28/10/2021

শিশু মনোবিজ্ঞানৰ ১০০টা প্ৰশ্ন-উত্তৰ

১) বীৰপূজা বিকাশৰ কোনটো স্তৰৰ লগত জড়িত ?

উঃ বয়ঃসন্ধিকাল ।

২) বয়ঃসন্ধিকালক ধুমুহা আৰু উৎপীড়নৰ কাল বুলি কোনে কৈছিল ?

উঃ ষ্টেন্‌লিহ’লে ।

৩) শৈশৱকালৰ এটা বৈশিষ্ট লিখা ।

উঃ অনুকৰণপ্রিয়তা ।

৪) Adolescence শব্দটো কি ভাষাৰ পৰা আহিছে ?

উঃ জার্মান ভাষাৰ পৰা ।

৫) টিনেজাৰছ সময় বুলিলে কোনচোৱা সময়ক বুজা যায় ?

উঃ ১৩ ৰ পৰা ১৯ বছৰলৈকে ।

৬) বয়ঃসন্ধিকাল সময় কোনছোৱা ?
উঃ ১২ ৰ পৰা ১৮ বছৰলৈকে ।

৭) অন্তঃমুখী ব্যক্তিত্বৰ এটা উদাহৰণ দিয়া ।

উঃ নিজৰ মাজত ব্যস্ত হৈ থকা ।

৮ ) মানসিক স্বাস্থ্য বুলিলে কি বুজা যায় ?

উঃ ব্যক্তিৰ মানসিক অবস্থা ।

৯) সমযোজন শব্দটো প্রথম কোনে ব্যৱহাৰ কৰিছিল ?

উঃ ডাৰউইনে ।

১০) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদেশ্য কি?

উঃ ব্যক্তিক উপযুক্ত পৰিবেশৰ লগত সমযোজন কৰা ।

১১) বয়ঃসন্ধিকালৰ ব্যক্তিত্ব বিষয়ক ঘাই সমস্যা কি?

উঃ নিচাসক্তি ।

১২) “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহৰ সক্রিয় অৱস্থা” – উক্তিটো কোনে আগবঢ়াইছিল ?

উঃ মেকডুগলে ।

১৩) আগ্রহৰ ফলত মনোযোগৰ পৰিমাণ কমে / বাঢ়ে ?

উঃ বাঢ়ে ।

১৪) ইংৰাজী Interest শব্দটো উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

উঃ লেটিন ভাষাৰ পৰা ।

১৫) অভ্যাস ব্যক্তিৰ _________ আচৰণ ।

উঃ আর্জিত আচৰণ ।

১৬) বুদ্ধিৰ প্রথম অভীক্ষা কিমান চনত উদ্ভাবন হৈছিল ?

উঃ ১৯০৫ চনত ।

১৭) বুদ্ধি পৰিমাপনৰ প্রথম অভীক্ষাটো কোনে উদ্ভাবন কৰিছিল ?

উঃ আলফ্রেড বিনে ।

১৮) ব্যক্তিত্বৰ ইংৰাজী প্রতিশব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে ?

উঃ Persona.

১৯) I.Q ( Intelligence Quotient) ৰ ধাৰণাটো পোনপ্রথমে কোনে প্রয়োগ কৰিছিল ?

উঃ টাৰমেনে ।

২০) বক্তিৰ মানসিক বয়স নির্ধাৰণৰ ধাৰণাটো কোনে বিকাশ কৰিছিল ?

উঃ বিনে চাইমনে ।

২১) কার্ল য়ুঙে ব্যক্তিত্বক কোন দুটা প্রধান ভাগত ভাগ কৰিছিল ?

উঃ বর্হিমুখী আৰু অন্তর্মুখী ।

২২) শিক্ষকৰ শিক্ষণ প্রক্রিয়াত কি কি কৌশল থাকিব পাৰে ?

উঃ জ্ঞান, বোধ, প্রয়োগ, বিশ্লেষণ, সংশ্লেষণ ।

২৩) বুদ্ধাংকৰ পৰিমাণ ১১০-১৪০ ৰ ভিতৰত থকা শিশুসকলক কি বুলি কোৱা হয় ?

উঃ প্রতিভাবান শিশু ।

২৪) মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন আছিল ?

উঃ ডব্লিউ বিয়াৰ ।

২৫) সামাজিক উদ্দীপনাসমূহৰ প্রতি ব্যক্তিৰ বৈশিষ্টপূর্ণ প্রতিক্রিয়া আৰু পৰিবেশৰ সামাজিক গাঠঁনিৰ প্রতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব”- উক্তিটো কাৰ ?

