমকলি', ১৯১৩ চন।

(৪৫৭) লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'পদুমকলি'।

(৪৫৮) লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা দুটা কবিতাৰ নাম লিখা।
উত্তৰ: 'ধনবৰ আৰু ৰতনী' আৰু 'মালতী'।

(৪৫৯) লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?
উত্তৰ: কৃপাবৰ বৰবৰুৱা।

(৪৬০) "কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।" কোনে কৈছিল?
উত্তৰ: ড০ নগেন শইকীয়াই।

(৪৬১) প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ: 'মোৰ জীৱন সোঁৱৰণ', লক্ষ্মীনাথ বেজবৰুৱা।

(৪৬২) লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?
উত্তৰ: গুৱাহাটীত, ১৯২৪ চনত।

(৪৬৩) ছনেটৰ জন্মদাতা কোন?
উত্তৰ: ইটালী কবি পেট্রাক।

(৪৬৪) প্রথম অসমীয়া ছনেট লেখক কোন?
উত্তৰ: হেমচন্দ্ৰ গোস্বামী।

(৪৬৫) প্রথম অসমীয়া ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: 'প্রিয়তমাৰ চিঠি'।

(৪৬৬) হেমচন্দ্ৰ গোস্বামীয়ে কি আর্হিত ছনেট কবিতা ৰচনা কৰিছিল?
উত্তৰ: পেট্রাকীয় আর্হিত।

(৪৬৭) হেমচন্দ্ৰ গোস্বামীয়ে পেট্রাকীয় আর্হিত ৰচনা কৰা প্ৰথম ছনেট কবিতাটোৰ নাম কি?
উত্তৰ: 'প্রিয়তমাৰ চিঠি'।

(৪৬৮) হেমচন্দ্ৰ গোস্বামীৰ 'প্রিয়তমাৰ চিঠি' কবিতাটো ক'ত প্ৰকাশ পায়?
উত্তৰ: 'জোনাকী'ত।

(৪৬৯) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাই, ১৮৯১ চনত।

(৪৭০) অসমীয়া ভাষাত ৰচিত প্রথম মৌলিক উপন্যাসখনৰ নাম কি? নাইবা, পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম উপন্যাসখৰ নাম কি?
উত্তৰ: 'ভানুমতী', ১৮৯১ চন।

(৪৭১) পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় উপন্যাসখনৰ নাম কি?
উত্তৰ: 'লাহৰী', ১৮৯২ চন।

(৪৭২) পদ্মনাথ গোহাঞি বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'লীলাকাব্য', ১৮৯৯ চন।

(৪৭৩) প্রথম অসমীয়া ঐতিহাসিক নাটখনৰ নাম কি?
উত্তৰ: 'জয়মতী'।

(৪৭৪) পদ্মনাথ গোহাঞি বৰুৱাৰ ঐতিহাসিক নাট কেইখন আৰু কি কি?
উত্তৰ: চাৰিখন-'জয়মতী' (১৯০০), 'গদাধৰ', (১৯০৭), 'সাধনী' (১৯১১), 'লাচিত বৰফুকন' (১৯১৩)।

(৪৭৫) পদ্মনাথ গোহাঞি বৰুৱাৰ ধেমেলীয়া (প্ৰহসন) নাট কেইখন আৰু কি কি?
উত্তৰ: তিনিখন-'গাঁওবুঢ়া' (১৮৯৭), 'টেটোন তামুলী' (১৯০৯) আৰু 'ভূত নে ভ্ৰম' (১৯২৪)।

(৪৭৬) পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটখনৰ নাম কি?
উত্তৰ: 'বাণৰজা' (১৮৫৪)।

(৪৭৭) আনন্দচন্দ্র আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'জিলিকনি'।

(৪৭৮) 'ঢোপাকলি' কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।

(৪৭৯) 'যুদ্ধক্ষেত্রত আহোম ৰমণী' কাব্যখনি কাৰ ৰচনা?
উত্তৰ: হিতেশ্বৰ বৰবৰুৱাৰ।

(৪৮০) হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: 'চকুলো', ১৯২২ চন।

(৪৮১) প্রথম অসমীয়া ছনেট পুথিখনৰ নাম কি? ইয়াৰ ৰচক কোন?