উঃ আলপর্টৰ ।

২৬)ব্যক্তিত্ব মানে কি ?

উঃ ব্যক্তিৰ দৈহিক- মানসিক অৱস্থাৰ গুণাত্মক প্রকাশকেই হৈছে ব্যক্তিত্ব ।

২৭) ব্যক্তিত্বক প্রভাবিত কৰা উপাদান বা কাৰক সমূহক কেইটা ভাগত ভগাব পাৰি ?

উঃ ৪ টা ভাগত ।

২৮) ব্যক্তিত্বক পৰিমাপ কৰিব পাৰিনে ?

উঃ ভিন্ন সংলক্ষণ বিশ্লেষণ কৰি পৰীক্ষাহে কৰিব পাৰি ।

২৯) ব্যক্তিত্ব পৰিমাপ কৰি বটল লওঁতে এবিধ কাঠি (Scale) ব্যবহাৰ কৰা হয় । কাঠিবিধৰ নাম কি ?

উঃ সূচাংক কাঠি ।

৩০) মানৱ প্রচেষ্টাৰ দর্শনীয় পৰিণতি কি হ'ব পাৰে ?

উঃ ব্যক্তিত্ব ।

৩১) ব্যক্তিয়ে সমযোজন প্রতিষ্ঠা কৰিবলৈ কোনটো দিশত প্রথমেই গুৰুত্ব দিব লাগিব ?

উঃ সামাজিক দিশ ।

৩২) ব্যক্তিৰ মানসিক জীৱনৰ ৰচনা আৰু প্রস্তুতি কাল বুলি ক'লে কোনটো কালক বুজায় ?

উঃ শৈশৱ কাল ।

৩৩) বর্তমান সময়ত শিশুৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ ক্ষেত্রত কি দিশে বাধা দিছে ?

উঃ গণ-মাধ্যমে ।

৩৪) শিক্ষকৰ কোনটো মানসিক অসুস্থতাৰ বাবে সমাজত হেয় প্রতিপন্ন হ'ব লগীয়া হয় ?

উঃ শিক্ষকতাৰ প্রতি বিতৃষ্ণা চৰিত্র ।

৩৫) বিদ্যালয়ৰ মানসিক সু-স্বাস্থ্য অটুট ৰাখিবলৈ শিক্ষক হিচাপে প্রথমে কি কৰা উচিত ?

উঃ বিকাশৰ সকলোবোৰ সুস্থ প্রভাবৰ সমাবেশ ঘটোৱা ।

৩৬) “Teen age” বুলি ক'লে ব্যক্তিৰ বিকাশৰ কোনটো স্তৰক জনা হয় ?

উঃ কৈশোৰ কালক ।

৩৭) এটা শিশুৰ লিখা, পঢ়া, মনত ৰখা, দলীয় আচৰণ প্রদর্শন কৰাত কি দিশে সহায় কৰে ?

উঃ নির্দেশনা ।

৩৮) শিক্ষাৰ বিকাশৰ ক্ষেত্রত কিয় নির্দেশনাৰ প্রয়োজন ?

উঃ অপচয় আৰু স্থবিৰতা নহ'বৰ বাবে ।

৩৯) নির্দেশনা আৰু পৰামর্শ প্রদানেৰে বিদ্যালয়ৰ শিক্ষার্থীৰ বাবে কি সেৱা আগবঢ়াব পাৰি ?

উঃ অনুশীলনৰ বিকাশ ঘটাব পাৰি ।

৪০) বিদ্যালয়ত নির্দেশনা আৰু পৰামর্শদানৰ ক্ষেত্রত প্রথম পদক্ষেপ কাৰ ওচৰত ন্যস্ত থাকে ?

উঃ শিক্ষকৰ ওচৰত ।

৪১) শিশুৰ বিকাশৰ বিপদাপন্ন ক্ষণ সমূহক সহৃদয়তাৰে নির্মূল কৰাত প্রথম মাধ্যম হিচাপে কোনটো দিশক ল’ব পাৰো ?

উঃ ঘৰখন ।

৪২) “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা”- উক্তিটো কাৰ ?

উঃ মেকডুগেলৰ ।

৪৩) মানুহৰ বিমুর্ত চিন্তা কৰিব পৰা মানসিক দক্ষতাক এটা শব্দত কি বুলি কোৱা হয় ?

উঃ বুদ্ধি ।

৪৪) বর্তমান মনোবিজ্ঞানী সকলে বুদ্ধিক Intelligent শব্দৰ পৰিবর্তে আন এটা শব্দৰে চিহ্নিত কৰে । শব্দটো কি ?

উঃ অভিবৃত্তি (Aptitude)

৪৫) বুদ্ধিৰ দ্বি-কাৰক তত্বৰ আৱিস্কাৰক কোন ?

উঃ স্পিয়েৰমেন ।

৪৬) বুদ্ধি পৰীক্ষাৰ পথ প্রদর্শক বুলি কাক কোৱা হয় ?

উঃ বিনেইক ।

৪৭) মানুহৰ বিকাশ আৰু উন্নতিৰ পথ সুগম কৰাত প্রথম কোনে ইন্ধন যোগায় ?

উঃ শিক্ষণে ।

৪৮) “শিক্ষণ হৈছে এক ক্রমাগত আৰু বিৰামহীন প্রচেষ্টা”- কথাষাৰ সচাঁনে ?

উঃ সঁচা ।

৪৯) শিক্ষণ হৈছে “অভিজ্ঞতা আৰু প্রশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা ব্যবস্থা”- কোনে কৈছিল ?

উঃ গেইটছে ।

৫০) শিক্ষণৰ সংযোগবাদ তত্বটো কোনে উদ্ভাবন কৰিছিল ?

উঃ এডৱার্ড লি থর্নডাইকে ।

৫১) শিকন অক্ষমতা থকা শিক্ষার্থীক দৈনিক কি ব্যবস্থা কৰিব লাগিব?

উঃ শ্রুতলিপি ।

৫২) আচৰণজনিত সমস্যাগ্রস্ত শিশুক কেনেকৈ শুদ্ধ পথলৈ আনিব পৰা যায় ?

উঃ নিৰ্দিষ্ট সময় তালিকাৰে ।

৫৩) শিক্ষণক ফলপ্রসু কৰি তুলিবৰ বাবে আমি প্রত্যেকে এক মনে এক ধ্যানে উপস্থিত হ'ব লাগিব । কেনেকৈ ?

উঃ শুদ্ধ গঠনমূলক দৃষ্টিভংগীৰে ।

৫৪) শিক্ষন সম্ভব হ’ব একমাত্র —–

উঃ শুদ্ধ কর্ম আচঁনিৰে ।

৫৫) শিক্ষকে কোনো এটা বিষয়ৰ সমস্যা সমাধান পুংখানুপুংখভাবে জানিবলৈ হ’লে অধ্যয়ন কৰিব লাগিব । ইয়াক মনোবৈজ্ঞানিক ভাষাত কি বুলি কয় ?

উঃ সংক্ষেপ বিৱৰণ ।

৫৬) শিক্ষণ ব্যবস্থাৰ যোগেদি শিক্ষণ কৌশল সক্রিয় কৰি তোলাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ কি পথেৰে আগবাঢ়িব লাগিব ?

উঃ নিদানমূলক শিক্ষা ।

৫৭) শিক্ষা ব্যবস্থাত প্রকল্প পদ্ধতি কোনে প্রথম ব্যবহাৰ কৰিছিল ?

উঃ জন একাউৰিয়ে ।

৫৮) প্রকল্প পদ্ধতিৰ মূল উদেশ্য কি ?

উঃ কর্মৰ দ্বাৰা শিক্ষা ।

৫৯) শ্রেণীকোঠাত পাঠদানৰ কোনটো পদ্ধতি অধিক ফলপ্রসু ?

উঃ প্রত্যক্ষ প্রামাণিক পদ্ধতি ।

৬০) এটি শ্রেণীকোঠাত প্রবেশ কৰি শিক্ষকজনে প্রথম কি দিশত চকু দিব লাগিব ?

উঃ বহাৰ ব্যবস্থাপনা ।

৬১) বিষয়বস্তু উপস্থাপনৰ আগতে শিক্ষকজনে কি কৰা উচিত ?

উঃ পূর্ব জ্ঞানৰ ধাৰণা ।

৬২) শিশুকেন্দ্রিক শিক্ষা ব্যবস্থাত শিশুৰ অভিৰুচিত কৰিবলৈ কি পন্থা হাতত লোৱা উচিত ?

উঃ আনন্দদায়ক পদ্ধতি ।

৬৩) TLM মানে কি ?

উঃ শিক্ষণ শিকন সঁজুলি ।

৬৪) শ্রেণীকোঠাত শিশুৰ অপৰাধ প্রবণতা কোনে ৰোধ কৰে ?