উত্তৰ: 'মালচ', ১৯১৮ চন, হিতেশ্বৰ বৰবৰুৱা।
(৪৮২) হিতেশ্বৰ বৰবৰুৱাৰ 'মালচ' কিমানটা ছনেটৰ সংগ্ৰহ?
উত্তৰ: ৯২ টা।

(৪৮৩) 'জ্ঞানমালিনী'ৰ কবি কোন?
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা।

(৪৮৪) মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি দুখনৰ নাম কি কি?
উত্তৰ: 'জ্ঞানমালিনী' (১৮৯৬) আৰু 'তত্ব পাৰিজাত'।

(৪৮৫) 'মেঘনাদ বধ' নাট কাৰ ৰচনা?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাৰ।

(৪৮৬) 'সাহিত্য ৰত্ন' বুলি কাক কোৱা হয়?
উত্তৰ: চন্দ্ৰধৰ বৰুৱাক।

(৪৮৭) ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি কি?
উত্তৰ: 'সুৰভী' আৰু 'জয়ন্তী'।

(৪৮৮) ৰঘুনাথ চৌধাৰীৰ কবিতা প্রথমে ক'ত প্ৰকাশ পায়?
উত্তৰ: 'জোনাকী'ত।

(৪৮৯) ৰঘুনাথ চৌধাৰীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সাদৰী', ১৯১০ চন।

(৪৯০) ৰঘুনাথ চৌধাৰীৰ 'কেতেকী' কবিতাটি কেইটা তৰংগত বিভক্ত?
উত্তৰ: ৫ টা।

(৪৯১) ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি?
উত্তৰ: 'নৱমল্লিকা'।

(৪৯২) কবি ৰঘুনাথ চৌধাৰীয়ে আৰৱীয় পৰিৱেশত ৰচনা কৰা কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'কাৰবালা'।

(৪৯৩) 'বিহগী' কবি কোন?
উত্তৰ: ৰঘুনাথ চৌধাৰী।

(৪৯৪) কবি ৰঘুনাথ চৌধাৰীক কোনে কোনে বিহগী আখ্যা দিছিল?
উত্তৰ: হলিৰাম ডেকা আৰু ড০ বাণীকান্ত কাকতিয়ে।

(৪৯৫) ছেক্সপীয়েৰৰ 'As you like it' নাটকৰ অসমীয়া অনুবাদৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ: 'চন্দ্ৰাৱলী', দুৰ্গেশ্বৰ শর্মা।

(৪৯৬) যতীন্দ্ৰনাথ দুৱৰাই কি ছদ্মনামেৰে কবিতা লিখিছিল?
উত্তৰ: যদু।

(৪৯৭) যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্রভাৱ বিস্তাৰ কৰা পাৰস্যৰ কবিজন কোন?
উত্তৰ: ওমৰ খৈয়াম।

(৪৯৮) 'ওমৰ তীৰ্থ' কাৰ ৰচনা?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ।

(৪৯৯) 'ওমৰ তীৰ্থ' পুথিৰ মূল কি?
উত্তৰ: পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়ামৰ 'ৰুৱায়ত'।

(৫০০) যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথি নাম লিখা।
উত্তৰ: 'আপোন সুৰ' (১৯৩৮) আৰু 'বনফুল' (১৯৫২)।

(৫০১) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ: 'বনফুল'।

(৫০২) কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'বনফুল' গ্রন্থৰ বাবে, ১৯৫৫ চনত।

(৫০৩) যতীন্দ্ৰনাথ দুৱৰাই কাৰ আদর্শত 'কথা কবিতা' ৰচনা কৰিছিল?
উত্তৰ: ৰুছ লেখক আইভান টুর্গেনিভৰ 'Poems in Prose' ৰ আদর্শত।

(৫০৪) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে, কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'বেদনাৰ উল্কা', ১৯৬৬ চনত।

(৫০৫) অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'তুমি', ১৯১৫ চন।

(৫০৬) দণ্ডিনাথ কলিতাৰ প্রথম উপন্যাসখনৰ নাম কি?
উত্তৰ: 'ফুল', ১৯০৮ চন।

(৫০৭) দণ্ডিনাথ কলিতাৰ উল্লেখযোগ্য সামাজিক উপন্যাস দুখনৰ নাম লিখা।
উত্তৰ: 'সাধনা' (১৯২৯) আৰু' আৱিস্কাৰ' (১৯৫১)।

(৫০৮) দণ্ডিনাথ কলিতাৰ 'অসম সন্ধ্যা' কবিতাটোৰ ছন্দ কি?
উত্তৰ: অমিত্ৰাক্ষৰ।

(৫০৯) দণ্ডিনাথ কলিতাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰ: 'সতীৰ তেজ' (১৯৩১) আৰু 'অগ্নিপৰীক্ষা' (১৯৩৭)।

(৫১০) 'সাতসৰী' গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ: দণ্ডিনাথ কলিতাই।

(৫১১) কবি নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সন্ধিয়াৰ সুৰ'।

(৫১২) কবি নলিনীবালা দেৱীৰ কবিতাপুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'সন্ধিয়াৰ সুৰ' (১৯২৮), 'সপোনৰ সুৰ' (১৯৪৮), 'পৰশমণি' (১৯৫৭), 'যুগদেৱতা' (১৯৫৮), 'জাগৃতি' (১৯৫২) আৰু 'অলকানন্দা' (১৯৬৪)।

(৫১৩) কোনখন গ্ৰন্থৰ বাবে, কিমান চনত নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'অলকানন্দা', ১৯৬৮ চনত।

(৫১৪) নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায়?

উত্তৰ: অতিন্দ্রীয়বাদী বা ৰহস্যবাদী।
(৫১৫) 'স্মৃতি তীৰ্থ' আৰু 'বিশ্বদীপা' কোনে ৰচনা কৰিছিল?
উত্তৰ: নলিনীবালা দেৱীয়ে।

(৫১৬) কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰে?
উত্তৰ: ১৯৫৮ চনত।

(৫১৭) পদ্মশ্ৰী উপাধিৰে সন্মানিত প্রথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ: নলিনীবালা দেৱী।

(৫১৮) অসম সাহিত্য সভা অধিবেশনৰ প্রথম সভানেত্ৰী গৰাকী কোন আছিল?
উত্তৰ: নলিনীবালা দেৱী।

(৫১৯) 'প্রাণৰ পৰশ' কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: ধৰ্মেশ্বৰী দেৱী বৰুৱানী।

(৫২০) ৰত্নকান্ত বৰকাকতীৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: 'শেৱালী' কাব্য।

(৫২১) 'শেৱালী' কাব্য গ্রন্থখন কিমান চনত প্ৰকাশ হয়?
উত্তৰ: ১৯৩২ চনত।

(৫২২) 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫২৩) The Origin and growth of the Assamese Language শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫২৪) ডিম্বেশ্বৰ নেওগে Tennyson-ৰ May Queen ৰ ছাঁ লৈ লেখা কবিতাটি কি?
উত্তৰ: উৰুকা।

(৫২৫) 'গীতি-কবি' কোন?
উত্তৰ: পার্বতী(৫২৬) 'বনবকুলবনৰ' কবি কোন?
উত্তৰ: আনন্দচন্দ্র আগৰৱালা।

(৫২৭) অতুলচন্দ্ৰ হাজৰিকাৰ কোনখন কবিতা পুথি চতুর্দশপদী কবিতাৰ সমষ্টি?
উত্তৰ: মণিমালা।

(৫২৮) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'লুইতৰ পাৰৰ অগ্নিসুৰ'।

(৫২৯) জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি?
উত্তৰ: 'শোণিত কুঁৱৰী'।