উঃ শিক্ষকে ।

৬৫) ঘৰত শিশুৰ অপৰাধ প্রবণতা কোনে ৰোধ কৰে ?

উঃ অভিভাবকসকলে ।

৬৬) কিশোৰৰ অপৰাধ প্রবণতা নিৰাময়যোগ্য হয়নে ?

উঃ হয় ।

৬৭) এজন ব্যক্তিৰ জীৱনত Guidance and Counseling ৰ নিদিষ্ট সময়লৈকে প্রয়োজন আছে নেকি ?

উঃ নহয়, ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে ইয়াৰ প্রয়োজন আছে ।

৬৮) Guidance and counseling ৰ লগত জড়িত দুজন ব্যক্তিৰ নাম লিখা ।

উঃ আর্থাৰ জে জনচন আৰু মৰিচ ।

৬৯) শিক্ষকে কেনেদৰে অপৰাধ প্রবণতা ৰোধ কৰা উচিত ?

উঃ ভালদৰে সমস্যা অনুধাৱনৰ জড়িয়তে ।

৭০) কোনজন মনোবৈজ্ঞানিকে আচৰণবাদক মনোবিজ্ঞানৰ নতুন ধাৰা হিচাপে প্রতিষ্ঠা কৰিছিল ?

উঃ জে বি বাটচনে ।

৭১) শ্রেণীকোঠাত শিক্ষণক ফলপ্রসু কৰি তোলাৰ প্রধান মাধ্যমটো কি ?

উঃ মাতৃভাষা ।

৭২) শ্রেণীকোঠাত পাঠদানৰ সময়ত শিক্ষকে ছাত্র-ছাত্রীসকলৰ পৰা কেনে ধৰণৰ আচৰণ আশা কৰে ?

উঃ সক্রিয় অংশগ্রহণ ।

৭৩) শ্রেণীকক্ষত কোনো নতুন বিষয়ৰ পাঠ অৱতাৰণা কৰোতে শিক্ষকে গ্রহণ কৰিব লগীয়া নীতিতো কি ?

উঃ জনাৰ পৰা নজনালৈ গতি কৰা ।

৭৪) কি শিক্ষা পদ্ধতিৰ দ্বাৰা শিক্ষার্থীয়ে অধিক সোনকালে, কার্যক্ষমভাবে শিক্ষা গ্রহণ কৰিব পাৰে ?

উঃ আত্মকর্মমূলক শিক্ষা নীতিৰ দ্বাৰা ।

৭৫) শিক্ষার্থীয়ে শ্রেণীকক্ষত সম্পাদন কৰা লিখিত কার্যৰ পৰীক্ষা শিক্ষকে কেতিয়া কৰিব ?

উঃ লিখিত কার্য সমাপ্ত হোৱাৰ লগে লগে ।

৭৬) শিক্ষার্থীৰ কৃতকার্যতাৰ মূল্যায়ন কৰাৰ আটাইতকৈ উত্তম ব্যবস্থাটো কি ?

উঃ মাহেকীয়া পৰীক্ষা ।

৭৭) শিশুৰ বাবে প্রথম কিণ্ডাৰ গার্ডেন স্কুলৰ স্থাপন বার্তাজন কোন আছিল ?

উঃ ফ্রেডৰিক ফ্রবেল ।

৭৮) এজন শিক্ষকৰ প্রকৃত কার্য কি?

উঃ শিক্ষার্থীৰ অন্তনিহিত প্রতিভাসমূহৰ সর্বাত্মক বিকাশ ঘটোৱা ।

৭৯) শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উঃ পেষ্টালজিক ।

৮০) সকলো মনোবৈজ্ঞানিক তথা বৈজ্ঞানিক অধ্যয়নৰ প্রধান পদ্ধতিটো কি?

উঃ পর্যবেক্ষণ পদ্ধতি ।

৮১) শিক্ষাৰ অভিজ্ঞতা নীতিৰ অর্থ কি ?

উঃ সামন্ত্রীকৰণ ।

৮২) বিদ্যালয়ৰ শ্রেষ্ঠ অভিৰোচকজন কোন ?

উঃ বিষয় শিক্ষক ।

৮৩) মনোবিজ্ঞানক চেতনাৰ বিজ্ঞান হিচাপে অভিহিত কৰা প্রাচীন মনোবিদ সকলে মন সম্বন্ধে অধ্যয়নৰ বাবে নির্ভৰ কৰা পদ্ধতিটো কি আছিল ?