(৫৩০) জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম কি কি?
উত্তৰ: 'শোণিত কুঁৱৰী', 'কাৰেঙৰ লিগিৰী', 'লভিতা', 'ৰূপালীম', 'নিমাতী কইনা', 'সোণপখিলী' আৰু 'খনিকৰ'।

(৫৩১) প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰ: 'জয়মতী'।

(৫৩২) প্রথম অসমীয়া কথাছবি 'জয়মতী' কোনে, কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই, ১৯৩৫ চনত। প্রসাদ বৰুৱা।

(৫৩৩) 'পাপৰি'ৰ কবি কোন?
উত্তৰ: গণেশ গগৈ।

(৫৩৪) আৱাহন যুগৰ শ্ৰেষ্ঠ কবিজন কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।

(৫৩৫) কলংপৰীয়া কবি কোন?
উত্তৰ: দেৱকান্ত বৰুৱা।

(৫৩৬) দেৱকান্ত বৰুৱাই কাৰ নাটকীয় স্বগতোক্তিৰ আর্হিত কবিতা ৰচনা কৰিছিল?
উত্তৰ: ইংৰাজ কবি ৰবাৰ্ট ব্রাউলিঙৰ।

(৫৩৭) দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সাগৰ দেখিছা'।

(৫৩৮) জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ: 'মিৰি জীয়ৰী', ১৮৯৪ চন, ৰজনীকান্ত বৰদলৈ।

(৫৩৯) ৰজনীকান্ত বৰদলৈৰ দুখন ঐতিহাসিক উপন্যাসৰ নাম কলিখা।
উত্তৰ: 'মনোমতী' (১৯০০) আৰু 'নির্মল ভকত' (১৯২৬)।

(৫৪০) ৰজনীকান্ত বৰদলৈৰ 'মনোমতী', 'ৰঙ্গিলী', 'নির্মল ভকত', 'ৰহদৈ লিগিৰী' আৰু 'তাম্ৰেশ্বৰীৰ মন্দিৰ' এই উপন্যাস কেইখন কিহৰ পটভূমিত ৰচনা কৰা হৈছে?
উত্তৰ: মানৰ আক্ৰমণৰ পটভূমিত।

(৫৪১) ৰজনীকান্ত বৰদলৈৰ 'দন্দুৱাদ্রোহ' উপন্যাস কিহৰ পটভূমিত ৰচিত?
উত্তৰ: হৰদত্ত বীৰদত্ত।

(৫৪২) শৰৎচন্দ্র গোস্বামীৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'পানীপথ'।

(৫৪৩) 'চিত্ৰদর্শন' নামৰ উপন্যাসখনৰ ঔপন্যাসিক গৰাকী কোন?
উত্তৰ: হলিনাৰায়ণ দত্ত।

(৫৪৪) শৰৎচন্দ্র গোস্বামীৰ গল্পপুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'গল্পাঞ্জলি' (১৯১৪), 'ময়না' (১৯২০) আৰু 'বাজীকৰ'।

(৫৪৫) শৰৎচন্দ্র গোস্বামীয়ে কি ছদ্মনামেৰে, কি নাট ৰচনা কৰিছিল?
উত্তৰ: ৰূপচন্দ্র ভাগৱতী ছদ্মনামেৰে, 'পৰীক্ষা' নাট, ১৯১০ চন।

(৫৪৬) লক্ষ্মীনাথ ফুকনৰ দুখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: 'মালা' আৰু 'মৰমৰ মাধুৰী'।

(৫৪৭) 'ওফাইদাং' কাৰ গল্পপুথি?
উত্তৰ: লক্ষ্মীনাথ ফুকনৰ।

(৫৪৮) লক্ষ্মীনাথ ফুকনৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'সোণালী সপোন'।

(৫৪৯) 'উকীলৰ জন্ম ৰহস্য' গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: মহীচন্দ্ৰ বৰা।

(৫৫০) 'বীণা বৰুৱা' ছদ্মনামেৰে কোনে গল্প আৰু উপন্যাস ৰচনা কৰিছিল?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই।