উঃ অন্তদর্শন পদ্ধতি ।

৮৪) নতুন শিক্ষা ব্যবস্থাৰ এটা বৈশিষ্ট উল্লেখ কৰা ।

উঃ বিষয় শিক্ষাতকৈ শিশুকেন্দ্রিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব ।

৮৫) চিত্রাংকন আৰু আর্হি প্রস্তুতকৰণ শিক্ষণৰ কোনটো পাঠৰ অন্তৰ্গত ?

উঃ কৌশলগত পাঠৰ ।

৮৬) পাঠ পৰিকল্পনা কি ?

উঃ শিক্ষাদানৰ পূর্বে শিকাব লগীয়া বিষয়ৰ অধ্যয়ন ।

৮৭) শিক্ষা জগতলৈ মনোবিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূর্ণ অৱদান কি ?

উঃ শিশুকেন্দ্রিক শিক্ষা ।

৮৮) প্রাণী মনোবিজ্ঞানৰ আন এটা নাম কি ?

উঃ তুলনামূলক মনোবিজ্ঞান ।

৮৯) কৈশোৰ অবস্থাত দেখা দিয়া বেছিভাগ প্রৱণতা কিহৰ ফলত সৃষ্টি হয় ?

উঃ দলীয় প্রভাব তথা উদ্দীপনাৰ ফল ।

৯০) কার্যত্মক অনুবন্ধনৰ সৈতে জড়িত ব্যক্তিজন কোন ?

উঃ স্কিনাৰ ।

৯১) ব্যক্তিৰ আচৰণ নির্ধাৰণ কৰা অভিপ্রায়জনিত উপদান সমূহ কি কি?

উঃ পিয়াহ, ভোক, টোপনি ।

৯২) শ্রেণীকক্ষৰ মনোবৈজ্ঞানিক দিশৰ ব্যবস্থাপনাৰ দায়িত্বত থকা ব্যক্তিজন কোন ?

উঃ শ্রেণী শিক্ষক ।

৯৩) শিক্ষাদানৰ ক্ষেত্রত শিক্ষকে লবলগীয়া প্রথম পদক্ষেপটো কি?

উঃ শিক্ষার্থীৰ ঘৰুৱা অৱস্থাৰ বুজ লোৱা ।

৯৪) মেডাম মেৰীয়া মণ্টেছৰী কোন দেশৰ মহিলা আছিল ?

উঃ ইটালীৰ ।

৯৫) শ্রেণীকক্ষৰ নিয়মানুৱর্ত্তিতা বর্তাই ৰাখিবলৈ শিক্ষক হিচাপে তুমি কি কৰিবা ?

উঃ শিক্ষার্থীৰ প্রয়োজন আৰু আগ্রহ থকা বিষয় অৱতাৰণা ।

৯৬) শ্রেণীকক্ষত যদি কোনো শিক্ষার্থীয়ে অভদ্র আচৰণ কৰি শ্রেণীটোৰ পাঠদানত ক্ষতি কৰে তেন্তে তুমি কি কৰিবা ?

উঃ নিজৰ কোঠালৈ মাতি নি সমস্যাটো বুজিবলৈ চেষ্টা কৰা ।

৯৭) শ্রেণীকক্ষত যদি শিক্ষকে বুজোৱা বিষয় শিক্ষার্থীয়ে বুজি নাপায় তেন্তে শিক্ষকে কি কৰা উচিত ?

উঃ পাঠটো অধিক উদাহৰণৰ সৈতে পুনৰ বুজাবলৈ চেষ্টা কৰা উচিত ।

৯৮) ভাল পাঠ্যক্রমৰ গুৰুত্বপূর্ণ উপাদান কি ?

উঃ বিষয় আৰু প্রশ্ন ।

৯৯) পাঠক্রমে শিক্ষার্থীক ক’ত জীয়াই থকাৰ উপযোগী কৰি তোলে ?

উঃ বিশাল সমাজত ।

১০০) “প্রচেষ্টা আৰু ভুল” পদ্ধতিটো শিক্ষণৰ কোনটো তত্বৰ লগত জড়িত ?

উঃ সংযোজনবাদ তত্বৰ লগত ।

No comments:

Post a Comment

Lachit Borphukan (The great Hero of Assam) (অসমীয়া অনুবাদ)

Lachit Borphukan  লাচিত বৰফুকন (The great Hero of Assam ) (অসমৰ মহান বীৰ)     The Hindu civilization has given birth to many sages and warri...