(৫৫১) বীণা বৰুৱাৰ গল্পপুথি দুখন কি কি?
উত্তৰ: ‌'আঘোণী বাই' (১৯৫০) আৰু 'পট পৰিৱৰ্তন' (১৯৪৮)।

(৫৫২) লক্ষ্মীধৰ শৰ্মাৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'ব্যর্থতাৰ দান'।

(৫৫৩) 'চিৰাজ' বিখ্যাত গল্পটোৰ গল্পকাৰ কোন?
উত্তৰ: লক্ষ্মীধৰ শৰ্মা।

(৫৫৪) সূৰ্য কুমাৰ ভূঞাৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি?
উত্তৰ: 'পঞ্চমী'।

(৫৫৫) সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'নিৰ্মালী'।

(৫৫৬) 'নুমলী কুঁৱৰী' কাৰ ৰচনা?
উত্তৰ: নকুল চন্দ্ৰ ভূঞাৰ।

(৫৫৭) হলিৰাম ডেকাই কি ছদ্মনামেৰে প্রবন্ধ লেখিছিল?
উত্তৰ: চিত্ৰসেন যখৰীয়া।

(৫৫৮) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ এখন গল্পপুথিৰ নাম লিখা।
উত্তৰ: 'বীণাৰ ঝংকাৰ'।

(৫৫৯) 'অৰুণা', 'মৰীচিকা', 'শিল্পীৰ জন্ম' আৰু 'জীৱনৰ জীয়া জুই' গল্পপুথিৰ গল্পকাৰ কোন?
উত্তৰ: ত্ৰৈলোক্য নাথ গোস্বামী।

(৫৬০) 'পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা', 'পুৰণি অসমীয়া সাহিত্য', আৰু 'Mother Goddess Kamakhya' কোনে ৰচনা কৰিছিল?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(৫৬১) ভাষাতত্ব বিষয়ক প্রথম গবেষণামূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'অসমীয়া ভাষাৰ মৌলিক বিচাৰ', দেৱানন্দ ভৰালী।

(৫৬২) প্রকৃত অসমীয়া সাহিত্যৰ বুৰঞ্জী পোন প্ৰথমে কোনে ৰচনা কৰিছিল?
উত্তৰ: দেৱেন্দ্ৰনাথ বেজবৰুৱাই।

(৫৬৩) 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব' শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: কালিৰাম মেধি।

(৫৬৪) আধুনিক সাহিত্যৰ প্রথম সমালোচনাত্মক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: 'শংকৰদেৱ'।

(৫৬৫) আধুনিক যুগৰ সর্বশ্রেষ্ঠ সমালোচক গৰাকী কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।

(৫৬৬) 'সাহিত্য আৰু প্রেম' নামৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বাণীকান্ত কাকতি।

(৫৬৭) ড০ বাণীকান্ত কাকতিৰ ছদ্মনাম কি?
উত্তৰ: ভবানন্দ পাঠক।

(৫৬৮) 'অসমীয়া সাহিত্যৰ জিলিঙনি' আৰু 'অসমীয়া সাহিত্যৰ জেউতি' গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(৫৬৯) 'সাহিত্যৰ সাজ' পুথিখনৰ প্রণেতা কোন?
উত্তৰ: সোণাপতি দেৱ শৰ্মা।

(৫৭০) 'কাব্য আৰু অভিব্যঞ্জনা' আৰু 'সাহিত্য আৰু সমালোচনা' গ্ৰন্থ দুখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(৫৭১) 'বেশ্যা', 'কুকুৰ', 'কয়লা' আদি কবিতাৰ ৰচক কোন?
উত্তৰ: অমূল্য বৰুৱা।

(৫৭২) কাক আধুনিক কাব্যৰীতিৰ প্রৱর্তক বুলি ক'ব পাৰি?
উত্তৰ: হেম বৰুৱাক।

(৫৭৩) হেম বৰুৱা কোন যুগৰ কবি?
উত্তৰ: ৰামধেনু।
(৫৭৪) 'বান্দৰ' নামৰ কবিতাটোৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।

(৫৭৫) 'মমতাৰ চিঠি' কবিতাটিৰ কবি কোন?
উত্তৰ: হেম বৰুৱা।

(৫৭৬) 'মমতাৰ চিঠি' কবিতাটো কাৰ কবিতাৰ উদ্ধৃতিৰে আৰম্ভ কৰা হৈছে?
উত্তৰ: এজৰা পাউণ্ডৰ।

(৫৭৭) হেম বৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ: 'বালিচন্দা' (১৯৬২) আৰু 'মন ময়ূৰী' (১৯৬৭)।

(৫৭৮) হেম বৰুৱাৰ এখন ভ্ৰমণ কাহিনী পুথিৰ নাম লিখা।
উত্তৰ: 'ৰঙা কৰৱীৰ ফুল'।

(৫৭৯) হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি?
উত্তৰ: 'আসাম এক্সপ্ৰেছ'।

(৫৮০) 'পছোৱা' আলোচনী কোনে সম্পাদনা কৰিছিল?
উত্তৰ: হেম বৰুৱাই।

(৫৮১) 'পছোৱা' নামৰ আলোচনীখন কোন চনত প্রকাশ পায়?
উত্তৰ: ১৯৪৮ চনত।

(৫৮২) 'অৰুন্ধতীৰ কবি' ৰূপে খ্যাত কবি গৰাকী কোন?
উত্তৰ: নৱকান্ত বৰুৱা।

(৫৮৩) 'ইয়াত নদী আছিল' কবিতাটিৰ কবি কোন?
উত্তৰ: নৱকান্ত বৰুৱা।

(৫৮৪) নৱকান্ত বৰুৱাৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'হে অৰণ্য, হে মহানগৰ'।

(৫৮৫) নৱকান্ত বৰুৱাৰ কবিতা পুথি কেইখনৰ নাম লিখা।
উত্তৰ: 'হে অৰণ্য, হে মহানগৰ', 'এটি দুটি এঘাৰটি তৰা', 'ছবি আৰু স্কেল', 'সম্ৰাট', 'ৰাৱণ' আৰু 'মোৰ আৰু পৃথিৱীৰ'।

(৫৮৬) কোনখন উপন্যাসৰ বাবে, কিমান চনত নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'ককাদেউতাৰ হাড়', ১৯৭৫ চনত।

(৫৮৭) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'আমাৰ পৃথিৱী'।

(৫৮৮) সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈ।

(৫৮৯) অসমৰ সৰস্বতী আখ্যা কাক দিয়া হয়?
উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈক।

(৫৯০) নিৰ্মলপ্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: 'জলপদ্ম', ২০০১ চন।

(৫৯১) নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ: 'জীৱন জীৱন বৰ অনুপম'।

(৫৯২) নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্যিক ছদ্মনাম কি?
উত্তৰ: নীলা বাইদেউ।

(৫৯৩) নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনৰ নাম লিখা।
উত্তৰ: 'সোণবৰণীয়া আই' আৰু 'সুৰীয়া মাত'।

(৫৯৪) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'সুদীৰ্ঘ দিন আৰু ঋতু' পুথিৰ বাবে, ১৯৮৩ চনত।

(৫৯৫) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তৰ: 'বন ফৰিঙৰ ৰং'।

(৫৯৬) ড০ নিৰ্মল প্ৰভা বৰদলৈৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: 'বন ফৰিঙৰ ৰং' আৰু 'দিনৰ পাছত দিন'।

(৫৯৭) ড০ হীৰেণ গোহাঞিৰ ছদ্মনাম কি?
উত্তৰ: নিৰঞ্জন ফুকন।

(৫৯৮) 'ৰূপৰ টিলিঙাৰ মাত' কবিতা সংকলনৰ ৰচক কোন?
উত্তৰ: মহেন্দ্ৰ বৰা।

(৫৯৯) 'গোলাপী জামুৰ লগ্ন' কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰ: নীলমণি ফুকন (কনিষ্ঠ)।

(৬০০) নীলমণি ফুকনে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'কবিতা' নামৰ কবিতা পুথিখনৰ বাবে, ১৯৮১ চনত।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...